আত্মবিশ্বাসেই সফলতাৰ মূল ভেটি
আত্মবিশ্বাস হ’ল একপ্রকাৰ মনৰ দীপ্তি বা তেজস্বী ভাবধাৰা, যাৰ দ্বাৰা আমি প্রত্যেকেই যিকোনো কামেৰে এই প্রতিযোগিতামূলক জগতখন জয় কৰিব পাৰোঁ৷ এজন মানুহে যেতিয়া জীৱনত কিবা অসাধাৰণ কাম এটা কৰিবলৈ আৰম্ভ কৰে, তেতিয়া তেওঁ সাংঘাতিক ধৰণে মানসিক চাপত থাকে, কাৰণ কামটো সফল হ’ব নে নহয়, কিমান দিনৰ ভিতৰত কামটো কৰা হ’ব আদি নানা ধৰণৰ চিন্তাই অনবৰতে তেওঁৰ মনটো আৱৰি ৰাখে৷ সেই সময়ত তেওঁৰ নিজৰ ওপৰতে কেতিয়াবা বিশ্বাস বা আস্থা বৰ কম হৈ যায়৷ কিন্তু এই সকলোবোৰ আওকাণ কৰি যেতিয়া সাহসেৰে কামটো কৰিবলৈ আগবাঢ়ি যায়, তেতিয়া লাহে লাহে তেওঁৰ মনত এক আত্মবিশ্বাসৰ ভাব গঢ় লয় আৰু কামটো কৰিবলৈ উৎসাহিত হয়৷ অৱশেষত মানুহজনে যিকোনো উপায়ে যে কামটো কৰিবলৈ সফল হ’ব, সেয়া নিশ্চিত৷ আত্মবিশ্বাস প্রকৃততে ভগৱানৰ সহায়ৰ হাতৰ দৰে, যিটো অদৃশ্য বা চকুৰে মনিব নোৱাৰি৷ ই এক মানসিক স্থিতি, যাৰ দ্বাৰা স্বপ্রতিভাৰে প্রশংসনীয়ভাৱে কাম এটা সমাধান কৰিব পাৰি৷ ইয়াৰ সহায়ত কাম এটি কৰিবলৈ মানসিক শক্তি প্রয়োগ কৰি সফল হ’ব পাৰি৷ অর্থাৎ যি কামেই নকৰে কিয়, তেওঁ কৃতকার্যতাৰ সোৱাদ কিন্তু লাভ কৰিবই আৰু বিজুলীৰ গতিত সদায় সফলতা আহিবই৷ ইয়াৰ বাবে সকলোৱে কেৱল পুৱাৰ পৰা গধূলিলৈ কাম কৰি যাব লাগিব৷ কেতিয়াবা একেধাৰে অৱধাৰিতভাৱে সাধনা কৰি কাম এটা কৰি গ’লে অলপ আগবাঢ়ি গৈ হয়তো কেতিয়াবা অলপ পিছুৱায়ো আহিব লগা হ’ব পাৰে৷ এইক্ষেত্রত কিন্তু আত্মবিশ্বাসৰ অভাৱৰ কাৰণেহে এনেকুৱা হয় বুলি ক’ব পাৰি৷ ইয়াৰ প্রকৃত জীৱনদায়িনী শক্তি হ’ল একমাত্র আত্মবিশ্বাস৷ ইয়াৰ অভাৱ হ’লে কাম এটি কৰাত সফলতা লাভ কৰিব পৰা নাযায়৷ সেয়েহে আত্মবিশ্বাস গঢ়ি তুলিবলৈ আমি অহৰহ প্রচেষ্টা অব্যাহত ৰাখিব লাগিব৷
আত্মবিশ্বাস আৰু আত্মসন্মান গঢ়ি তুলিবলৈ বহুত ধৰণৰ উপায় আছে৷ ইয়াৰ এটা প্রধান উপায় হ’ল আশা৷ আমি জীৱনত কেতিয়াবা জানি বা অজানিতে কৰা ভুল বা অকৃতকার্যতাক সহজভাৱে লৈ ইয়াক ভৱিষ্যৎ জীৱন গঢ়াত প্রয়োজনীয় শিকনি হিচাপে ধৰি লৈ আগবাঢ়িব লাগে৷ কথাতে কোৱা হয় যেFailure is the pillar of