নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজধানী এক্সপ্রেছৰ খুন্দাত প্রাপ্তবয়স্ক বন্যহস্তীৰ কৰুণ মৃত্যু

নিয়মীয়া বাৰ্তা, ১২ ডিচেম্বৰঃ ৰাজ্যৰ ভিন্ন প্রান্তত হস্তী–মানুহৰ সংঘাত অব্যাহত থকাৰ সমান্তৰালকৈ বনৰীয়া হাতীৰ কৰুণ মৃত্যুৰ ঘটনাও দিনক দিনে বৃদ্ধি পাব ধৰিছে৷ পুৱতিনিশা মহানগৰীৰ চন্দ্রপুৰৰ পাণবাৰীৰ কুৰকুৰীয়াত এটি প্রাপ্তবয়স্ক দঁতাল হাতীৰ ৰে’লৰ খুন্দাত কৰুণ মৃত্যু হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্য বিৰাজ কৰিছে৷

স্থানীয় লোকৰ পৰা জানিব পৰা মতে, পুৱতিনিশা প্রায় ৩.৩০ বজাত উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ গুৱাহাটী–লামডিং ডিভিজনৰ পাণবাৰীৰ কুৰকুৰীয়াত উজনিমুৱা দ্রুতবেগী ৰাজধানী এক্সপ্রেছৰ খুন্দাত বন্যহস্তীটোৰ মৃত্যু হয়৷ পিছত এই কথা জানিব পাৰি ঘটনাস্থলীত স্থানীয় লোক উপস্থিত হৈ বন বিভাগক খবৰ দিয়ে আৰু বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হয়৷

বন বিভাগৰ লোকৰ পৰা জানিব পৰা মতে গুৱাহাটী চিৰিয়াখানাৰ পৰা অহা চিকিৎসকৰ দলে হাতীটোৰ মৰণোত্তৰ পৰীক্ষা কৰাৰ পিছত সমাধিস্থ কৰা হয়৷ কালি নিশা আমচাং অভয়াৰণ্যৰ পৰা এটি বন্যহস্তীৰ জাক খাদ্যৰ সন্ধানত ভৈয়ামলৈ নামি আহিছিল আৰু বন বিভাগৰ লোকে হাতীৰ জাকটোক খেদি পঠিয়াইছিল যদিও ইয়াৰে এটা হাতী পুনৰ অভয়াৰণ্যৰ পৰা ভৈয়ামলৈ উভতি আহে আৰু ৰে’লৰ খুন্দাত মৃত্যু হয়৷ তদুপৰি যি ঠাইত বন্যহস্তীটোৰ মৃত্যু হৈছে, সেই ঠাইত সঘনাই হাতী অহা–যোৱা কৰি থাকে৷ গতিকে উক্ত স্থানত ৰে’ল বিভাগৰ পহৰাৰ ব্যৱস্থা কৰিব লাগে বুলি স্থানীয় ৰাইজে দাবী উত্থাপন কৰে৷

You might also like