নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুৱাই চাহবাগিছাত গজৰাজ; হাহাকাৰ অৱস্থা শ্ৰমিকৰ…

নিয়মীয়া বাৰ্তা, ৪ ডিচেম্বৰঃ ৰঙাপাৰাৰ বিভিন্ন স্থানত এতিয়াও অব্যাহত আছে হাতী মানৱৰ সংঘাত। আজি সদৰ বনবিভাগৰ অন্তৰ্গত বিন্দুকুৰীৰ তেজপুৰ এণ্ড ঘগৰা চাহবাগিছাৰ ২৪ নং চেকচনত পুৱাই বনৰীয়া হাতীয় চলালে সন্ত্রাস।

হাতীৰ জাকটোৰ মাজৰ পৰা দুটা হাতী ফাটি আহি চাহবাগিছাত কাম কৰা শ্ৰমিকৰ মাজত আতংকৰ সৃষ্টি কৰে। বনবিভাগৰ লোকে পকীয়াজানৰ পৰা খেদি অনা হাতীৰ জাকটো কাছামাৰী গাঁৱত অৱস্থান কৰে। যাৰ ফলত গোটেই নিশা তেওঁলোকে পহৰা দিবলগীয়া হয় বুলি জানিব দিয়ে স্থানীয় লোকে।

হাতী খেদিবলৈ অহা কমসংখ্যক বনকৰ্মীৰ বাবে বৃহৎ হাতীৰ জাকটো খেদি পঠিওৱা সম্ভৱ নহয় বুলিও মত প্ৰকাশ কৰে স্থানীয় লোকে। লগতে হাতীৰ জাকটো খেদি পঠিয়ালে এই
অঞ্চলবাসীয়ে সন্তোষ পালেহেতেন বুলিও বনবিভাগক অনুৰোধ কৰে।

You might also like