নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুণ্যাৰ্থীৰ খদমদমেৰে অশোকাষ্টমীত লোকাৰণ্য ধুবুৰী

নিয়মীয়া বাৰ্তা, ২৯ মাৰ্চঃ অশোকাষ্ট’মী স্নানক লৈ জনসমুদ্ৰত পৰিণত হয় ধুবুৰী। হিন্দু লোকবিশ্বাস অনুসৰি অশোকাষ্টমীৰ দিনা বৰলুইতত গা ধুলে পাপ খণ্ডন হয়। সেই বিশ্বাসেৰে অষ্ট’মী স্নান কৰিবলৈ যোৱাকালি সন্ধিয়াৰ পৰাই ধুবুৰীলৈ আগমণ ঘটিবলৈ লয় দূৰণিটনীয়া ৰাইজৰ। ধুবুৰীৰ বিভিন্ন অঞ্চলকে ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ উপৰিও চুবুৰীয়া পশ্চিমবংগ আৰু মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ পৰা ওৰে নিশা ধুবুৰীলৈ ভক্তপ্ৰাণ ৰাইজৰ সোঁত অব্যাহত থকা দেখা যায়। বাহিৰৰ পৰা অহা সেই পূণ্যাৰ্থীসকলৰ বাবে ঐতিহ্যমণ্ডিত কালিবাৰী, কেশৱ সেৱা সমিতি, হিন্দু জাগৰণ মঞ্চ আদিকে ধৰি স্থানীয় অন্যান্য অনুষ্ঠান-প্ৰতিষ্ঠানে বিনামূলীয়া কৈ থকা-মেলাৰ ব্যৱস্থা কৰে। পূণ্যাৰ্থীৰ সংখ্যালৈ চাই প্ৰশাসনে ধুবুৰীৰ স্থানীয় কেইখনমান চৰকাৰী বিদ্যালয়তো তেওঁলোকক ৰখাৰ ব্যৱস্থা কৰিবলগীয়া হয়। ইপিনে আজি ঢল পুৱাৰ পৰা ধুবুৰীৰ চহৰৰ বৰলুইতৰ পাৰঘাটবোৰ লোকাৰণ্য হৈ পৰে। অশোকাষ্ট’মী স্নানৰ বাবে প্ৰশাসনে নিৰ্দিষ্ট কৰি দিয়া বৰলুইতৰ মেলা ময়দান ঘাট, কাছাৰি ঘাট, পঞ্চুঘাট আৰু বিএছএফ ঘাটত পূণ্যাৰ্থীসকলে সুকলমে মাঙ্গলিক ক্ৰিয়া-কৰ্ম সম্পন্ন কৰে। ইপিনে অশোকাষ্ট’মী স্নানক সৈতে সংগতি ৰাখি যোৱাকালিৰেই পৰা আৰম্ভ হোৱা ধুবুৰী অশোকাষ্ট’মী মেলাথলীত আজি দেখা যায় এক অভূতপূৰ্ব দৃশ্য। আজি পুৱাৰ পৰা দুপৰীয়ালৈ দেখা গ’ল মেলাথলীত ৰাইজৰ বীৰ দি বাট পথ নোপোৱা সদৃশ পৰিৱেশৰ। দৰাচলতে এইবেলিৰ অশোকাষ্ট’মীৰ দিনা অতি পৱিত্ৰ বুলি লোকবিশ্বাস থকা বুধাদিত্য যোগ থকা বাবে পূৰ্বৰ তুলনাত এইবেলি অধিক ভক্তৰ আগমন ঘটাৰ সম্ভাৱনা থকা বুলি পূৰ্ব অনুমান কৰা হৈছিল। কিন্তু দিঠকত গৈ এইবীৰৰ অশোকাষ্ট’মী স্নানত অংশ লবলৈ ধুবুৰীলৈ ২ লাখৰো অধিক পূণ্যাৰ্থীৰ আগমন ঘটিব বুলি অৱশ্যে কোনেও ভৱা নাছিল। উল্লেখ্য যে, প্ৰতি বছৰৰ দৰে অশোকাষ্ট’মীৰ সৈতে সংগতি ৰাখি এইবেলিও আয়োজন কৰা হৈছে ১৫ দিনীয়া এক মেলাৰ। যোৱাকালি বিয়লি ধুবুৰী জিলা উপায়ুক্ত দিৱাকৰ নাথে আনুষ্ঠানিক ভাৱে শুভ-উদ্বোধন কৰে মেলাখনৰ। ধুবুৰী পৌৰসভাৰ প্ৰাক্তন অধ্যক্ষ তথা বিশিষ্ট আইনজীৱী প্ৰয়াত কমল দে বক্সীৰ নেতৃত্বত ১৯৬৯ চনৰ পৰা পৰিকল্পিত ৰূপত আৰম্ভ হোৱা এই মেলাখনে সময়ৰ গতিত বৰ্তমানে এক বিশাল ৰূপ ধাৰণ কৰিছে। এইবেলি নামনি অসমৰ এই প্ৰখ্যাত অশোকাষ্ট’মী মেলাই ৫৩ বছৰত ভৰি দিলে। উল্লেখ্য যে, প্ৰতি বছৰৰ দৰে এইবেলিও মেলাথলীত যোৱা সোমবাৰৰ পৰা আৰম্ভ হৈছে পাঁচদিনীয়া বাসন্তি পূজাও। স্মৰ্তব্য যে, অজিৰ দিনটো অশোকাষ্ট’মী উপলক্ষে স্থানীয় বন্ধৰ দিন ৰূপে ঘোষণা কৰিছিল জিলা উপায়ুক্তই।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like