নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাৰ মিচিগান আৰু নিউয়ৰ্ক বিশ্ববিদ্যালয়লৈ আমন্ত্ৰিত নগাঁৱৰ ড‍০ মাদ্ৰী কাকতি

বিশেষ বাৰ্তা, ২৯ মাৰ্চঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিচিগান ইউনিভাৰ্ছিটি আৰু নিউয়ৰ্ক ইউনিভাৰ্ছিটিলৈ আন্তৰ্জাতিক ছেমিনাৰৰ বাবে ড০ মাদ্ৰী কাকতি আমন্ত্ৰিত হৈছে। এপ্ৰিল মাহৰ দুই তাৰিখৰ পৰা অনুষ্ঠিত হ’ব লগা মিচিগান ইউনিভাৰ্ছিটিত “সামাজিক মাধ্যম আৰু ভাৰতীয় সমাজ” ( Social Media and Society in India) শীৰ্ষক বক্তৃতা প্ৰদানৰ বাবে বিশ্বৰ আগশাৰীৰ বুদ্ধিজীৱী বক্তাৰ লগতে মাদ্ৰী কাকতিয়েও এগৰাকী ব্যংগকাৰ হিচাপে অংশগ্ৰহণ কৰিব। আনহাতে ৪ এপ্ৰিল তাৰিখে নিউয়ৰ্ক ইউনিভাৰ্ছিটিত অনুষ্ঠিত হ’ব লগা “ভাষা, ভাষাতত্ত্ব আৰু ব্যঙ্গ” (Language, Linguistic and Satire) বিষয়ৰ ওপৰত মাদ্ৰী কাকতিয়ে বক্তৃতা প্ৰদান কৰিব। লগতে নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ দক্ষিণ এছিয়াৰ ছাত্ৰসকলৰ লগত মুখামুখিৰ এক বিশেষ অনুষ্ঠানত তেওঁ অংশগ্ৰহণ কৰিব। নগাঁৱৰ জীয়াৰী মাদ্ৰী কাকতি বৰ্তমান লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ ভাষাতত্ত্ব বিভাগৰ অধ্যাপিকা।

প্ৰেৰক কনক হাজৰিকা

You might also like