নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোকৰাঝাৰ চিৰাঙত অস্ত্র ভাণ্ডাৰ উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ৬ ডিচেম্বৰঃ আসন্ন বিটিচি নির্বাচনৰ সময়ত অঞ্চলটোত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ আশংকা কৰিছে আৰক্ষী–প্রশাসনে৷ অঞ্চলটোত পূর্বৰ নির্বাচনসমূহৰ সময়ত সংঘটিত হিংসাত্মক ঘটনাৰ অভিজ্ঞতাৰ পৰাই আৰক্ষী–প্রশাসনে এইবাৰো তেনেধৰণৰ হিংসাত্মক ঘটনা হ’ব পাৰে বুলি আগতীয়াকৈ ধাৰণা কৰিছে৷ কেইদিনমান পূর্বে আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই কোকৰাঝাৰত উপস্থিত হৈ আৰক্ষী–প্রশাসনৰ সৈতে আইন–শৃংখলা সম্পর্কত এখন পর্যালোচনা বৈঠকত মিলিত হয়৷ সংবাদ মাধ্যমৰ আগত আৰক্ষী সঞ্চালকপ্রধানগৰা প্রকাশ কৰা অনুসৰি পূর্বৰ অভিজ্ঞতাৰ ভিত্তিতে এইবাৰো বিটিচি নির্বাচনত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ আশংকা কৰিছে৷ কোনো পৰিস্থিতিতে যাতে তেনে পৰিস্থিতিৰ উদ্ভৱ হ’ব নোৱাৰে, তাৰ বাবে প্রশাসনে কঠোৰৰ পৰা কঠোৰতম পদক্ষেপ গ্রহণ কৰিব৷ ইয়াৰ বাবে প্রশাসনক সষ্টম কৰি দিয়াৰ লগতে বিটিএডিৰ চাৰি জিলাত আইন–শৃংখলাজনিত পৰিস্থিতি নিয়ন্ত্রণৰ বাবে ৩০টাকৈ অর্ধসামৰিক বাহিনীৰ কোম্পানী নিয়োজিত কৰা হৈছে৷ জনসাধাৰণে যাতে এইবাৰ সুস্থ আৰু শান্তিপূর্ণভাৱে ভোটদান কৰিবলৈ সক্ষম হয়, তাৰ বাবে জনসাধাৰণকো সতর্ক থকাৰ আহ্বান জনোৱাৰ লগতে কোনো লোকে হিংসাত্মক কার্য সংঘটিত কৰাৰ কোনো পৰিকল্পনাৰ বিষয়ে জ্ঞাত হ’লেই লগে লগে আৰক্ষী–প্রশাসনক খবৰ দিবলৈ আহ্বান জনায়৷

লগতে পঢ়কঃ যৌৱনমেলা! মুক্ত যৌনতাৰ বাবেই পুনৰ আমেৰিকাত ক’ৰোনা সংক্রমণ…

ইপিনে, মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ কোকৰাঝাৰ ভ্রমণৰ পূর্বে আজি জিলাখনত বিশাল অস্ত্রভাণ্ডাৰ উদ্ধাৰ হয়৷ অহা সোমবাৰে মুখ্যমন্ত্রীয়ে কোকৰাঝাৰত দুখনকৈ নির্বাচনী সভাত অংশগ্রহণ কৰিব৷ মুখ্যমন্ত্রী সোণোৱালৰ সেই ভ্রমণৰ প্রাক্ক্ষণত আজি কোকৰাঝাৰ জিলাৰ চৰাইবিল সীমান্ত আৰক্ষী চকী তথা গোসাঁইগাঁও থানাৰ অন্তর্গত ৰিপু সংৰক্ষিত বনাঞ্চলৰ ৮নং ৰাইটৰ সুন্দৰীনলাৰ ওচৰত আৰক্ষী–সেনা–এছএছব আৰু চিআৰপিএফৰ যৌথ অভিযানত দুটা এ কে–৫৬ ৰাইফল, দুটা হস্তনির্মিত ৰাইফল, ৬টা পাইপগান, ৭টা ৭.৬৫ এম এম পিষ্টল, বিহাৰত নির্মিত ৩টা দেশীয় পিষ্টল, ২টা ৩৬ হেণ্ডগ্রেনেড, এটা চীনত নির্মিত হেণ্ডগ্রেনেড, ২টা হাতেসজা গ্রেনেড, ৩টা বটল ব’ম, ২টা এ কে–৫৬ ৰাইফলৰ মেগজিন, ২৬টা ৭.৬৫ এম এম পিষ্টলৰ মেগজিন, ৭.৬৫ এমএমৰ গুলী ৪৪টা, ৭.৬২ এমএমৰ গুলী ১০৮টা, নাইন এমএমৰ গুলী ১৫টা, এইট এমএমৰ গুলী ৪টা, ৫.৫৬ এমএমৰ গুলী ৪টা, খালী কার্টিজ ১১৫টা আৰু আইৰন বল ৩০টা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ এই সম্পর্কত কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰোচনে এখন সংবাদ মেলত কয় যে এক গোপন সূত্রৰ পম খেদি কোকৰাঝাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মুকুট ৰাভাৰ নেতৃত্বত ১২নং শিখলাই ৰেজিমেণ্ট, ৩১নং এছএছবি বেটেলিয়ন, ই/১২৯ নং চিআৰপিএফ আৰু কোকৰাঝাৰ আৰক্ষীয়ে এই বৃহৎ অস্ত্রভাণ্ডাৰ উদ্ধাৰ কৰে৷ ঘটনা সম্পর্কত আৰক্ষীয়ে বর্তমানলৈকে কাকো গ্রেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই৷

You might also like