নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোলকীয় পৰ্যায়ত জনপ্ৰিয় পাঠ্যক্ৰম কলা বিজ্ঞান

 

দীপক কুমাৰ দাস 

বিজ্ঞানবিহীন জীৱন যাপন একবিংশ শতিকাৰ নাগৰিকে কল্পনাই কৰিব নোৱাৰে৷ সেই হেতুকে নৱপ্রজন্মৰ প্রতিগৰাকী শিক্ষার্থীৰ বাবে বিজ্ঞানৰ জ্ঞান অতি প্রয়োজনীয় হৈ পৰিছে৷ সাধাৰণতে কলা বিষয়ত উচ্চশিক্ষা গ্রহণ কৰা শিক্ষার্থীসকল বিজ্ঞানৰ জ্ঞান লাভৰ পৰা বঞ্চিত হৈ থাকে৷ তেনেদৰে বিজ্ঞানৰ শিক্ষার্থীসকলেও কলা বিষয়ক জ্ঞান আহৰণৰ সুবিধা নাপায়৷ পশ্চিমীয়া দেশসমূহত সেয়েহে শিক্ষাৰ নতুন পাঠ্যক্রম হিচাপে কলা আৰু বিজ্ঞানক একত্রিত কৰাৰ অভিনৱ পদক্ষেপ গ্রহণ কৰিছে আৰু ইয়াৰ জৰিয়তে কলা আৰু বিজ্ঞান উভয়তে আগ্রহী শিক্ষার্থী উপকৃত হৈছে৷ পশ্চিমীয়া দেশত বিগত বর্ষত কলা আৰু বিজ্ঞানৰ সংহত ৰূপক অভিনৱ পন্থাৰে ‘কলা বিজ্ঞান’ Arts Science) পাঠ্যক্রমৰ আৰম্ভ কৰিছে৷ আমেৰিকা যুক্তৰাষ্ট্র আৰু ইউৰোপৰ অনেক বিশ্ববিদ্যালয়ত ইতিমধ্যে ‘কলা বিজ্ঞান’ পাঠ্যক্রম অন্তর্ভুক্ত কৰা হৈছে৷ উদাহৰণস্বৰূপে– ষ্টেনফ’ড বিশ্ববিদ্যালয়ৰ শিক্ষার্থীসকলক ‘কলা বিজ্ঞান’ পাঠ্যক্রমত অধ্যয়নৰ সুবিধা প্রদান কৰি আহিছে৷ এনে পাঠ্যক্রমৰ ভিতৰত ‘আর্টছ এণ্ড ইলেক্ট্রনিক্স, আর্টছ এণ্ড বায়োল’জী, ক্রিয়েটিভ ৰাইটিং এণ্ড ছায়েন্স, লিটাৰেচাৰ এণ্ড ফার্মাক’লজী, ছ’চিয়েল এনাটমী’ আদি উল্লেখযোগ্য৷ তেনেদৰে ভিয়েনা বিশ্ববিদ্যালয়ত মাষ্টার্ছ ইন আর্টছ ছায়েন্স পাঠ্যক্রম চলি আছে৷ এই পাঠ্যক্রমত কলা–সংস্কৃতিৰ বিভিন্ন ৰূপৰ লগতে বিজ্ঞানৰ উদ্ভাৱনসমূহক অন্তর্ভুক্ত কৰা হৈছে৷ আমেৰিকা আৰু ইউৰোপত কলা বিজ্ঞান পাঠ্যক্রমে জনপ্রিয়তা আৰু সফলতা লাভ কৰাৰ পাছত বিশ্বৰ আন আন দেশসমূহতো ইয়াৰ প্রাসংগিকতাক লৈ চর্চা আৰম্ভ হৈছে৷ কলা আৰু বিজ্ঞান–প্রযুক্তিৰ মাজৰ বিৰাট ব্যৱধানক হ্রাস কৰাৰ লক্ষ্যৰে কলা বিজ্ঞান পাঠ্যক্রমৰ প্রাসংগিকতা বৃদ্ধি পাইছে৷ কলা আৰু বিজ্ঞানৰ মাজত পার্থক্য আছে যদিও এই দুই বিষয়ৰ মাজত অতি গভীৰ সম্পর্কও আছে৷ ‘কলা বিজ্ঞান’ পাঠ্যক্রমত দুয়োটা বিষয়ৰ মাজত থকা সম্পর্কক প্রতিফলিত কৰা হৈছে৷ উল্লেখ্য যে বিজ্ঞানে যদি জ্ঞানৰ সন্ধান কৰে, তেতিয়াহ’লে কলাই সেই জ্ঞান বুলি পণ্ডিতসকলে মত প্রকাশ কৰি আহিছে৷ তেনেদৰে যদি কলা প্রতীকী ৰূপত প্রাকৃতিক বিশ্বৰ সৈতে সম্পর্কিত, তেনেহ’লে বিজ্ঞানে সেই প্রাকৃতিক বিশ্বক ৰূপান্তৰিত কৰিব বিচাৰে৷ পণ্ডিতসকলে মত ব্যক্ত কৰা মতে কলাৰ মাহাত্ম্য অবিহনে বিজ্ঞান হ’ব আত্মধ্বংসকাৰক৷ এনে দৃষ্টিভংগীৰ বাবে কলাত্মক বৈশিষ্ট্যৰে বৈজ্ঞানিক বিকাশক সমালোচনাৰ আৱশ্যক৷ কলাই মানুহক একাত্ম কৰি তোলে, কিন্তু বিজ্ঞানে পৃথিৱীৰ আন বস্তুৰ পৰা মানৱক পৃথক কৰি ৰখাত সহায় কৰে৷ কলাই ইতিহাস, পৰম্পৰা আৰু সংস্কৃতিক বহন কৰি ৰাখে, কিন্তু বিজ্ঞানে সেয়া কৰিব নোৱাৰে৷ তেনে কাৰণতে কলাৰ আশ্রয়ত বিজ্ঞানক মানৱীয় ইতিহাসৰ সৈতে জড়িত কৰাৰ প্রয়োজনীয়তা শিক্ষাবিদসকলে মানি লৈছে আৰু তাৰ বাবেই কলা বিজ্ঞান পাঠ্যক্রমক প্রাধান্য দিছে৷ পশ্চিমীয়া দেশবোৰক অনুকৰণ কৰা আন দেশবোৰেও এই পাঠ্যক্রমক শীঘ্রেই নিজৰ দেশত অন্তর্ভুক্ত কৰাৰ পৰিকল্পনা যুগুত কৰিছে৷ এইক্ষেত্রত ভাৰতেও অদূৰ ভৱিষ্যতে কলা বিজ্ঞান পাঠ্যক্রমক আঁকোৱালি লোৱাৰ প্রয়োজনীয়তা আহি পৰিছে৷ কিয়নো কলাৰ লগতে বিজ্ঞানৰ ক্ষেত্রখনতো ভাৰত অতিকে সমৃদ্ধিশালী৷ নতুন প্রজন্মৰ শিক্ষার্থীক কলা বিজ্ঞান উভয় বিষয়তে জ্ঞান লভাৰ সুযোগ দিলে দেশ গঢ়াত সহায়ক হ’ব৷

You might also like