নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আপোনাৰ আজিৰ দিনটো

মেষ : কর্মক্ষেত্রত নতুন আশা থাকিব যদিও সৰু সুৰা বাধাৰ সন্মুখীন হোৱাৰ কাৰকতা৷ বিদ্যাত মধ্যম ফল৷ দাম্পত্যত মধ্যম৷ শৰীৰৰ ওপৰত নজৰ ৰাখক৷ শুভ ৰং বগা, শুভ সংখ্যা ৮৷

বৃষ : আর্থিক ক্ষেত্রত সামান্য হ’লেও কষ্ট আছে৷ জ্ঞাতি–কুটুম্বৰ পৰা মধ্যম সঁহাৰি৷ উপযুক্তই পুৰস্কৃত হ’ব৷ বন্ধুৰ আন্তৰিকতা৷ প্রেমত বদনাম৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ২৷

মিথুন : অনুকূল পৰিৱেশ৷ শৰীৰৰ মোটামুটি ভাল ভুলি ক’ব পাৰি৷ আপোন ব্যক্তিৰ পৰা সুখ৷ কর্মব্যস্ততা থাকিব৷ ভ্রমণ–সন্মান আদিৰ যুগ৷ শুভ ৰং বেঙুনীয়া৷ শুভ সংখ্যা ৮৷

কর্কট : গুৰুজনৰ সহায়ত ব্যৱসায়ত লাভৰ কাৰকতা৷ পাৰিবাৰিক মতভেদৰ সম্ভাৱনা আছে৷ বিদ্যাত অৱশ্যে সিমান বেয়া দেখা নাযায়৷ নিবনুৱাসকল চেষ্টাত সফল হ’ব পাৰে৷ শুভ ৰং আকাশী নীলা৷ শুভ সংখ্যা ২৷

সিংহ : উন্নত পৰিৱেশৰ আশা৷ পাৰিবাৰিক সু–সংবাদ৷ পোৱাৰ কাৰক৷ আর্থিক দিশত কিছু ভালেই৷ পঢ়া–শুনাত যোগ্যতা থাকিব৷ কোনো লোকৰ সান্নিধ্যত সুখ পাব৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৪৷

কন্যা : মজলীয়াভাৱে দিনটোৱে সহায় কৰিব৷ কর্মস্থানত অনুকূল পৰিস্থিতি আশা কৰিব পাৰে৷ আত্মবিশ্বাসক নিজৰ কর্মত ব্যৱহাৰ কৰক৷ বিদ্যাত শুভ৷ শুভ ৰং গেৰুৱা৷ শুভ সংখ্যা ৬৷

তুলা : আর্থিকত খৰচৰ মাত্রা বৃদ্ধি পাব৷ ব্যৱসায়ত গুপ্ত শত্রুৰ পৰা সাৱধান৷ ভ্রমণৰ চেষ্টাত লাভৱান হ’ব৷ ঘৰুৱাত নতুন পৰিকল্পনা৷ শুভ ৰং বেঙুনীয়া৷ শুভ সংখ্যা ৭৷

বৃশ্চিক : আনন্দ লাভ৷ সু–সংযোগত মনত উৎসাহ থাকিব৷ আর্থিক দিশত সিমান উন্নত নহ’লেও অসুবিধাতো নপৰিব৷ কর্মক্ষেত্রত উন্নত পৰিৱেশ৷ ব্যৱসায়ত শুভ৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৯৷

ধনু : ঘৰুৱা দিশত বেয়া নহ’ব৷ দুই–এটা চেষ্টাত সফল৷ কর্মক্ষেত্রত জটিলতা থাকিলেও আপোনাৰ সুনাম হানি নহ’ব৷ কোনো লোকৰ সাক্ষাতত উপকৃত হ’ব৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ২৷

মকৰ : খৰচ–পাতি ৰোধ কৰাৰ চেষ্টা কৰক৷ ফুৰা–মেলাতো সাৱধান হওক৷ কর্মক্ষেত্রত ব্যস্ততা বৃদ্ধি পাব৷ আকস্মিক কাৰণত মনলৈ কষ্ট অহাৰ সম্ভাৱনা৷ শুভ ৰং আকাশী নীলা৷ শুভ সংখ্যা ৩৷

কুম্ভ : সাৱধানেৰে চলক৷ শৰীৰ বৰ শুভ বুলিব নোৱাৰি৷ কর্মক্ষমসকলে নিজ কর্মত আত্মনিয়োগ কৰক৷ বাদ–বিসম্বাদৰ পৰা আঁতৰক৷ শুভ ৰং গেৰুৱা৷ শুভ সংখ্যা ৫৷

মীন : ৰাজহুৱা কামত খ্যাতি ম্লান নহয়৷ শৰীৰ মধ্যম৷ বন্ধুবর্গৰ লগত সু–সম্বন্ধ থাকিব৷ বিদ্যাত ভালেই৷ ব্যৱসায়ীসকল বাধাৰ সন্মুখীন হ’ব পাৰে৷ ভ্রমণত সুখ৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৯৷

You might also like