গতিশীল পৰমাণু
অংশুমান হাজৰিকা
আৰম্ভণিঃ প্রথমেই কওঁ আপুনি যদি এজন পদার্থবিদ হ’ব বিচাৰে, তেন্তে আমাৰ পঢ়িব লগা বহুখিনি আছে– প্রায় দুশ বছৰৰ অতি ক্ষিপ্রতাৰে বাঢ়ি অহা জ্ঞানৰ ভাণ্ডাৰসমূহ সাধাৰণ কথা নহয়৷ ইমানখিনি জ্ঞান ইমান সহজে আয়ত্ত কৰিব নোৱাৰোঁ বুলি ভবাটো সম্পূর্ণৰূপে সমীচীন৷ কিন্তু আচৰিত ধৰণে ইমানখিনি জ্ঞানৰ বহুখিনিক আমি সৰু কৰি পেলাব পাৰোঁ ‘নিয়ম’সমূহৰ যোগেদি৷ হয়, বিজ্ঞানৰ সূত্রসমূহে মানৱ ইতিহাসৰ জ্ঞানৰ বিশাল ভাণ্ডাৰসমূহক সৰু কৰি গলার্ধন কৰিব পৰা কৰি দিছে৷ তৎসত্ত্বেও এই সূত্রসূহক চিধাই পঢ়িবলৈ যোৱাটো একপ্রকাৰৰ মূর্খামি৷ এই সূত্রসমূহক আয়ত্ত কৰিবলৈ মন থাকিলে বিজ্ঞানৰ এটা ভাগৰ লগত আন বিভাগসমূহৰ থকা সম্পর্কৰ বিষয়ে আমি জানি লোৱাটো প্রয়োজনীয়৷ গতিকে প্রথমে আমি পদার্থ বিজ্ঞানৰ লগত থকা বিজ্ঞানৰ আন বিষয়সমূহৰ সম্পর্কৰ বিষয়ে শিকিবলৈ যত্ন কৰিম৷ এতিয়া আপুনি হয়তো প্রশ্ণ কৰিব যে আমি পদার্থ বিজ্ঞানকো কিয় ইউক্লিডৰ জ্যামিতিৰ দৰে পঢ়িব নোৱাৰোঁ৷ সূত্রসমূহ এক্সিয়ম axiom)সমূহৰ দৰে প্রথমতেই লিখি তাৰ পৰা আমি পদার্থ বিজ্ঞান পঢ়া আৰম্ভ কৰিব নোৱাৰোঁ নেকি? (বাহ, মানে আপুনি দুশ বছৰৰ জ্ঞান দুই মিনিটত পঢ়ি শেষ কৰিব বিচাৰিছে?) নাই, দুটা কাৰণৰ বাবে আমি এনেকুৱা কৰিব নোৱাৰোঁ–
(ক) প্রথমে আমি এতিয়ালৈকে সকলোখিনি মৌলিক নিয়ম বা সূত্রৰ বিষয়ে জ্ঞাত নহয় আৰু
(খ) দ্বিতীয়তে পদার্থ বিজ্ঞানৰ সূত্রসমূহৰ একেবাৰে সঠিক ব্যাখ্যা কৰিবলৈ হ’লে আমাক বহুত উচ্চ শ্রেণীৰ গাণিতিক জ্ঞানৰ প্রয়োজন হ’ব, যিটো এতিয়াই আমাৰ সকলোৰে বাবে সম্ভৱ নহয়৷
গতিকে আমি খণ্ড খণ্ডকৈ শিকাৰ বাদে আমাৰ হাতত গত্যন্তৰ নাই৷ খণ্ড খণ্ডকৈ অর্থাৎ প্রকৃতিৰ সমস্ত জ্ঞানৰ এক এক অংশ, আৰু এই অংশসমূহ সম্পূর্ণ সত্যৰ কিছুমান আসন্নমান approximation)ৰ বাদে আন একো নহয়৷ এতিয়ালৈকে আমি শিকা বা জনা সকলোখিনিয়েই একো একোটা ধৰি লোৱা মান মাত্র, যি পিছত ভুল বুলি প্রমাণিত হ’লে সালসলনি কৰি শুদ্ধ মান নির্ণয় কৰা হয়৷
এতিয়া আহোঁ বিজ্ঞান বুলিলেনো আমি কি বুজোঁ? তাৰ বাবে প্রথমেই জানিব লাগিব আমি জ্ঞানসমূহ ক’ৰ পৰা পাওঁ? এই জ্ঞানসমূহ পাওঁ আমি পৰীক্ষা–নিৰীক্ষাৰ দ্বাৰা৷ এই পৰীক্ষাসমূহেই হৈছে সকলো ধৰণৰ বৈজ্ঞানিক সত্যতা জোখাৰ মাপকাঠী৷ কিন্তু এতিয়া আন এক প্রশ্ণ উদয় হয় যে এই বিজ্ঞানৰ সূত্রসমূহ বুলি যাক কোৱা হয়, সেইসমূহ ক’ৰ পৰা আহে? তাৰ উত্তৰত ক’ব পাৰি যে এই সূত্রসমূহো আহে বৈজ্ঞানিক পৰীক্ষা–নিৰীক্ষাৰ দ্বাৰা৷ কিন্তু কেৱল বৈজ্ঞানিক পৰীক্ষা–নিৰীক্ষাসমূহ্ যথেষ্ট হয়নে বিজ্ঞানৰ একোটা নিয়ম সকলোৰে মাজলৈ আনিবলৈ? নহয়, কেৱল পৰীক্ষা–নিৰীক্ষায়েই নহয়, ইয়াৰ লগতে লাগিব কল্পনা কৰিব পৰা শক্তি৷ হয়, প্রথমে পৰীক্ষাৰ দ্বাৰা যিকোনো প্রাকৃতিক পৰিঘটনাৰ লগত জড়িত হৈ থকা সূত্রসমূহৰ শুংসূত্র পোৱা যায়৷ তাৰ পিছত কল্পনাশক্তি আৰু চিন্তা–চর্চাৰ যোগেদি সেই পৰিঘটনাসমূহৰ মাজত লুকাই থকা বৈজ্ঞানিক সূত্রসমূহক ঘঁহি–মাজি উলিয়াই অনা হয়৷ তাৰ পিছত পুনৰ পৰীক্ষা চলোৱা হয় যে নির্দিষ্ট কৰা সূত্রটিৰ প্রায়োগিক ব্যৱহাৰ কৰোঁতে সঠিকভাৱে ফলাফল ওলাইছে নে নাই, তাৰ পিছতহে সেই সূত্রটি সকলোৱে ব্যৱহাৰ কৰিবলৈ যোগ্য হৈ পৰে৷ এই প্রক্রিয়াসমূহ ইমানেই জটিল যে ইয়াৰ বাবে পদার্থ বিজ্ঞানৰ কর্মীসকলক দুভাগত বিভক্ত কৰি দিয়া হৈছে– তাত্ত্বিক পদার্থবিদ আৰু প্রয়োগিক পদার্থবিধ৷ তাত্ত্বিক পদার্থবিদসকলে প্রকৃতিৰ নিয়মসমূহক কল্পনা কৰে, সেই নিয়মসমূহৰ তাত্ত্বিক অর্থৰ লগতে গাণিতিক প্রমাণসমূহ নিৰূপণ কৰে, কিন্তু তাৰ প্রয়োগ নকৰে৷ আনহাতে প্রায়োগিক পদার্থবিদসকলে পৰীক্ষা কৰে আৰু তাৰ পৰা ফলাফল নিৰূপণ কৰি সূত্রসমূহৰ প্রমাণসমূহ নির্ণয় কৰে৷
আমি কওঁ বিজ্ঞানৰ সূত্রসমূহৰ সত্যতা সলনি হৈ থাকে, অর্থাৎ আজি শুদ্ধ বুলি কোৱা সূত্রসমূহ হয়তো কাইলৈ ভুল হিচাপেও প্রমাণিত হ’ব পাৰে৷ কিন্তু প্রশ্ণ হয়– সেই সূত্রসমূহৰ লগত জড়িত থকা পৰীক্ষাসমূহ কিদৰে ভুল হ’ব পাৰে? উত্তৰত কওঁ– ভুল হ’ব পাৰে, তাকো সাংঘাতিক ধৰণে– পৰীক্ষাৰ লগত ব্যৱহূত সঁজুলিসমূহত যদি কিবা ভুল থাকে, তেন্তে গোটেই পৰীক্ষাটোৱেই ভুল হৈ যায়৷ হয়, এনেধৰণৰ সমস্যাবোৰ চকু–কাণ মেলি সজাগ হৈ কৰিলে অৱশ্যে সমাধান হৈ যায়৷ কিন্তু এই ধৰণৰ সৰু–সুৰা কথাবোৰ বাদ দিলেও প্রশ্ণ হয় কিদৰে এটা পৰীক্ষা ভুল হৈ যাব পাৰে? উত্তৰ– অতি সহজ, সঠিক নোহোৱাকৈ আচৰিত, নহয়নে? উদাহৰণসহ কওঁ– পদার্থ এটাৰ ভৰ কেতিয়াও সলনি নহয় যেন লাগে৷ ঘূর্ণন গতিত ঘূৰি থকা লাটুম এটাৰ যিমান ওজন হয়, ৰখি থকা অৱস্থাত থকা লাটুম একোটাৰো সমানেই ওজন৷ ইয়াৰ পৰা এটা সূত্র উলিওৱা হ’ল যে ভৰ সদায় একেই থাকে, ইয়াৰ গতিবেগৰ লগত কোনো সম্পর্ক নাই৷ সেই ‘সূত্র’টো এতিয়া ভুল বুলি প্রমাণিত হ’ল৷ এতিয়া গম পোৱা গ’ল যে গতিবেগ বাঢ়িলে ভৰ বাঢ়ি যায়, কিন্তু গম পাব পৰাকৈ ভৰ সলনি হ’বলৈ হ’লে পদার্থটিৰ গতিবেগ পোহৰৰ গতিবেগৰ আশে–পাশে হ’ব লাগিব৷ এতিয়া সঠিক সূত্রটো হ’ব– ‘পদার্থ এটা যদিহে এক ছেকেণ্ডত এশ মাইলতকৈ কম