নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত অচিন ৰোগত আক্ৰান্ত ৮জন, মৃত্যু ২

নিয়মীয়া বাৰ্তা, ৩ ডিচেম্বৰঃ ক’ৰোনা মহামাৰীৰ মাজতে জোনাইত অচিন ৰোগে চলাইছে সন্ত্ৰাস৷ জানিব পৰা মতে, এই অচিন ৰোগে জোনাইৰ দুজনকৈ লোকৰ প্ৰাণ কাঢ়ি নিলে৷ জোনাই মহকুমাৰ অতি পিছপৰা চিলে গাঁও পঞ্চায়তৰ বাহিৰ চিলেৰ উকিৰাম নৰহৰ পুত্ৰ প্ৰসন্ন নৰহ (৩০), মনেশ ঙাতেৰ পুত্ৰ বিজয় ঙাতে (১৭) নামৰ লোক দুজনৰ মৃত্যু হয়৷

অস্বাভাৱিকভাৱে লোক দুজনৰ মৃত্যুৰ ঘটনাক লৈ অঞ্চলটোৰ সাধাৰণ লোকসকলৰ মাজত আতংকৰ পৰিৱেশে বিৰাজ কৰিছে৷ ভৰি-হাতৰ দুৰ্বলতা, খোজ কঢ়াত অসুবিধা, বমিৰ লক্ষণে দেখা দিয়া এই ৰোগত আক্ৰান্ত হোৱা দুজনে আকস্মিক মৃত্যুক আঁকোৱালি লয়৷ অচিন ৰোগত আক্ৰান্ত ৰোগীসকলক ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা কৰা হৈছিল যদিও কোনোধৰণৰ সুফল পাবলৈ সক্ষম হোৱা নাই৷

বৰ্তমানেও জোনাইৰ বাহিৰ চিলে গাঁৱৰ ছয়জনকৈ লোক ক্ৰমে নিৰ্জোৰাম ৰেগৰ পুত্ৰ নিলেছ ৰেগন(১৭), ৰামায়ণ পেগুৰ পুত্ৰ জনাৰ্ধন পেগু(২০), মণিকান্ত ঙাতেৰ পুত্ৰ মনোজ ঙাতে(২৯), অতুল ৰেগনৰ পুত্ৰ ৰবিন ৰেগন(২৪), কলেচন ৰেগনৰ পুত্ৰ প্ৰমনাথ ৰেগন(২৪), চেনিৰাম নৰহৰ পুত্ৰ প্ৰশান্ত নৰহ(১২) নামৰ লোককেইজন এমাহ ধৰি অচিন ৰোগত আক্ৰান্ত হৈ থকা বুলি জানিব পৰা গৈছে৷ চিকিৎসা বিজ্ঞানীয়েও এই অচিন ৰোগৰ বিষয়ে ভালদৰে জানিবলৈ সক্ষম হোৱা নাই৷

চিকিৎসা বিজ্ঞানৰ বিফলতাৰ পিছত নেদেখাজনৰ ওচৰত জীৱনৰ ভিক্ষা মাগিব লগা হৈছে এইসকল লোকে৷ আনহাতে এই অচিন ৰোগৰ ক্ষেত্ৰত উন্নত চিকিৎসা ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে কাৰ্যকৰী ব্যৱস্থা ল’বলৈ স্থানীয় লোকে দাবী জনাইছে৷

You might also like