শিক্ষকৰ বাবে শিকন
চাৰুলতা কলিতা
মূলঃ’Educating the Educator’ JKrishnamurti
১৯৪৮ চনৰ কথা৷ জে কৃষ্ণমূর্তিয়ে ভাৰতবর্ষৰ বিভিন্ন ঠাইত এলানি বত্তৃণতামালাৰ ব্যৱস্থা কৰিছিল৷ তাৰ ভিতৰত ব’ম্বে আৰু পুনেৰ বত্তৃণতামালাই শিক্ষক আৰু অভিভাৱকৰ সভা হিচাপে স্থান লাভ কৰিছিল৷ এই বিশেষ আলোচনা–চক্রসমূহ দর্শক আৰু কৃষ্ণমূর্তিৰ মাজৰ শিক্ষাবিষয়ক প্রশ্ণ আৰু উত্তৰমালাৰূপে গঢ় লৈ উঠিছিল৷
কৃষ্ণমূর্তিয়ে তেওঁৰ মুক্ত ভাষণৰ আৰম্ভণিতে বিস্তাৰিতভাৱে এক বিশেষ দিশত গুৰুত্বসহকাৰে কৈছিল যে শিক্ষক গুৰিৰে পৰা এক আত্মজ্ঞানেৰে দীপ্ত হোৱা উচিত (আত্মদ্বিপো ভৱঃ) আৰু প্রতিক্ষণে উত্তৰণৰ দিশত নিজকে দ্রুতগতিত সময়ৰ স’তে সোঁত মিলাই সলনি কৰি লৈ যোৱাৰ ক্ষেত্রত মানুহ হিচাপে সাজু কৰি ল’ব লাগে Radical change in himself)৷ আমাৰ সমস্যা বেছিখিনিতে শিশু বা ছাত্রসকল বুলি ক’ব নোৱাৰি, আচলতে শিক্ষকসকলেহে, যিসকলে ছাত্রসকলতকৈও নিজকে শিক্ষাৰ ক্ষেত্রত বেছিকৈ আগ্রহী আৰু প্রস্তুত কৰি ল’ব লাগে৷ এইক্ষেত্রত ছাত্রক শিক্ষাদান কৰাতকৈ শিক্ষকক শিক্ষাদান কৰাটো বেছি কষ্টকৰ৷ কাৰণ শিক্ষকসকল ইতিমধ্যেই এক স্বাভাৱিক শৈলীত স্থিৰভাৱে বহি লৈছে৷ কৃষ্ণমূর্তিয়ে তেওঁৰ বহুমূলীয়া ভাষণত অভিভাৱকসকলক কৈছিল, ‘আপোনালোকেই শিক্ষক, কাৰণ এখন ঘৰৰ পৰিৱেশ এখন বিদ্যালয়ৰ পৰিৱেশৰ সমানেই গুৰুত্বপূর্ণ৷ সেয়ে আপোনালোকে নিজকে প্রথমে এক শুদ্ধ বা সুন্দৰ পৰিৱেশৰ দিশত উত্তৰণ বা সলনি কৰি ল’ব লাগিব, যাতে আপোনাৰ শিশুটোৱে এক শুদ্ধ বা সুন্দৰ পৰিৱেশ পাব পাৰে৷’
এই পুস্তিকাখনে একেধাৰে কৃষ্ণমূর্তিৰ আলোচনা–চক্রসমূহৰ্ এক সঠিক প্রতিবেদন দাঙি ধৰাৰ লগতে নতুন দিল্লী আৰু বেনাৰসৰ ৰাজহুৱা ভাষণৰ অন্তত ৰাইজে কৰা দুটা প্রশ্ণৰ উত্তৰো সন্নিৱিষ্ট কৰিছে৷
‘শিক্ষকৰ বাবে শিকন’–’Educating the Educator’ গ্রন্থৰ ব’ম্বে ভাষণ (১৩ মার্চ, ১৯৪৮ চন)ৰ একাংশঃ
