নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইণ্ডাষ্ট্রিয়েল ছেফ্টী আৰু ফায়াৰ ইঞ্জিনীয়াৰিং

বৃত্তিমুখী পাঠ্যক্রমৰ জৰিয়তে কর্মসংস্থাপনৰ পথ মুকলি কৰাৰ লক্ষ্যৰে নেচলেন ইনষ্টিটিউট অৱ ফায়াৰ এণ্ড ছেফ্টী ইঞ্জিনীয়াৰিং গুৱাহাটীয়ে ২০২০–২০২১ বর্ষৰ বাবে ছাত্র–ছাত্রীৰ পৰা আবেদন বিচাৰিছে৷ এই প্রতিষ্ঠানটোত মুখ্যতঃ এজন ফায়াৰ আৰু ঔদ্যোগিক সুৰক্ষা বিষয়া হ’বলৈ কেনেদৰে প্রস্তুতি চলোৱাৰ প্রয়োজন, সেই সন্দর্ভত শিক্ষা প্রদান কৰা হয়৷ থূলমূলকৈ ক’বলৈ গ’লে ছেফ্টী অফিচাৰজনৰ কাম হৈছে এটা ৰাষ্ট্রীয় বা আন্তঃৰাষ্ট্রীয় পর্যায়ৰ ইণ্ডাষ্ট্রিয়েল ছেফ্টী মেনেজমেণ্ট ছিষ্টেম পৰিচালনা কৰাটো, যেনে–OHSAS 18001৷
Factories Act আৰুAssam Factories rules ৰ মতে প্রতিটো প্রতিষ্ঠান যেনে–Construction Industry, Mininig, Oil and Gas, Plant, Manufacturing Industries, Airports, Warehouse and godowns, high rise buildings, Bridge and Highway Construction, Factrories, Nuclear, Marine, Chemical Industries, Food Industry, Onshore/Offshore establishment ইত্যাদিত কমেও এজনকৈ ছেফ্টী আৰু ফায়াৰ অফিচাৰ নিয়োগ কৰাটো বাধ্যতামূলক৷
প্রয়োজনীয় তথ্য আৰু শিক্ষাৰ ব্যৱস্থা নোহোৱাৰ বাবে অসমত এই বৃত্তিৰ মানুহ খুবেই কম৷ এতিয়া এই বিষয়সমূহ পঢ়িবলৈ গুৱাহাটীতে ব্যৱস্থা কৰা হৈছে৷
পাঠ্যক্রমসমূহ হ’ল–
Three years degree course in Industrial Safety/ Fire Safety/ Health Safety and Environment

One year post graduate and under graduate diploma in Industrial Safety/ Fire Safety/ Health Safety and Environment

Two year MBA in Safety Management

বর্তমান আন্নামলাই বিশ্ববিদ্যালয়, অন্ধ্রপ্রদেশ টেকনিকেল ব’ড, লিংকন মালয়েছিয়া বিশ্ববিদ্যালয়ৰ অধীনত শিক্ষাদান কৰি অহা প্রতিষ্ঠানটোৰ পাঠ্যক্রমAICTE, UGC, DEB আৰু ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন দপ্তৰ, নতুন দিল্লীৰ দ্বাৰা অনুমোদিত৷
আগ্রহীসকলে জানিবৰ কাৰণে প্রতিষ্ঠানটোৰ ফোন নম্বৰ ৮৪৮৬৩–৩১২৪৪ আৰু ৭৮৩৪৮–৬৮৬৯১ত যোগাযোগ কৰিব পাৰে৷ অধিক জানিবৰ কাৰণেwww.nifsassam.com ত লগ–ইন কৰি চাব পাৰিব৷
প্রতিষ্ঠানটোৰ ঠিকনা হৈছে– গৃহ ১৮৪, দ্বিতীয় মহল, চানমাৰি কলনী, এইচ ডি এফ চি বেংকৰ ওচৰত, গুৱাহাটী৷

You might also like