নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দ্বাদশ শ্রেণী উত্তীর্ণ শিক্ষার্থীৰ পাঠ্যক্রম

দীপক কুমাৰ দাস

 

প্রত্যেক বছৰে আমাৰ দেশত লক্ষাধিক শিক্ষার্থী দ্বাদশ শ্রেণী উত্তীর্ণ হয়৷ কলা, বিজ্ঞান আৰু বাণিজ্য শাখাত উত্তীর্ণ শিক্ষার্থীসকলে মহবিদ্যালয়সমূহত্ থকা পাঠ্যক্রম বাছি লয় যদিও অনেক শিক্ষার্থী এইক্ষেত্রত দ্বিধাৰ সন্মুখীন হয়৷ কিয়নো পাঠ্যক্রমটোৰ জৰিয়তে এটি সফল কেৰিয়াৰ গঢ়ি তুলিব পাৰিব নে নোৱাৰিব, সংস্থাপন সহজতে পাব নে নাপাব, এনে বিষয়সমূহ জড়িত হৈ থাকে৷ সাধাৰণতে বিজ্ঞান শাখাত উত্তীর্ণ শিক্ষার্থীয়ে চিকিৎসা বিজ্ঞান, অভিযান্ত্রিক, কৃষি–মৎস্য বিজ্ঞানত স্নাতক ডিগ্রী লাভ কৰাৰ মন মেলে৷ এইক্ষেত্রত শিক্ষার্থীসকলে সর্বভাৰতীয় স্তৰত প্রৱেশ পৰীক্ষাত উত্তীর্ণ হ’ব লাগিব৷ ঠিক তেনেদৰে কলা আৰু বাণিজ্য শাখাত দ্বাদশ শ্রেণীত উত্তীর্ণ শিক্ষার্থীসকলে স্বাভাৱিকভাৱে যিকোনো এটা বিষয়ত ডিগ্রী লৈ পাছলৈ স্নাতকোত্তৰ ডিগ্রী লাভ কৰি সংস্থাপনৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰে৷ সাম্প্রতিক সময়ত দক্ষতা আৰু জ্ঞানৰ প্রয়োজন মাত্রাধিক বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত ডিগ্রী লাভ কৰাৰ পাছত এগৰাকী শিক্ষার্থীয়ে বিভিন্ন ডিপ্ল’মা, চার্টিফিকেট পাঠ্যক্রম সম্পূর্ণ কৰিবলগীয়া হয়৷ বিজ্ঞান শাখাত দ্বাদশ শ্রেণী উত্তীর্ণসকলে বি ই/বি টেক অর্থাৎ বেচেলৰ অৱ টেকন’লজী পাঠ্যক্রমক প্রাধান্য দিয়া দেখা যায়৷ বেচেলৰ অৱ টেকন’লজীৰ ভিতৰত অন্তর্ভুক্ত পাঠ্যক্রমসমূহ হৈছে– বেচেলৰ অৱ আর্কিটেকচাৰ, বেচেলৰ অৱ কম্পিউটাৰ এপ্লিকেচন, বি এছ চি ইন ইনফৰমেচন টেকন’লজী, বি এছ চি নার্ছিং, বি ফার্মা, বি এছ চি ইণ্টেৰিয়ৰ ডিজাইন, বেচেলৰ অৱ ডেণ্টেল ছার্জাৰী (বিডিএছ), বি এছ চি নিউট্রিচন এণ্ড ডায়েটেটিক্স, বেচেলৰ অৱ ফিজি’থেৰাপী, বি এছ চি এপ্লাইড জি’লজী, বি এ/বি এছ চি লিবাৰেল আর্টছ, বি এছ চি ফিজিক্স, বি এছ চি কেমেষ্ট্রী, বি এছ চি মেথামেটিকছ আদি পাঠ্যক্রমৰ লগতে বিজ্ঞান শাখাৰ শিক্ষার্থীয়ে এৰ’নটিকেল ইঞ্জিনীয়াৰিং, অটোম’বাইল ইঞ্জিনীয়াৰিং, চিভিল ইঞ্জিনীয়াৰিং, কম্পিউটাৰ ছায়েঞ্চ এণ্ড ইঞ্জিনীয়াৰিং, বায়’টেকন’লজী ইঞ্জিনীয়াৰিং, ইলেক্ট্রিকেল এণ্ড ইলেক্ট্র’নিকছ ইঞ্জিনীয়াৰিং, ইলেক্ট্র’নিকছ এণ্ড কমিউনিকেচন ইঞ্জিনীয়াৰিং, অট’মেচন এণ্ড ৰ’ব’টিকছ, পেট্র’লিয়াম ইলেক্ট্র’নিকছ ইঞ্জিনীয়াৰিং, ইনষ্ট্রুমেইণ্টেচন