নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনা-মাজুলী সংযোগী জালভাৰী – সোমদীয়া পথ মেৰামতিৰ দাবীত পথ অৱৰোধ

 

নিয়মীয়া বাৰ্তা, ২৯ মাৰ্চ: নদী দ্বীপ মাজুলীৰে স্বলপথেৰে সংযোগ স্বাপন কৰিব পৰা একমাত্ৰ সুচল পথ “ জালভাৰী সোমদীয়া“ লোকনিৰ্মাণ বিভাগৰ পথটোৰ জৰাজীৰ্ণ অৱস্থাই পথচাৰীৰ লগতে জনসাধাৰণক জীয়াতু ভোগাই অহাৰ পিছতো মেৰামতিৰ কোনো ব্যৱস্থা নকৰাত আজি মাজ জালভাৰী গাওঁৰ ৰাইজে পথটোৰ অতি জৰাজীৰ্ণ অংশত বাঁহ বান্ধি পথ অবৰোধ কৰাৰ লগতে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি পথ মেৰামতিৰ দাবী জনাই ৷ লখিমপুৰ জিলাৰ লোক নিৰ্মাণ বিভাগৰ ঘিলামৰা সংমণ্ডলৰ অন্তগত ঢকুৱাখনা মাজুলী সংযোগী উক্ত পথটোৰেই মাজুলীত নিৰ্মাণ কৰি থকা পথ, দলং আদিৰ বাবে প্ৰয়োজনীয় সকলো বস্তু শিল, বালি, ৰ’ড চিমেণ্ট আদি কঢ়িওৱা শ শ ডাম্পাৰকে ধৰি একাধিক গধুৰ যান বাহন নিতৌ চলাচল কৰা পথটো পুৰ্বাঞ্চল চাপলায়েছ এণ্ড কণ্টেক্টৰচ নামৰ পথ নিৰ্মাণকাৰী সংস্থাটোৱে অলপতে বাৰ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিছিল ৷ কিন্তু অতি নিম্নমানৰ নিৰ্মাণ অংশ কিছুদিনৰ পিছতে বিধ্বস্ত হোৱাত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছিল যদিও বিভাগীয় কত্‌পক্ষৰ হেমাহিত পথটো উপযুক্ত ভাবে নিৰ্মাণ নকৰাত সমগ্ৰ পথটোৱেই জৰাজীৰ্ণ হৈ পৰিছে ৷ তদুপৰি পথটোৰ ভাটি জালভাৰী আৰু মাজ জালভাৰী অংশ সমুহত সৰু বৰ একাধিক পুখুৰীৰ ৰূপ লোৱাত যাতায়তৰ ক্ষেত্ৰত তীব্ৰ সমস্যা স্‌ষ্টি হোৱাৰ লগতে নিতৌ একাধিক দুৰ্ঘটনা সংঘটিত হৈ অহাত স্বানীয় ৰাইজ তথা মাজ জালভাৰী গাঁৱৰ উন্নয়ন সমিতি, যুৱক সংঘ আৰু মহিলা সমিতি আদিয়ে পথটোৰ বিধস্ত অংশ মেৰামতিৰ বাবে প্ৰশাসনক আবেদন নিবেদন জনাই অহাৰ পিছতো কোনো ফল নধৰাত ক্ষুভিত ৰাইজে আজি পথ অৱৰোধ কৰি প্ৰতিবাদ কৰিবলৈ বাধ্য হয় ৷ আজি দুপৰীয়া গাঁও খনৰ শতাধিক পুৰুষ — মহিলা, যুৱক — যুৱতী উলাই আহি পথটোৰ অতি বিধস্ত অংশত বাঁহ বান্ধি প্ৰায় দুঘণ্টা ধৰি পথ অবৰোধ কৰি ৰখাত আবদ্ধ হৈ পৰে শ শ যানবাহন ৷ পিছত প্ৰশাসনিক বিষয়াই পথ অংশ তৎকালীনভাবে মেৰামতিৰ আশ্বাস দিয়াৰ লগতে পথটো পুণৰ নিৰ্মাণৰো ব্যৱস্থা কৰা হৈছে বুলি ৰাইজক আশ্বাস প্ৰদান কৰাত প্ৰতিবাদী ৰাইজে পথ অৱৰোধ কাৰ্যসূচী স্থগিত ৰাখে যদিও পথ নিৰ্মাণত বিলম্ব হলে পুণৰ আন্দোলনৰ কাৰ্যসূচী হাতত লব বুলিও হুংকাৰ দিয়ে প্ৰতিবদী জনতাই ৷

You might also like