success অর্থাৎ বিফলতাই হ’ল সফলতাৰ মূল চাবিকাঠী৷ এবাৰ বিফল হ’লেহে পুনৰ নতুন উদ্যমেৰে কামটো কৰি সফলতা লাভ কৰিবলৈ সক্ষম হয়৷ ভুল আৰু নিৰাশাবোৰ আঁকোৱালি লৈ ইয়াক জীৱিকাৰ প্রাথমিক আহিলা হিচাপে গ্রহণ কৰি আগবাঢ়িলে দুখ–যাতনাবোৰ কমি আহিব আৰু আত্মবিশ্বাস বাঢ়ি যাব৷ লাহে লাহে এই সকলোবোৰ দুখ এদিন অতীতৰ বুকুত বিলীন হ’ব৷ কিন্তু আমাক এক মূল্যৱান শিকনি দি যাব, যাক লৈ আমি বর্তমান জীয়াই থাকিবলৈ উৎসাহ পাম আৰু উন্নতিৰ পথত আগুৱাই যোৱাত সহায়ক হ’ব৷
মাজে মাজে নিজৰ ওপৰত আস্থা হেৰুৱালে এনেধৰণৰ ভাল কামবোৰ মনত পেলোৱা দৰকাৰ, তেতিয়া কাহানিও আত্মবিশ্বাস হেৰুৱাব লগা নহয়৷ কেতিয়াবা কোনোবা জ্ঞানী মানুহ বা বিখ্যাত বক্তা আদিৰ ভাষণ বা তেওঁলোকে জীৱন জীয়াই থকাৰ কৌশল আদিৰ বিষয়ে দিয়া উপদেশবোৰ পালন কৰি নিজৰ লক্ষ্যত উপনীত হ’বলৈ অনুপ্রাণিত হ’ব পাৰি৷ এনে কৰিলে আমি কেতিয়াও কর্ম কৰোঁতে ৰৈ যাবলগীয়া নহ’ব৷ সদায় বিখ্যাত আৰু সফল ব্যক্তিসকলৰ সফলতাৰ আঁৰৰ কাহিনীবোৰ অনুকৰণ কৰিব লাগে৷ এয়াই আটাইতকৈ সফল হোৱাৰ উত্তম উপায়৷
মাজে–সময়ে বিখ্যাত লেখকৰ জীৱনী, দর্শন আদি বিষয়ক ভাল ভাল কিতাপ আদি অধ্যয়ন কৰি তেওঁলোকৰ আদর্শসমূহ অনুকৰণ কৰিলেও যথেষ্ট আত্মবিশ্বাস বৃদ্ধি হয়৷
প্রার্থনাৰ শক্তি অপাৰ৷ ই মানুহক কি দিয়ে বা মানুহে ঈশ্বৰৰ পৰা কি পায়, সেয়া বিচার্য বিষয় নহয়৷ কিন্তু প্রার্থনাই মানুহৰ মনত অপাৰ শক্তি, মানসিক শান্তি আৰু আত্মবিশ্বাস গঢ়ি তোলে৷ সেয়েহে নিজ নিজ ইষ্ট দেৱতাৰ ওপৰত ভৰসা ৰাখি কাম এটা কৰিবলৈ আগবাঢ়ি যাবলৈ দৈনিক প্রার্থনা কৰাটো জৰুৰী৷
এইবোৰৰ উপৰি সকলো মানুহৰে সদায় এটা সপোন আৰু কিবা এটা কৰাৰ ইচ্ছা থাকিব লাগে৷ ই আত্মবিশ্বাসৰ এনাজৰীডাল কপকপীয়া কৰে৷ মনত ৰাখিব আত্মবিশ্বাস কেতিয়াও শূন্যতে উপঙি নাথাকে, ই আমাৰ অন্তৰত থাকে৷ সেয়েহে সকলোৰে সদায় লোৰ নিচিনা শক্তিশালী এটা সপোন থকা দৰকাৰ৷ যেনেকৈ লোহা এডাল গঢ়িপিটি অতি শক্তিশালী সামগ্রী এবিধৰ সৃষ্টি কৰা হয়, থিক তেনেকৈ শক্তিশালী মন এটা থাকিলেহে সকলো বাধাৰ প্রাচীৰ ভাঙি জীৱনত কৃতকার্যতা লাভ কৰিবলৈ সক্ষম হ’ব৷