গতিবেগত গতি কৰে, তেন্তে পদার্থটিৰ ভৰ এক মিলিয়ন ভাগৰ এক ভাগলৈকে একেই থাকিব৷’ প্রায়োগিক দৃষ্টিকোণৰ পৰা কোনোৱে হয়তো ক’ব পাৰে যে দুয়োটা সূত্রতে দেখোন চাবলৈ গ’লে কোনো পার্থক্য নাই৷ এফালৰ পৰা হয়ো, নহয়ো সাধাৰণ গতিবেগৰ বাবে আমি এই নতুন নিয়মটোক একেবাৰে পাহৰি ভৰ আৰু গতিবেগৰ যি স্বাধীন সম্পর্ক, তাকে মনত ৰাখি কাম চলাই নিব পাৰোঁ৷ কিন্তু আমাৰ গতিবেগ বঢ়াৰ লগে লগেই আমি ভুল হৈ গৈ থাকিম৷ গতিবেগ যিমানেই বাঢ়িব, আমাৰ ভুলটোৱেও সিমানেই ডাঙৰ হ’ব৷
শেষত দার্শনিকভাৱে ক’বলৈ গ’লে আমি প্রথমে লোৱা সূত্রটো একেবাৰে ভুল লাগিলে যিমান সৰুকৈয়ে ভৰ সলনি নহওক কিয়, আমাৰ এই পৃথিৱীখনৰ প্রতি থকা সম্পূর্ণ ধাৰণাই ই সলাই পেলায়৷ প্রকৃতিৰ নিয়ম বা এই সূত্রসমূহৰ গুৰিত থকা ই এক সাংঘাতিক কথা৷ কেতিয়াবা সৰুতকৈ সৰু ফলাফলেও আমাৰ সম্পূর্ণ চিন্তাধাৰাকেই সলাই পেলায়৷
তেন্তে আমি প্রথমে শিকিম কোনটো? শুদ্ধ, কিন্তু বুজিবলৈ টান, আচৰিত আৰু হতভম্ব হৈ যোৱা ধাৰণাসমূহৰ নিয়মসমূহ যেনে–Theory of Relativity, four-dimensional space-time, ইত্যাদি নে সহজ–সৰল, কম–বেছি পৰিমাণে শুদ্ধ ভৰ–গতিবেগৰ স্বাধীন সম্পর্কৰ দৰে সহজ ধাৰণাসমূহ? প্রথমটো শুনিবলৈ বেছি ভাল লগা আৰু আমোদদায়ক, কিন্তু দ্বিতীয়টো আৰম্ভণিতে বুজিবলৈ সহজ আৰু প্রথমটোৰ প্রকৃত অর্থ বুজি পোৱাৰ বাস্তৱ ৰাস্তা৷ এই কথাটো পদার্থ বিজ্ঞান অধ্যয়ন কৰোঁতে বাৰে বাৰে ওলাই আহে আৰু প্রতিবাৰেই আমি বেলেগ বেলেগ ধৰণে ইয়াক সমাধান কৰিবলৈ যত্ন কৰোঁ৷ যেনেকুৱা ধৰণেই আমি সমাধান নকৰোঁ কিয়, সেই কথাটো শিকা বহুতেই প্রয়োজনীয়– বর্তমান আমি কি কথা জানো, কি কি ধৰণে কথাখিনি জানো, কিমান শুদ্ধকৈ জানো, কি ধৰণে এই কথাখিনি মহাবিশ্বৰ প্রকৃত ৰূপটিৰ লগত খাপ খাই পৰে আৰু যদিহে আমি ভৱিষ্যতে পুনৰ শুদ্ধকৈ শিকোঁ, তেন্তে কি ধৰণে আমি ইয়াক সলাব পাৰোঁ
আহক, এই কথাখিনি লৈ আমি আগবাঢঁো, যাতে পিছলৈ আমি যেতিয়া কিবা এটা বিষয়ত হাত দিম, তেতিয়া অন্ততঃ আমাৰ সেই বিষয়টোৰ বিষয়ে নূ্যনতম জ্ঞান অলপ থাকিব৷ বিষয়টো কিয় প্রয়োজনীয় সেই বিষয়ে ক’ব পাৰিম আৰু কিদৰে সেই বিষয়টো বিশ্বব্রহ্মাণ্ডৰ ৰহস্যসমূহ সমাধানত সহায়ক হ’ব, সেই বিষয়েও বুজ ল’ব পাৰিম৷
আচ্ছা, এই বিশ্বব্রহ্মাণ্ডখনৰ বিষয়ে আমি এতিয়ালৈকে কি কি জানো বুলি জানো?
১–২. পদার্থসমূহৰ পৰমাণুৰ দ্বাৰা গঠিত
The Feynman Lectures on Physics by Feynman, Leighton & Sands ৰVol 1- Mechanics, Radiation & Heatৰ অসমীয়া অনুবাদ (আগলৈ)