যদিও সকলোৰে বাবে এই আলোচনা–চক্র মুকলি কৰা হৈছে, তথাপি আজিৰ আলোচনা–চক্র বিশেষতঃ শিক্ষাবিদ আৰু শিক্ষকসকলৰ প্রয়োজনৰ প্রতি লক্ষ্য ৰাখিহে অনুষ্ঠিত কৰা হৈছে৷ এই সভাখনত’New Education Fellowship’ৰ এজন সদস্যই সভাপতিত্ব কৰিছিল আৰু ইয়ালৈ কৃষ্ণমূর্তিক তেওঁৰ অনুষ্ঠানটিৰ হকে আমন্ত্রণ জনাই সম্ভাষিত কৰিছিল, লগতে শিক্ষাবিষয়ক বহুমূলীয়া ভাষণেৰে উপকৃত কৰাৰ বাবে অনুৰোধ জনাইছিল৷
কৃষ্ণমূর্তিৰ ভাষণঃ ‘সভাৰ অধ্যক্ষ আৰু বন্ধুবর্গ, মোলৈ যথেষ্টসংখ্যক প্রশ্ণ পঠিওৱা হৈছিল আৰু তাৰ ভিতৰত আজিৰ সন্ধিয়াটোত যিমানখিনি সম্ভৱ উত্তৰ দিয়াৰ বাবে প্রতিশ্রুতিৰে আগবাঢ়িছোঁ৷ ইয়াৰ বহুখিনি প্রশ্ণই পুনৰ উত্থাপিত৷ কিছুমানৰ সাৰমর্ম লোৱা হৈছে আৰু কিছুমানৰ পুনৰাবৃত্তি হৈছে৷ গতিকে সকলোবোৰ একত্রিত কৰি লিপিবদ্ধ কৰিলে পোন্ধৰ–ষোল্লটামান হ’ব৷ কিন্তু উত্তৰ দিয়াৰ আগতে মই কেইটামান কথা উল্লেখ কৰিব বিচাৰিছোঁ৷
গোটেই বিশ্বতে এইটো গুৰুত্বপূর্ণভাৱে প্রত্যক্ষ কৰা হৈছে যে শিক্ষকসকলেও শিকাৰ প্রয়োজন আছে বা তেওঁলোককো শিকোৱাৰ প্রয়োজন আছে৷ শিশুক শিক্ষাদান কৰাটোৱেই প্রশ্ণ নহয়, শিক্ষকসকলক শিকোৱাটোও এটা প্রশ্ণ৷ কাৰণ শিক্ষকসকলক শিকোৱাটো ছাত্রসকলক শিকোৱাতকৈ বেছি প্রয়োজনীয়৷ ছাত্রসকল উঠি অহা গছপুলিসদৃশ, তাক আপডাল কৰা প্রয়োজন আৰু এইক্ষেত্রত আপডাল কৰোঁতে শিক্ষকজন যদি নিজেই অসমর্থ, ক্ষুদ্র চিন্তাধাৰাৰ লগতে একঘেয়ামি মনোবৃত্তিৰ হয়, তেতিয়াহ’লে তেওঁৰ দ্বাৰা প্রতিপালিত ফচলো তেওঁৰ দৰেই হয়৷ সেয়ে, ছাত্রক কি শিকাব লাগিব তাৰ প্রকৃত জ্ঞান বা বুদ্ধিমত্তা শিক্ষকজনে নিজস্বভাৱে আয়ত্ত কৰি ল’ব লাগিব৷ আমি এতিয়া দেখিবলৈ পাইছোঁ যে গোটেই বিশ্বতে শিক্ষা ব্যৱস্থাটো অসাৰ হৈ পৰিছে, যাৰ ফলত দুখনকৈ বিশ্বযুদ্ধই বুৰঞ্জী কলংকিত কৰিছে৷ শিক্ষা ব্যৱস্থাটোৰ অকৃতকার্যতাই ইয়াৰ দ্বাৰা প্রতিফলিত হৈছে৷ এই শিক্ষা ব্যৱস্থাৰ ঠাইত আন এটি পৰিপূৰক হিচাপে প্রয়োগ কৰিবলৈ গ’লেও সি অসাৰেই হ’বগৈ৷ ইয়াৰ বিপৰীতে যদি শিক্ষকসকলৰ ভাবধাৰা, অনুভূতি, মনোবৃত্তি আদিৰ উৎকর্ষ সাধন কৰিব পৰা যায়, তেতিয়া সম্ভৱতঃ এক নতুন সু–সংস্কৃতি, এক নতুন সভ্যতাই গঢ় ল’ব পাৰে, কাৰণ বর্তমানৰ সভ্যতা প্রায় ধ্বংসৰ পথত৷ আগন্তুক মহাযুদ্ধই সম্ভৱতঃ পশ্চিমীয়া সভ্যতাকে প্রতিষ্ঠিত কৰিব, ই আমাৰ দেশতো প্রভাৱ পেলাব৷
কিন্তু এই সকলোবোৰ বিশৃংখল, দুখ, সন্ধিঘ্ণতা বা দ্বিধাগ্রস্ততাৰ মাজতো শিক্ষকসকলৰ যথেষ্ট দায়বদ্ধতা নিশ্চয় আছে, তেহেলৈ শিক্ষকজন চৰকাৰী চাকৰিয়ালেই হওক বা ধর্মগুৰুৱেই হওক বা তথ্যবিদ, অসাধাৰণ জ্ঞানৰ অধিকাৰীয়েই হওক৷ কিন্তু যিসকলে মাত্র নিজৰ জীৱন ধাৰণৰ পাথেয় হিচাপে অর্থাৎ জীৱিকা হিচাপেহে শিক্ষকতা কৰে বা কৰা বুলি ভাবে, মোৰ মতে তেওঁলোকৰ বর্তমান সমাজ ব্যৱস্থাত কোনো স্থান নাথাকে, য’ত সমাজ ব্যৱস্থাই এক নতুন দিশত গতি কৰিছে আৰু শিক্ষা ব্যৱস্থাও তাৰ স’তে খাপখোৱা হ’ব লাগিব৷ সেয়ে আমাৰ সমস্যা এতিয়া বহুক্ষেত্রত আমাৰ শিশু বা ছাত্র–ছাত্রীসকল নহয়, শিক্ষকসকলহে৷ যিয়ে শিক্ষাদান কৰে, তেওঁলোকৰ বাবেহে এতিয়া ছাত্রসকলতকৈও বেছি শিক্ষা গ্রহণৰ প্রয়োজন৷ আনহাতে, ছাত্রসকলতকৈ শিক্ষকসকলক শিক্ষাদান কৰাটোহে বেছি জটিল৷ কাৰণ শিক্ষকসকল ইতিমধ্যে এটা নির্দিষ্ট সাঁচ বা কাঠামোত ৰৈ গৈছে৷ তেওঁলোকে মাথোঁ নির্ধাৰিত ৰুটিন বা কার্যসূচীমতে চলিব বিচাৰে, নতুন চিন্তা–চর্চা, সালসলনি, নতুন জ্ঞান আহৰণৰ ক্ষেত্রত আগ্রহান্বিত নহয়৷ তেওঁলোকে মাত্র নিজে জনাখিনি ছাত্রলৈ হস্তান্তৰ কৰিয়েই ক্ষান্ত থাকিব বিচাৰে, যি ক্ষেত্রত বিশ্বই তেওঁলোকৰ এক পৰিৱর্তন বিচাৰি থাকে৷ এইসকল আচলতে শিক্ষক নহয়৷ আপোনালোকে ভাবে নেকি যে জীৱিকাৰ বাবে শিক্ষকতা কৰিলেই শিক্ষক হ’ব? এনে শিক্ষকে শিক্ষকতাৰ প্রকৃত অর্থ বিনষ্ট কৰিছে৷
