নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দলগাঁৱত ওৰাঙৰ গঁড়ৰ মুক্ত বিচৰণক লৈ আতংক

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিল: দৰঙৰ দলগাঁৱত শনিবাৰে পুৱাৰে পৰা দুটা গঁড়ে আতংকৰ সৃষ্টি কৰে৷ গঁড়ৰ আক্রমণত এজন লোক আহত হয়৷ ওৰাং ৰাষ্ট্রীয় উদ্যানৰ পৰা জনাৰণ্যলৈ ওলাই অহা গঁড় দুটাৰ এটা ১৫নং ৰাষ্ট্রীয় ঘাইপথৰ তিনি কিলোমিটাৰ উত্তৰে গদাইঝাৰ গাঁৱলৈ আৰু আনটো দক্ষিণে ৰুহিনিকাষ গাঁৱলৈ সোমাই খেতিপথাৰত বিচৰণ কৰি থাকোতে ৰাইজৰ চকুত পৰে৷

তাৰ পিছতেই এই খবৰ বিয়পি পৰাত দুয়োপিনে জনস্রোত ব’বলৈ ধৰে৷ গড দুটাই অঞ্চলটোত খেতি –বাতি বিনষ্ট কৰাই নহয় অনেকৰ পিনে চোঁচা লৈ আতংকৰ সৃষ্টি কৰে৷ গদাইঝাৰ গাঁৱত গঁড়ৰ আক্রমণত জনপ্রীয় টিউটৰ ছমছেৰ আলী (৫০) গুৰুতৰভাৱে আহত হয়৷ আহত ছমছেৰক মঙলদৈ চিভিল হাস্পতালৰ পৰা তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ উন্নত চিকিৎসাৰ বাবে নিয়া হয়৷

বন বিভাগৰ বৃহৎ বাহিনীয়ে আৰক্ষী, চি আৰ পি এফৰ জোৱান মোতায়েন কৰি গঁড দুটা খেদি নিবলৈ চেষ্টা কৰি বিফল হয়৷ গদাইঝাৰ গাঁৱত এটা গঁড়ক ড্রেংকুলাইজাৰ কৰি হাতী, ক্রেং, ড্রাক আদিৰ সহায়ত ওৰাঙলৈ নিয়া হয়৷ আনহাতে ৰুহিনীকাষ গাঁৱৰটো এটা দ’ পুখুৰীত আছে৷

You might also like