নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জ্যেষ্ঠ ভগ্নীৰ বিয়াত নাচি থকা অৱস্থাতে মৃত্যু তৰুণীৰ

🔹 উত্তৰ প্রদেশৰ আহমেদ নগৰত মর্মান্তিক ঘটনা

বিশেষ বাৰ্তা, ৩০ এপ্রিল : জ্যেষ্ঠ ভগ্ণীৰ বিয়া৷ আনন্দত আত্মহাৰা তৰুণী৷ সাজি–কাচি আত্মীয়সকলৰ সৈতে নৃত্য কৰিছিল তৰুণীয়ে৷ বিবাহ অনুষ্ঠানতেই ঘটিল মর্মান্তিক ঘটনা৷ নাচি নাচি হঠাতে ঢলি পৰিল ১৮ বছৰীয়া তৰুণীজনী৷ ঘটনাস্থলীতে মৃত্যু হ’ল এই তৰুণীৰ৷ এই শোকাৱহ ঘটনা ঘটিছে উত্তৰ প্রদেশৰ আহমেদ নগৰ অঞ্চলত৷ মর্মান্তিক এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত৷ প্রাথমিকভাৱে ধাৰণা কৰা হৈছে যে হূদৰোগত আক্রান্ত হৈ মৃত্যু হৈছে তৰুণীৰ৷ স্থানীয় সূত্রই সদৰী কৰা অনুসৰি, তৰুণীজনীৰ নাম ৰিমশা৷ পৰহি আছিল তৰুণীজনীৰ জ্যেষ্ঠ ভগ্ণীৰ বিবাহ অনুষ্ঠান৷ সেই উপলক্ষে শুকুৰবাৰে ঘৰত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছিল৷ জোৰোণ উপলক্ষে মাহ–হালধিৰে গা ধুওৱা হৈছিল কইনাক৷ আত্মীয় তথা আমন্ত্রিত অতিথিৰ সৈতে মিউজিক ছিষ্টেম চলাই নৃত্যৰ অনুষ্ঠানত যোগ দিছিল ৰিমশাই৷ ভাইৰেল ভিডিঅ’ত দেখিবলৈ পোৱা গৈছে যে কিছু সময় নৃত্য কৰাৰ পিছতে হঠাতে ঢলি পৰে তৰুণীজনী৷ ওচৰৰ ২–৪গৰাকী মহিলাই ৰিমশাক মাটিৰ পৰা উঠাই আনে যদিও ইতিমধ্যে ৰিমশাৰ মৃত্যু হৈছিল৷ তাৎক্ষণিকভাৱে হাস্পতাললৈ ৰিমশাক লৈ যোৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে৷ বিবাহ অনুষ্ঠানত ঘৰতে তৰুণীৰ এনে অস্বাভাৱিক মৃত্যুত শোকৰ ছাঁ পৰে সমগ্র পৰিয়ালটোত৷ চিকিৎসকসকলে সদৰী কৰা অনুসৰি, তৰুণীক হাস্পতাললৈ নিয়াৰ পূর্বেই মৃত্যু হৈছিল৷ গতিকে, মৃত্যুৰ কাৰণ কি সেয়া চিকিৎসকসকলে জানিব পৰা নাই৷ তথাপি বিশেষজ্ঞ চিকিৎসকে অনুমান কৰা অনুসৰি হূদৰোগত আক্রান্ত হৈছিল ৰিমশা৷ ইফালে, ৰিমশাৰ মৃত্যুৰ পিছতে অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰিছে পৰিয়ালে৷ গতিকে, মৰণোত্তৰ পৰীক্ষা কৰিব পৰা নগ’ল৷ অৱশ্যে এই ধৰণৰ ঘটনা এয়াই প্রথম নহয়৷ ক’ৰোনাৰ পৰৱর্তী সময়ত দেশৰ বিভিন্ন স্থানত হঠাতে মৃত্যুৰ ঘটনা বৃদ্ধি পাইছে৷

You might also like