নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰীতি খেলত বিধায়ক একাদশক হৰুৱালে নাহৰকটীয়া সাংবাদিক একাদশে

বিশেষ বাৰ্তা, ১৩ জানুৱাৰী: নৱবৰ্ষ আৰু ভোগালী বিহু উপলক্ষে আজি নাহৰকটীয়া ক্ৰীড়া সন্থাৰ খেলপথাৰত নাহৰকটীয়া বিধায়ক একাদশ আৰু নাহৰকটীয়া সাংবাদিক একাদশৰ মাজত এখনি ক্ৰিকেট খেল অনুষ্ঠিত হৈ যায়। খেলখনত বিধায়ক একাদশে টছত জিকি প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত ১৫ অভাৰত শৰৎ হাজৰিকাৰ ৪০ ৰাণ আৰু বিধায়ক তৰংগ গগৈৰ ২৩ ৰাণৰ বিনিময়ত ৪ টা উইকেট হেৰুৱাই ৯৩ ৰাণ সংগ্ৰহ কৰে। সাংবাদিক একাদশৰ হৈ ৰাজীৱ সিং, ৰবি ঘাটোৱাৰ চুকাফা টাইৰাই আৰু বিকিৰণ সোনোৱালে এটাকৈ উইকেট দখল কৰে। প্ৰত্যুত্তৰত চুকাফা টাইৰাইৰ অপৰাজিত ৩৫ আৰু বিকিৰণ সোণোৱালৰ বিস্ফোৰক ২৫ ৰাণৰ বিনিময়ত সাংবাদিক একাদশে ১৪.৪ অভাৰতে তিনিটা উইকেট হেৰুৱাই বিধায়ক একাদশক ৭ উইকেটত পৰাজিত কৰিবলৈ সক্ষম হয়। বলিংত বিধায়ক একাদশৰ হৈ ঋতুৰাজ ডেকা, প্ৰণৱ চাৰিঙিয়া আৰু শৰৎ হাজৰিকাই এটাকৈ উইকেট দখল কৰে। খেলৰ শেষত বঁটা সমূহ বিতৰণ কৰে যুৱ সমাজ কৰ্মী তথা বিধায়ক তৰঙ্গ গগৈৰ পত্নী বিদিশা বুঢ়াগোহাঁই গগৈয়ে।

প্ৰেৰক প্ৰাঞ্জল ভূঞা

You might also like