নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেজেৰা উন্নয়ন খণ্ডই কঢ়িয়ালে অসম চৰকাৰৰ দুটাকৈ বঁটা

নিয়মীয়া বাৰ্তা, ২২ ডিচেম্বৰঃ অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগে আয়োজন কৰা “পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বঁটা ২০২০-২১ ” ৰ কামৰূপ জিলাৰ বেজেৰা উন্নয়ন খণ্ডই দুটাকৈ শিতানত প্রথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হোৱাৰ বাতৰিয়ে সমগ্ৰ অঞ্চলটোত এক আনন্দমুখৰ পৰিৱেশ সৃষ্টি হৈছে। বিশেষকৈ দুটাকৈ শিতানত শীৰ্ষ স্থান অধিকাৰ কৰাৰ ক্ষেত্ৰত খণ্ড উন্নয়ন বিষয়া অপূৰ্ব বৰুৱাক অঞ্চলটোৰ বিভিন্ন জনে অভিনন্দন জ্ঞাপন কৰে। ইতিপূৰ্বে অসম চৰকাৰে এই বেলি পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগৰ উদ্যোগত চলি থকা সামুহিক উন্নয়নৰ অগ্ৰগতিৰ বিষয়ে পৰ্যবেক্ষণ কৰি “পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বঁটা ২০২১” প্রদানৰ কথা ঘোষণা কৰিছিল।

চৰকাৰৰ ঘোষণা অনুসৰি গুৱাহাটীত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ লগতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ মন্ত্রী নব কুমাৰ দলৈৰ উপস্থিতিত অনুষ্ঠিত সভাত এই বঁটা সমূহ ঘোষণা ও প্রদান কৰা হয়। “মহত্মা গান্ধী এনৰেগা আঁচনি আৰু প্রধান মন্ত্রী আৱাস যোজনা গ্ৰামীণ আচঁনি দুখন অতি সফলতাৰে ৰূপায়ণ কৰাৰ স্বীকৃতি স্বৰূপে কামৰূপ জিলাৰ অন্তৰ্গত বেজেৰা উন্নয়ন খণ্ডক অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগৰ তৰফৰ পৰা প্রথম পুৰস্কাৰ ৰূপে প্ৰশস্তি পত্ৰ, ট্রফি আৰু নগদ ধনৰ চেক বেজেৰা উন্নয়ন খণ্ডৰ হৈ খণ্ড উন্নয়ন বিষয়া অপূৰ্ব বৰুৱাৰ হাতত অৰ্পণ কৰে।উল্লেখ্য যে উন্নয়ন খণ্ডটোত খণ্ড উন্নয়ন বিষয়া হিচাপে অপূৰ্ব বৰুৱাই যোগদান কৰাৰ পিছৰে পৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত এলেকা সমূহত সামুহিক উন্নয়নৰ গতিয়ে অতি ক্ষীপ্রতা লাভ কৰিবলৈ সক্ষম হোৱা বুলি অঞ্চলটোৰ কেবাজনো ভিন ভিন শ্রেণীৰ লোকে এই প্রতিবেদকক জানিবলৈ দিয়ে।

You might also like