নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰত ভালুকৰ সাঙীত পৰিণত সৌন্দর্য বৰ্ধন আঁচনি

নিয়মীয়া বাৰ্তা, ৬ আগষ্টঃ লখিমপুৰ নগৰত সৌন্দর্য বৰ্ধনৰ নামত স্হাপন কৰা আঁচনিয়ে এতিয়া সৌন্দর্য হানিহে কৰিছে। নগৰৰ মাজত ভেকুলীৰ বাসস্থান অথবা ম’হ ডাহৰ কণী পৰা সুচল ঠাইত পৰিণত হৈছে পানীৰ ফোৱাৰা। বছৰৰ পাছত বছৰ ধৰি অব্যবহৃত হৈ পৰি ৰোৱা পানীৰ ফোৱাৰাই নগৰখনৰ সৌন্দর্য হানি কৰিছে। জিলা উপায়ুক্তৰ কাৰ্য্যালয় আৰু আদালত ভৱনৰ সমীপতে অব্যৱহৃত হৈ পৰি আছে এটা পানীৰ ফোৱাৰা। ২০১১/২০১২ চন মানত ৰাষ্ট্ৰীয় সমবিকাশ যোজনাৰ ৰাহি ৩ লক্ষ্যাধিক টকাৰে এই ফোৱাৰাটো নিৰ্মাণ কৰা হৈছিল। ফোৱাৰাৰ সৌন্দর্যই ৰাইজক দিছিল আনন্দ। বৃদ্ধি হৈছিল নগৰখনৰ সৌন্দর্য। পিছে সেইয়া খন্তেকীয়া হে আছিল। ফোৱাৰাটো সচল হোৱাৰ কিছু দিনৰ পাছতে অচল হৈ পৰে। তেতিয়া বিদ্যুতৰ বিল অনাদায় হৈ ৰোৱাৰ বাবে ফোৱাৰাটোৰ বিজুলী সংযোগ বিচ্ছিন্ন কৰা বুলি চৰ্চা চলিছিল। অচল হৈ পৰা ফোৱাৰা টো সচল কৰিবলৈ লখিমপুৰ পৌৰসভাই এই পৰ্যন্ত উদ্যোগ গ্রহণ কৰা নাই। বিদ্যুৎ বিভাগক ফোৱাৰাটোৰ বিজুলী সংযোগ দিয়াৰ বাবে পৌৰসভাই ১ লাখ ৯ হাজাৰৰো অধিক টকা দিবলৈ আছে। সামান্য কাৰিকৰী বিজুটি ঘটিলেও ফোৱাৰাটো মেৰামতি কৰিবলৈ পৌৰসভাৰ ধনৰ নহয় সদিচ্ছাৰ অভাব হে প্ৰকাশ পাইছে। বিদ্যুতৰ বিল আদায় দি ফোৱাৰা টো মেৰামতি কৰি সচল কৰাত পৌৰসভাৰ আগ্রহ নাই। যাৰ বাবে দৃষ্টি কটু ৰূপত লখিমপুৰ নগৰৰ মাজ মজিয়াত ভেকুলীৰ বাসস্থান লৈ পৰিণত হৈ পৰি ৰৈছে তিনি লাখ ৰো অধিক টকাৰে নিৰ্মাণ কৰা ফোৱাৰাটো। নগৰৰ একাংশ সচেতন লোকে ফোৱাৰা টো সচল কৰিব নোৱাৰিলে নগৰ খনৰ সৌন্দর্য হানি কৰাতকৈ ভাঙি পেলাবলৈ হে পৌৰসভাক আহ্বান জনাইছে।

You might also like