নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিজিটেল মাৰ্কেটিং পাঠ্যক্ৰম

দীপক কুমাৰ দাস 

 

সমগ্র বিশ্বই ডিজিটেলকৰণ হোৱাৰ ফলশ্রুতিত সকলো ক্ষেত্রতে ডিজিটেল পাঠ্যক্রমৰ চাহিদা বৃদ্ধি পাইছে৷ বিশ্বৰ আন আন দেশৰ লগতে ভাৰততো ডিজিটেল মার্কেটিং পাঠ্যক্রমৰ চাহিদা দ্রুতগতিত বৃদ্ধি পাই আহিছে৷ শিক্ষাকে ধৰি সকলো দিশতেই বাণিজ্যিকীকৰণ হোৱাৰ পৰিপ্রেক্ষিতত ডিজিটেল মার্কেটিং পাঠ্যক্রমৰ প্রাধান্য দিনক দিনে বর্ধিত হোৱাই নহয়, এই পাঠ্যক্রমৰ যোগেদি সংস্থাপনৰ প্রাধান্যও লাভ কৰিছে৷ পৃথিৱীৰ বহুকেইখন উন্নত দেশত এই পাঠ্যক্রমৰ শৈক্ষিক প্রতিষ্ঠান আছে৷ ভাৰততো এনে বহু শৈক্ষিক প্রতিষ্ঠান আছে, য’ত ডিজিটেল মার্কেটিং পাঠ্যক্রম চলি আছে৷ অসমতো এই সংস্থাপনভিত্তিক পাঠ্যক্রমৰ প্রতিষ্ঠান আছে৷ আজিৰ বাণিজ্য বিশ্বক নিয়ন্ত্রণত ৰখা ডিজিটেল পাঠ্যক্রমৰ বাবে শ্রেণীকোঠাত চার্টিফিকেট কোর্ছৰ লগতে অনলাইনতো অনেক পাঠ্যক্রম আছে৷ কিছুসংখ্যক শৈক্ষিক প্রতিষ্ঠানত ডিজিটেল মার্কেটিঙৰ প্রশিক্ষণৰ পাঠ্যক্রমো চলি আছে৷ একবিংশ শতিকাৰ জনপ্রিয় এই মার্কেটিং পাঠ্যক্রমত অধ্যয়ন কৰিবলৈ হ’লে শিক্ষাগত অর্হতা কিমান প্রয়োজন, তাক লৈও প্রশ্ণ উত্থাপন হয়৷ একাংশ শৈক্ষিক প্রতিষ্ঠানে ডিজিটেল মার্কেটিঙৰ চার্টিফিকেট কোর্ছৰ বাবে নূ্যনতম অর্হতা দ্বাদশ শ্রেণীলৈ বিচাৰে যদিও আন একাংশ শৈক্ষিক প্রতিষ্ঠানত শিক্ষাগত অর্হতাৰ বিশেষ প্রয়োজনবোধ নকৰে৷ এনে প্রতিষ্ঠানসমূহত ইচ্ছুক শিক্ষার্থীৰ কম্পিউটাৰৰ বুনিয়াদী জ্ঞান আৰু ইণ্টাৰনেট ব্যৱহাৰৰ দক্ষতাক প্রাধান্য দিয়ে৷ ইপিনে, উচ্চ শিক্ষাৰ প্রতিষ্ঠানত চলিত ডিজিটেল মার্কেটিং পাঠ্যক্রমত অন্তর্ভুক্ত হ’বলৈ হ’লে স্নাতক ডিগ্রীধাৰী হোৱাটো বাঞ্ছনীয়৷ এই পাঠ্যক্রমত স্নাতক ডিগ্রীধাৰীসকলে অনলাইনযোগে ডিগ্রী গ্রহণ কৰিব পাৰে৷ যিকোনো পঞ্জীয়নকৃত বিশ্ববিদ্যালয়, ইউজিচি, এআইটিচিই, ডিইচি, এআইইউ, ৰাজ্য চৰকাৰৰ শৈক্ষিক প্রতিষ্ঠানৰ পৰা ডিগ্রী লাভ কৰিব লাগিব৷ এইক্ষেত্রত ১৯৪৮ চনৰ কথা৷ জে কৃষ্ণমূর্তিয়ে ভাৰতবর্ষৰ বিভিন্ন ঠাইত এলানি বত্তৃণতামালাৰ ব্যৱস্থা কৰিছিল৷ তাৰ ভিতৰত ব’ম্বে আৰু পুনেৰ বত্তৃণতামালাই শিক্ষক আৰু অভিভাৱকৰ সভা হিচাপে স্থান লাভ কৰিছিল৷ এই বিশেষ আলোচনা–চক্রসমূহ দর্শক আৰু কৃষ্ণমূর্তিৰ মাজৰ শিক্ষাবিষয়ক প্রশ্ণ আৰু উত্তৰমালাৰূপে গঢ় লৈ উঠিছিল৷