সকলো প্রশ্ণৰ উত্তৰ হিচাপে মূল লক্ষ্য হ’ল শিক্ষক ছাত্র নহয়৷ বাকীখিনি উপযুক্ত পৰিৱেশ আৰু আহিলা৷ কিন্তু শিক্ষক সমাজৰ বাবে গুৰুত্বপূর্ণ কথা হ’ল তেওঁলোকে বিচাৰি ল’ব লাগিব জীৱনৰ অর্থ কি? মানুহে ভোকত থাকে কিয়? শিক্ষা আহৰণৰ কাৰণ কি? যুদ্ধ কিয় হয়? মানুহৰ মাজত জাতি–বর্ণৰ সংঘাত কিয়? এই সকলো সমস্যাৰ কাৰণ উদ্ঘাটন কৰি তাৰ সমাধানৰ উপায় উলিয়াব পৰা উপযুক্ত জ্ঞান আহৰণ কৰি শিক্ষাদান কৰিব পৰাজনহে উপযুক্ত শিক্ষক৷ সেইজনহে শিক্ষক, যিয়ে নিজৰ বাবে ধন, পদবী, ক্ষমতাৰ লালসাত শিক্ষকতা নকৰে, শিক্ষকতা কৰে নিজৰ মাজত বুদ্ধিমত্তাক উদ্দীপিত কৰি ছাত্রৰ মাজত সেই বুদ্ধিমত্তাক জাগ্রত কৰি এখন সভ্য সমাজ গঢ়াত বৰঙণি যোগাব পাৰে৷ কাৰণ, কোনো সভ্যতা একো একোজন কাৰিকৰী বিষয়া বা অভিযন্তাই গঢ় দিয়াৰ নজিৰ নাই৷ সভ্যতা গঢ়ি আহিছে একো একোজন শিক্ষকেহে৷ নিঃস্বার্থ শিক্ষকেহে নৈতিক, যৌক্তিক জ্ঞানৰ দ্বাৰা সততাক জাগ্রত কৰিব পাৰে৷ তেওঁলোক সৎ আৰু নিঃস্বার্থ হ’লে সমাজ আৰু প্রশাসনৰ ঊর্ধ্বত থাকি মুক্তভাৱে সু–সমাজ গঢ়াৰ বাবে শিক্ষাদান কৰিব পাৰে৷ প্রকৃত শিক্ষকে প্রকৃত সমাজৰ ঠেক গণ্ডীৰ ঊর্ধ্বত থাকি এক নতুন সু–সংস্কৃত সভ্যতাক গঢ় দিব পাৰে৷ কিন্তু বর্তমান ক্ষেত্রত দেখা গৈছে– আজিৰ শিক্ষা ব্যৱস্থাত ল’ৰা–ছোৱালীক কিদৰে শিক্ষিত কৰিব পাৰি তাৰহে কৌশল উদ্ভাৱন কৰা হৈছে, য’ত শিক্ষকৰ বুদ্ধিমত্তাৰ বিকাশত গুৰুত্ব আৰোপ কৰা হোৱা নাই৷ সেয়ে শিক্ষা ব্যৱস্থা অসাৰ হৈ পৰিছে৷ আৰু শিক্ষকসকল এতিয়া শিকনৰ কৌশল আয়ত্তকৰণ আৰু ছাত্রলৈ বিনিময়কৰণৰ লগতহে মাত্র জড়িত হৈ পৰিছে৷ কিন্তু সমাজৰ বা জীৱনৰ প্রকৃত সমস্যা সমাধানৰ লক্ষ্যৰে বুদ্ধিমত্তা ৰোপণৰ ক্ষেত্রত আওপকীয়া হৈ পৰিছে৷
সেয়ে, আপোনালোকে মোৰ ক্ষেত্রত একমত হোৱাটো বিচাৰোঁ যে কৌশল নহয়, সমস্যা বুজি তাৰ স’তে প্রকৃত পন্থাৰে মুখামুখি হ’ব পৰা আৰু সমাধান কৰিব পৰা শিক্ষাহে প্রকৃত শিক্ষা৷’