কাছাৰ জিলাৰ উধাৰবন্দ সমষ্টিৰ অন্তৰ্গত আৰকাটিপুৰ চাহ বাগিচাত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। ফুটবল খেলি পথাৰৰ কাষৰে এটা নলাত গা ধুবলৈ গৈ পানীত বুৰ গৈ অকাল মৃত্যুক সাবটি ল’লে এজন যুৱকে। মৃত যুৱকজনক স্থানীয় বাসিন্দা প্ৰদীপ দুবি বুলি চিনাক্ত কৰা হৈছে।
প্ৰাপ্ত তথ্য মতে, শনিবাৰে বিয়লি প্ৰদীপে তেওঁৰ বন্ধুসকলৰ সৈতে বাগিচাৰ এখন পথাৰত ফুটবল খেলিছিল। খেল শেষ হোৱাৰ পিছত সকলোৱে মিলি পথাৰখনৰ কাষতে থকা এটা গভীৰ নলাত গা ধুবলৈ নামিছিল।
সকলোৱে পানীত সাঁতুৰি থকা অৱস্থাতে হঠাত্ প্ৰদীপ গভীৰ পানীত ডুব যাবলৈ ধৰে। বন্ধুক বিপদত পৰা দেখি সতীৰ্থসকলে বাঁহ এডাল আগবঢ়াই দি প্ৰদীপক উদ্ধাৰ কৰিবলৈ চেষ্টা চলাইছিল যদিও মুহূৰ্তৰ ভিতৰতে তেওঁ পানীত নিৰুদ্দেশ হৈ পৰে।
যুৱকজন পানীত সন্ধানহীন হোৱাৰ পিছতে বন্ধুৱে কৰা চিঞৰ-বাখৰ শুনি স্থানীয় ৰাইজ ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে। প্ৰায় কেইবা ঘণ্টা জোৰা অভিযানত পিছত যুৱকজনক পানীৰ পৰা অচেতন অৱস্থাত উদ্ধাৰ কৰা হয়।
আৰু ততাতৈয়াকৈ তেওঁক উধাৰবন্দ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে যুৱকজনক মৃত বুলি ঘোষণা কৰে। এই কৰুণ ঘটনাই সমগ্ৰ আৰকাটিপুৰ চাহ বাগিচা অঞ্চলত গভীৰ শোকৰ ছাঁ পেলাইছে।
ডিজিটেল ডেস্ক, ১৭ মে’