কৃষ্ণমূর্তিয়ে তেওঁৰ মুক্ত ভাষণৰ আৰম্ভণিতে বিস্তাৰিতভাৱে এক বিশেষ দিশত গুৰুত্বসহকাৰে কৈছিল যে শিক্ষক গুৰিৰে পৰা এক আত্মজ্ঞানেৰে দীপ্ত হোৱা উচিত (আত্মদ্বিপো ভৱঃ) আৰু প্রতিক্ষণে উত্তৰণৰ দিশত নিজকে দ্রুতগতিত সময়ৰ স’তে সোঁত মিলাই সলনি কৰি লৈ যোৱাৰ ক্ষেত্রত মানুহ হিচাপে সাজু কৰি ল’ব লাগে Radical change in himself)৷ আমাৰ সমস্যা বেছিখিনিতে শিশু বা ছাত্রসকল বুলি ক’ব নোৱাৰি, আচলতে শিক্ষকসকলেহে, যিসকলে ছাত্রসকলতকৈও নিজকে শিক্ষাৰ ক্ষেত্রত বেছিকৈ আগ্রহী আৰু প্রস্তুত কৰি ল’ব লাগে৷ এইক্ষেত্রত ছাত্রক শিক্ষাদান কৰাতকৈ শিক্ষকক শিক্ষাদান ইচ্ছুক শিক্ষার্থীৰ বাবে অতিকৈ লাভজনক বিষয়টো হৈছে যে অনলাইনযোগে ডিজিটেল মার্কেটিং পাঠ্যক্রমত অন্তর্ভুক্ত হ’বলৈ হ’লে কলা/বিজ্ঞান/বাণিজ্যৰ যিকোনো এটা শাখাত স্নাতক ডিগ্রীধাৰী হ’ব লাগিব৷ অৱশ্যে এই পাঠ্যক্রমৰ বাবে শিক্ষার্থীৰ প্রযুক্তিগত জ্ঞান, বিশেষকৈ ডিজিটেল মিডিয়া সন্দর্ভত জ্ঞান থাকিব লাগিব৷ অর্থাৎ শিক্ষার্থীগৰাকীৰ কম্পিউটাৰৰ বুনিয়াদী জ্ঞানৰ অভিজ্ঞতা থাকিব লাগিব৷ তদুপৰি এই পাঠ্যক্রমত অধ্যয়ন কৰিব বিচৰা শিক্ষার্থীগৰাকীৰ যোগাযোগ দক্ষতা থাকিব লাগিব৷ এগৰাকী ডিজিটেল মার্কেটাৰ বা সাধাৰণ মার্কেটাৰ হ’ব লাগিলে যিদৰে যোগাযোগ দক্ষতাক প্রাধান্য দিয়া হয়, তেনেদৰে এই পাঠ্যক্রমৰ বাবেও যোগাযোগ দক্ষতাক প্রাধান্য দিয়া হয়৷ কিয়নো, পাঠ্যক্রম সমাপ্ত কৰি ডিজিটেল মার্কেটিঙক কেৰিয়াৰ হিচাপে গঢ়িবলৈ হ’লে শিক্ষার্থীজনৰ যোগাযোগ দক্ষতা থাকিবই লাগিব৷ অন্যথা তেওঁ কেৰিয়াৰ সফল কৰি তুলিব নোৱাৰিব৷ ডিজিটেল মার্কেটিং পাঠ্যক্রমত অধ্যয়ন কৰিব বিচৰা শিক্ষার্থীসকলে ৱেবছাইটত দেশ–বিদেশৰ বিভিন্ন শৈক্ষিক প্রতিষ্ঠানৰ তথ্য লাভ কৰিব৷ এই তথ্যৰ পুংখানুপুংখভাৱে বিশ্লেষণ কৰি যি প্রতিষ্ঠানৰ এইক্ষেত্রত অভিজ্ঞতা বেছি, তাক প্রাধান্য দিয়াটো জৰুৰী৷ পাঠ্যক্রম সমাপ্ত কৰাৰ পিছত এই শিক্ষার্থীসকলে বিভিন্ন উদ্যোগৰ লগতে ব্যৱসায়িক প্রতিষ্ঠানত কর্মসংস্থাপন লাভ কৰাৰ সুযোগ আহে৷

You might also like