নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোত মাটি কঢ়িওৱা ট্ৰেক্টৰৰ দৌৰাত্ম্য : বন আইন ভংগ-নিৰ্বিকাৰ বন বিভাগ

নিয়মীয়া বাৰ্তা, ১৩ জানুৱাৰীঃ ৰাজ্যৰ বন বিভাগৰ বনজ সম্পদৰ লগতে বন আইন ভংগ কৰি কামৰূপ জিলাৰ বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত ভিন্ন প্ৰান্তত চলিছে অবাধ গতিত মাটি খনন। ইফালে বনজ সম্পদ সুৰক্ষিত আইন আৰু বন আইন অনুসৰি চৰকাৰী মাটি খনন কৰা অপৰাধ। চৰকাৰে যিমানেই কঠোৰ অনুশাসন বলবৎ নকৰক কিয় একাংশ অসাধু লোকে চলাই আহিছে বনজ সম্পদৰ ওপৰত লুন্ঠন। উল্লেখ্য যে ; কামৰূপ জিলাৰ বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়াৰ কাৰ্য্যালয়ৰ এলেকাত দিনে নিশাই মুকলি ভাৱে চলি আহিছে অজস্ৰ টেক্টৰৰ দ্বাৰা চৰকাৰী মাটি খনন কাৰ্য্য। এই মাটি খনন কাৰ্য্যৰ লগত জড়িত টেক্টৰৰ দৌৰাত্মই গাওঁ অঞ্চলত সৃষ্টি কৰিছে আহুকাল। বিতৃষ্ট হৈ পৰিছে জনজীৱন। অবৈধ ভাৱে মাটি খনন কৰি টেক্টৰেৰে সৰবৰাহ কৰাৰ ফলত চৌদিশে সৃষ্টি হৈছে ধুলি মাকটি। ধুৱলি কুৱলি হৈ পৰিছে চৌদিশ। ইফালে মাটি কঢ়িওৱা টেক্টৰৰ চলাচলত বিশেষ ভাৱে ক্ষতি হৈছে পথৰ যাতায়াতীৰ। ইফালে নীতি বহি:ভুত ভাৱে বন আইন ভংগ কৰি এক্সকেভেটৰেৰে মাটি কাটি ক্ষতি সাধন কৰিছে গ্ৰাম্য অঞ্চলৰ পথ। বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত হাহাকাৰ সৃষ্টি হৈছে তৎস্বত্তেও কাণষাৰ নাই বন বিভাগৰ। ইফালে চকু মুদা কুলিৰ ভাও ধৰিছে নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়াই। এই ক্ষেত্ৰত বিষয়টো গুৰুত্ব বুজি উৰ্ধতন কৰ্তৃপক্ষক নজৰ দিবলৈ আহ্বান জনাইছে সমাজ সচেতন ৰাইজে।

প্ৰেৰক বিষ্ণু ৰাম দাস

You might also like