নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাহ নিগমৰ বাগিচাৰ লীজ : মৰিয়নিৰ চৈকটা চাহ বাগিচাত শ্ৰমিক-কৰ্মচাৰীৰ ধৰ্ণা

বিশেষ বাৰ্তা, ১৩ জানুৱাৰীঃ অসম চাহ নিগম লিমিটেডৰ অধীনস্থ চাহ বাগিচাসমূহক ৰাজ্য চৰকাৰে পুনৰুজ্জীৱিত কৰাৰ নামত ব্যক্তিগত প্ৰতিষ্ঠানক লীজত দিবলৈ লোৱা ব্যৱস্থাৰ প্ৰতি সমৰ্থন জনাইয়ো প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হৈছে নিগমৰ বাগিচাৰ শ্ৰমিকসকলে। মৰিয়নিত অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ ‘আটছা’ৰ মৰিয়নি শাখাৰ উদ্যোগত আজি চৈকটা চাহ বাগিচাৰ কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে। উল্লেখযোগ্য যে, মৰিয়নিত চাহ নিগমৰ অধীনৰ চৈকটা চাহ বাগিচা আৰু নাগিনীজান চাহ বাগিচা নামৰ দুখন চাহ বাগিচা আছে। ইয়াৰে চৈকটা চাহ বাগিচাৰ চৈকটা, কাটনিবাৰী আৰু ঢেঁকীয়াজুলি নামেৰে তিনিটা আৰু নাগিনীজান চাহ বাগিচাৰ নাগিনীজান আৰু চটাই নামেৰে দুটা ডিভিজন আছে। এই চাহ বাগিচাকেইখনৰ শ্ৰমিক কৰ্মচাৰীসকলে বছৰ বছৰ ধৰি তেওঁলোকৰ প্ৰাপ্য আদায় পোৱা নাই। এতিয়া বাগিচা কেইখন লীজত দিয়াৰ পিছত সেই শ্ৰমিক কৰ্মচাৰীসকলে তেওঁলোকৰ প্ৰাপ্য পাবনে নাপাই এয়া সন্দেহৰ আৱৰ্তত। সেয়েহে লীজত দিয়াৰ পূৰ্বেই চাহ নিগম কৰ্তৃপক্ষক শ্ৰমিক কৰ্মচাৰীসকলৰ পাওনা আদায় দিবলৈ আজি দাবী জনাইছে । আজি পুৱা ১০ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ দুঘন্টীয়া ধৰ্ণা কাৰ্য্যসূচীৰ জৰিয়তে সংশ্লিষ্ট কৰ্তৃপক্ষক এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আটছাৰ লগতে শ্ৰমিক কৰ্মচাৰীসকলে আহ্বান জনাইছে। এই সন্দৰ্ভত আটছাৰ মৰিয়নি শাখাৰ সভাপতি বন্ধন গোৱালা আৰু সাধাৰণ সম্পাদক দীনেশ চাহুৰ স্বাক্ষৰ সম্বলিত এক স্মাৰক পত্ৰ আজি মৰিয়নি পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া ডাঃ বিশ্বজিত বৰাৰ যোগেদি মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে। স্মাৰক পত্ৰত আটছাৰ নেতাদ্বয়ে কয়- চাহ নিগমৰ অন্তৰ্গত চৈকটা আৰু নাগিনীজান চাহ বাগিচাক চৰকাৰে ৩০ বছৰৰ বাবে লীজত দিয়া বিষয়লৈ আমাৰ কোনো আপত্তি নাই। কিন্তু উক্ত নিগমৰ বাগিচাৰ শ্ৰমিক আৰু কৰ্মচাৰীসকলে পাবলগীয়া বকেয়াৰ ধন লীজত দিয়াৰ পূৰ্বেই তেওঁলোকক আদায় দিব লাগিব। অসম চাহ নিগম লিমিটেডৰ অধীনস্থ চৈকটা আৰু নাগিনীজান চাহ বাগিচাৰ শ্ৰমিক আৰু কৰ্মচাৰীৰ অনাদায় ধন মোকলাই নিদিয়া পৰ্য্যন্ত চৰকাৰে মালিক পক্ষক বাগিচাসমূহ গতাই দিব নোৱাৰিব। তাৰোপৰি চৈকটা আৰু নাগিনীজান চাহ বাগিচাৰ খাটিখোৱা অস্থায়ী শ্ৰমিক আৰু কৰ্মচাৰীসকলক শীঘ্ৰেই স্থায়ীকৰণ কৰিবলৈও লগতে দাবী জনাইছে । আনহাতে, চৈকটা আৰু নাগিনীজান চাহ বাগিচাৰ শ্ৰমিক আৰু কৰ্মচাৰীৰ ভৱিষ্যতৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈও স্মাৰক পত্ৰৰ যোগেদি চৰকাৰক দাবী জনাইছে। লীজত দিয়াৰ পূৰ্বেই শ্ৰমিক কৰ্মচাৰীসকলৰ বকেয়া ধন আদায় দিয়া, অস্থায়ী শ্ৰমিক কৰ্মচাৰীসকলক শীঘ্ৰেই স্থায়ীকৰণ কৰা আৰু শ্ৰমিক কৰ্মচাৰীসকলৰ ভৱিষ্যত নিৰাপত্তা সুনিশ্চিত কৰিবলৈ মুখ্যমন্ত্ৰীক দাবী জনাইছে। আজিৰ প্ৰতিবাদী কাৰ্য্যসূচীত আটছাৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সদস্য মঙ্গল গৰাইটৰ লগতে অসম চাহ কৰ্মচাৰী সংঘ আৰু অসম চাহ মজদুৰ সংঘৰ নেতা, বিষয়ববীয়াসকলেও অংশগ্ৰহণ কৰে। প্ৰতিবাদী কাৰ্য্যসূচীত তেওঁলোকে বক্তব্য প্ৰদান কৰি বাগিচা লীজত দিয়াৰ আগতেই শ্ৰমিক কৰ্মচাৰীৰ সকলো দিশত নিৰাপত্তা কামনা কৰে। আজিৰ প্ৰতিবাদী কাৰ্য্যসূচীত কেবাশতাধিক শ্ৰমিকে ভাগ লৈ পৰিবেশ উত্তাল কৰি তোলে।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like