নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাৰ নিয়ন্ত্ৰনত মাজুলীৰ পাৰঘাটঃ অন্ত পৰিলনেকি মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি

নিয়মীয়া বাৰ্তা  ২২নৱেম্বৰঃ পুনৰ উভতি আহিব নেকি মাজুলী নিমাতি পাৰঘাটৰ পূৰ্বৰ আও পুৰণি লেছিৰাজৰ ব্যৱস্থা । অসাৰ প্ৰতিপন্ন হ’বনেকি মুখ্যমন্ত্ৰী গৰাকীৰ প্ৰতিশ্ৰুতি । আজি পুৱা আফলামুখ পাৰঘাটত এনে পৰিবেশেই বিৰাজ কৰা দেখা গৈছে । ব্যক্তিগত ফেৰী প্ৰচলন আৰম্ভ কৰাৰ লগে লগে যেন আৰম্ভ হ’ল পূৰ্বৰ লেছি ৰাজ । অসহায় আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ কৰ্মচাৰী । কোনে নিয়ন্ত্ৰণ কৰিছে পাৰঘাট । কিমান যাত্ৰী যাব পাৰিব একোখন ফেৰিত । কোনো যেন নিয়মেই নাই এতিয়া পাৰঘাটত । আজি পুৱা ৮ বজাত যাবলগীয়া ৰ পেক্সৰ সলনি আৰম্ভ হ’ল গুটিয়া নাৱৰ যাত্ৰা । চৰকাৰী নীতি নিৰ্দেশনা জলাঞ্জলি দি নাৱত তুলিছে পাঁচ খনকৈ চাৰি চকীয়া বাহন । তাটোতকৈও ডাঙৰ কথাটো হ’ল পাঁচ খন গাড়ীৰে দুখন মালবাহী গাড়ীত সামগ্ৰী ভৰ্তি কৰিয়েই তুলিছে নাৱত ।

ইফালে চৰকাৰী নিৰ্দেশনা মানি সত্তৰ জনক টিকট প্ৰদান কৰিছে যদিও টিকট অবিহনেই উঠাই লৈছে বহুজন যাত্ৰীক । এক প্ৰকাৰ নিয়ন্ত্ৰণ হীন হৈ পৰিছে ফেৰী ঘাট । একেদৰে চাৰে ন বজাত কোন খন ফেৰী যাব, দুটা স্থানত থকা দুটা ঘাটৰ কোনটোত থাকিব জাহাজ খন এই লৈও কোনো স্পষ্ট নিৰ্দেশনা যাত্ৰীক দিব নোৱাৰাত আঠ বজাৰ ফেৰী খন এৰি দিয়াৰ পাছতে যাত্ৰী সকল এটা স্থানৰ পৰা আনটো স্থানলৈ দৌৰা দৌৰি কৰা পৰিলক্ষিত হৈছে । মুঠৰ ওপৰত এক অৰাজক পৰিবেশ দেখা গল অফলামুখ পাৰঘাটত । এতিয়া হয়তো আৰম্ভণি । জানিব পৰা মতে এখন ৰ পেক্স ৰ যান্ত্ৰিক বিজুটিৰ বাবেই বন্ধ হৈ পৰাত এতিয়া পাৰঘাটত সৃষ্টি হৈছে এক অভাৱনীয় পৰিবেশৰ ।

You might also like