নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কইনাৰ কান্দোন সহিব নোৱাৰি দৰাই মচি দিলে চকুপানীঃ মেকআপ গুচি ওলাল আচল চেহেৰা

নিয়মীয়া বাৰ্তা ৪ ডিচেম্বৰঃ  বিয়াৰ বতৰ এতিয়া চাৰিওফালে । বিয়া এতিয়া এক মাংগলিক অনুষ্ঠানতকৈ অঘোষিত সৌন্দৰ্য প্ৰতিযোগিতালৈ পৰ্যবসিত হৈছে। বিশেষকৈ বিয়াৰ দিনটোত দৰা আৰু কইনাই নিজকে সুন্দৰ কৰি তুলিবলৈ সকলো ধৰণৰ চেষ্টা অব্যাহত ৰাখে। লগতে ফটোগ্ৰাফাৰ, ৱেডিং মেনেজাৰ, বিউটিচিয়ানৰ ক্ষেত্ৰত বহুত টকা খৰচ কৰে।

লগতে পঢ়কঃ যৌৱনমেলা! মুক্ত যৌনতাৰ বাবেই পুনৰ আমেৰিকাত ক’ৰোনা সংক্রমণ…

বিয়াৰ দিনাখন সম্পূৰ্ণ বেলেগ ৰূপত দেখা যায় কইনা। শেহতীয়াকৈ ছচিয়েল মিডিয়াত ভিডিঅ ভাইৰেল হোৱা এটা ভিডিঅই যথেষ্ট আমোদ দিছে সকলোকে। নিজ ঘৰৰ পৰা কইনাই স্বামীৰ যাবলৈ ওলাওতে দুখতে কান্দে।গাড়ীটো দৰাৰ লগত গমন কৰি থকা অৱস্থাত তেওঁ কান্দি থাকে। নকইনাৰ চকুত পানী দেখি দৰাৰ মনো বেয়া লাগিল। তেওঁ টিচুপেপাৰে মচি দিলে কন্যাৰ চকু পানী। তালৈ ঠিকেই আছিল। কিন্তু চকু পানী মচোতে কইনাৰ মুখৰ সমগ্ৰ মেকআপ গ’ল আঁতৰি। এনে অৱস্থাত মেকআপহীনভাৱে কইনাই পালে দৰাৰ ঘৰ। ভাগ্যভাল যে কইনা মেকআপহীন অৱস্থাতো ধুনীয়াই আছিল। গতিকে দৰাৰ ঘৰত বিশেষ অসুবিধা নহল। কিন্তু ঘটনাটোৱে সকলোকে হাঁহিৰ খোৰাক দিলে।

লগতে পঢ়কঃ ১৯৯২ চনৰ এটা ভ্ৰুণেৰে ২০২০ত জন্ম দিলে কন্যা সন্তান, ২৮ বছৰীয়া কেঁচুৱা

You might also like