ইঞ্জিনীয়াৰিং, চেৰামিক ইঞ্জিনীয়াৰিং, কেমিকেল ইঞ্জিনীয়াৰিং, ষ্ট্রাকচাৰেল ইঞ্জিনীয়াৰিং, ট্রান্সপ’র্টেচন ইঞ্জিনীয়াৰিং, কনষ্ট্রাকচন ইঞ্জিনীয়াৰিং, পাৱাৰ ইঞ্জিনীয়াৰিং, ৰ’ব’টিক্ছ ইঞ্জিনীয়াৰিং, টেক্সটাইল ইঞ্জিনীয়াৰিং, স্মার্ট মেনুফেকচাৰিং এণ্ড এট’মেচন পাঠক্রম৷ আনপিনে বাণিজ্য শাখাত দ্বাদশ শ্রেণী উত্তীর্ণ ছাত্র–ছাত্রীসকলে বেচেলৰ অৱ কমার্চ, বেচেলৰ অৱ বিজিনেছ এডমিনিষ্ট্রেচন (বিবিএ), বি কম অনার্ছ, বি.এ অনার্ছ ইন ইক’নমিক্স, ইণ্টিগ্রেটেড ল’ প্রগ্রেম–বি কম এলএলবি, ইণ্টিগ্রেটেড ল’ প্রগ্রেম–বিবিএ এলএলবি৷ তেনেদৰে কলা শাখাত উত্তীর্ণ শিক্ষার্থীসকলে বিজ্ঞান আৰু বাণিজ্য শাখাতকৈ কম কেৰিয়াৰ গঢ়াৰ সুযোগ লাভ কৰে৷ এই শাখাত উত্তীর্ণসকলে বিবিএ (বেচেলৰ অৱ বিজিনেছ এডমিনিষ্ট্রেচন), বি এম এছ (বেচেলৰ অৱ মেনেজমেণ্ট ছায়েঞ্চ), বি এফ এ (বেচেলৰ অৱ ফাইন আর্টছ), বি ই এম (বেচেলৰ অৱ ইভেণ্ট মেনেজমেণ্ট), ইণ্টিগ্রেটেড ল’ ক’ছ–বি+এলএলবি, বি জে এম চি (বেচেলৰ অৱ জার্নালিজম এণ্ড মাছ কমিউনিকেচন), বি এফ ডি (বেচেলৰ অৱ ফেশ্বন ডিজাইনিং), বি এছ ডব্লিউ (বেচেলৰ অৱ ছ’চিয়েল ৱর্ক), বি বি এছ (বেচেলৰ অৱ বিজিনেছ ষ্টাডিজ), বি টি টি এম (বেচেলৰ অৱ ট্রেভেল এণ্ড টুৰিজিম মেনেজমেণ্ট এভিয়েচন ক’ছ), বি এ ইন হিষ্ট্রী, বিভিএ (বেচেলৰ অৱ ভিজুৱেল আর্টছ), বেচেলৰ অৱ পাৰফ’র্মিং আর্টছৰ লগতে বিএছচি ইণ্টেৰিয়ৰ ডিজাইনিং, বিএছচি ইন হাস্পটালিটী এণ্ড হোটেল এডমিনিষ্ট্রেচন আদি পাঠ্যক্রম৷ বিজ্ঞান, বাণিজ্য আৰু কলা শাখাত উল্লিখিত পাঠ্যক্রমৰ উপৰি দ্বাদশ শ্রেণী উত্তীর্ণ শিক্ষার্থীসকলে নিজৰ ইচ্ছা অনুসৰি কেৰিয়াৰ গঢ়িবলৈ হ’লে চার্টার্ড একাউণ্টেন্সী (চিএ), কোম্পানী ছেক্রেটাৰী (চিএছ), বেচেলৰ অৱ ফৰেইন লেংগুৱেজ, বেচেলৰ অৱ ডিজাইন ইন এছ’ছৰী ডিজাইন, গ্রাফিক ডিজাইন, জুৱেলাৰী ডিজাইন, ইণ্ডাষ্ট্রিয়েল ডিজাইন, লেডাৰ ডিজাইন আদি পাঠ্যক্রমত নামভর্তি কৰিব পাৰে৷ তদুপৰি ইচ্ছুক শিক্ষার্থীয়ে ডিপ্ল’মা কোর্ছ, এডভান্সড ডিপ্ল’মা কোর্ছ, চার্টিফিকেট কোর্ছ আদিৰেও নিজৰ কেৰিয়াৰ গঢ়াৰ সুযোগ ল’ব পাৰে৷ দ্বাদশ শ্রেণী উত্তীর্ণ যিকোনো শাখাৰ শিক্ষার্থীয়ে উল্লিখিত পাঠ্যক্রমসমূহত নামভর্তি কৰিবলৈ হ’লে প্রখ্যাত শৈক্ষিক প্রতিষ্ঠানৰ বিতং তথ্য ৱেবছাইটযোগে লাভ কৰিব পাৰে৷ অৱশ্যে এইক্ষেত্রত শিক্ষার্থীয়ে প্রতিষ্ঠানটোৰ পূর্বৰ লগতে বর্তমানৰ স্থিতি পৰীক্ষণ কৰি লোৱাটো জৰুৰী৷

You might also like