নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীত বিশ্ব জলাশয় দিৱস পালন

নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰী : মাজুলীৰ দক্ষিণপাত সত্ৰৰ কাষৰ মাগুৰমাৰী বিলৰ পাৰত নেচনেল গ্ৰীন ক্ৰপছ(NGC)ASSAM ৰ মাজুলী জিলাৰ ডি এন এ উজনি মাজুলী আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত মাজুলী জিলা বনবিভাগৰ সহযোগত আৰু ভাৰত চৰকাৰৰ সামাজিক বন মন্তনালয় ,অসম বিজ্ঞান প্ৰযুক্তি বিদ্যা আৰু পৰিবেশ পৰিষদৰ পৃষ্ঠপোষকতাত বিশ্ব জলাশয় দিৱস উদযাপন কৰা হয়।

মাজুলী জিলাৰ দক্ষিণপাত উচ্চমাধ্যমিক বিদ্যালয়, মেৰাগড় নাৰায়ণ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়,কঢ়াল গাঁও বাপুজি উচ্চমাধ্যমিক বিদ্যালয় মেখেলি গাঁও জনতা উচ্চমাধ্যমিক বিদ্যালয়ৰ eco club ৰ ছাত্র ছাত্ৰীয়ে এই কার্যসূচীত অংশগ্ৰহণ কৰে। সমল ব্যক্তি হিচাপে ৰতনপূৰ উচ্চমাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক সুনিল কুমাৰ বৰা ,মেৰাগড় নাৰায়ণ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ তিলক শৰ্মা ,বাপুজী উচ্চমাধ্যমিক বিদ্যালয়ৰ শিক্ষক সুশীল শইকীয়া, মাজুলী জিলা সাংবাদিক সন্থাৰ সভাপতি দিবাকৰ শইকীয়া, মাজুলী বন বিভাগৰ ৰেঞ্জাৰ প্ৰবীণ মহন্ত আৰু খণ্ড বন বিষয়া দীপক দত্তই বক্তব্য আগবঢ়ায়।

জলাশয় সংৰক্ষণ কৰাৰ সংকল্প লয় সমৱেত ছাত্ৰ-ছাত্ৰীয়ে। মাগুৰিমাৰী বিলৰ চৌদিশে ছাত্ৰ ছাত্ৰীসকলে পৰিভ্ৰমণ কৰি আপ্লুত হোৱা দেখিবলৈ পোৱা যায়।নেচনেল গ্ৰীণ ক্ৰপছৰ সমগ্ৰ কার্যসূচী আগবঢ়াই লৈ যায় উজনি মাজুলী আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক জয়ন্ত মাধৱ কলিতাই। কার্যসূচীত দক্ষিণপাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ফুলকণ দত্ত কে ধৰি বহুকেইখন বিদ্যালয় গাইড শিক্ষকে অংশগ্ৰহণ কৰে।

বন বিভাগৰ কৰ্মচাৰী পুলিন দাস,আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ ত্ৰিদীপ বৰা,বিষ্ণু বৰা আৰু জনক বৰুৱাকে ধৰি স্থানীয় বিশিষ্ট লেখিকা লখিমী বৰা শইকীয়াই ছাত্ৰ ছাত্ৰীসকলক জলাশয়ৰ পাৰে পাৰে বিভিন্ন প্ৰজাতিৰ চৰাই দেখুৱায়। কাৰ্যসূচী সফল ৰূপায়ণ কৰাৰ বাবে মাজুলী জিলা বন সংমণ্ডল বিষয়া জয়ৰাম বৰুৱা আৰু খণ্ড বন বিষয়া অতুল দাসে সকলোকে শলাগ লয়।

প্ৰেৰক প্ৰাঞ্জল খাউণ্ড

You might also like