নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নীটৰ-২০২০ পঞ্জীয়ন আৰম্ভ

নেচনেল ইলিজিবিলিটী কাম এণ্ড্রেন্স টেষ্ট (NEET) ২০২০ৰ পঞ্জীয়ন ২ ডিচেম্বৰ ২০১৯ৰ পৰা আৰম্ভ কৰা হৈছে৷ নেচনেল টেষ্টিং এজেঞ্চী (এনটিএ)ৰ দ্বাৰা পৰিচালিত এই নীটৰ পৰীক্ষা অহা ৩ মে’ত অনুষ্ঠিত হ’ব৷ সমগ্র দেশজুৰি একে সময়তে অনুষ্ঠিত হ’বলগীয়া এই পৰীক্ষাৰ বাবে শিক্ষার্থীসকলে অনলাইনযোগে আবেদন অহা ৩১ ডিচেম্বৰ ২০১৯ তাৰিখলৈকে দাখিল কৰিব পাৰিব৷ চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্রমত নামভর্তিৰ প্রৱেশ পৰীক্ষাত এই নীটৰ জৰিয়তে দেশব্যাপী শিক্ষার্থীসকলক বাছনি কৰা হয়৷ এইবেলি নীট পৰীক্ষাত শিক্ষার্থীসকলৰ সুবিধাৰ বাবে কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰিছে কর্তৃপক্ষই৷ পৰীক্ষাগৃহত শিক্ষার্থীসকলে নিজৰ ধর্মীয় পৰম্পৰাগত হিজাব, বোর্খা আদি পোছাক পৰিধান কৰি পৰীক্ষাত অৱতীর্ণ হোৱাৰ সুযোগ লাভ কৰাৰ লগতে পঞ্জাবীসকলে তেওঁলোকৰ ধর্মীয় কির্পানো লগত নিব পাৰিব৷ অৱশ্যে এইক্ষেত্রত হিজাব, বোর্খা পৰিধান কৰা শিক্ষার্থীৰ লগতে কির্পান লগত নিয়া শিক্ষার্থীসকলে পৰীক্ষা অনুষ্ঠিত হোৱা কেন্দ্রৰ কর্তৃপক্ষক অতি কমেও এঘণ্টা পূর্বে এই সন্দর্ভত অৱগত কৰিব লাগিব৷ পৰীক্ষাগৃহৰ দুৱাৰ বন্ধ কৰাৰ এঘণ্টা আগতেই উল্লিখিত ধর্মীয় সাজ–পোছাকৰ লগতে সামগ্রী কঢ়িওৱা শিক্ষার্থীয়ে নির্দিষ্ট কর্তৃপক্ষৰ সৈতে যোগাযোগ কৰি অনুমতি–পত্র ল’ব লাগিব৷ নীট ইউজি–২০২০ পৰীক্ষা ১১টা ভাষাত অনুষ্ঠিত হ’ব আৰু প্রথমবাৰৰ কাৰণে সকলো ভাষাতেই ইনফর্মেচন বুলেটিন উপলব্ধ হ’ব৷ নেচনেল টেষ্ট এজেঞ্চীৰ দ্বাৰা পৰিচালিত নীটৰ বাবে পৰীক্ষার্থীসকলে নিজৰ সুৰক্ষাৰ বাবে অনলাইন আবেদনৰ সময়ত পোষ্ট কার্ড আকাৰৰ একপী ফটোৰ লগতে পাছপোর্ট আকাৰৰ ফটো আপলোড কৰিব লাগিব৷ পোষ্ট কার্ড আকাৰৰ ফটোকপী কেন্দ্রত থকাৰ বিপৰীতে শিক্ষার্থীক দিয়া এডমিট কার্ডৰ পত্রখনত শিক্ষার্থীয়ে পাছপোর্ট আকাৰৰ ফটোখন সন্নিৱিষ্ট কৰি দিব লাগিব৷ উল্লেখ্য যে এমবিবিএছ, বিডিএছ আৰু আয়ুস পাঠ্যক্রম বিএইচএমএছ, বিএএমএছ, বিইউএমএছ, বিভিএছচি এণ্ড এএইচ, এইম্ছ আৰু জিপমাৰ নীট–২০২০ৰ পৰীক্ষাত সন্নিৱিষ্ট কৰা হৈছে৷ ইয়াৰ পূর্বে এইম্ছ আৰু জিপমাৰৰ কাৰণে পৃথক পৰীক্ষা অনুষ্ঠিত হৈছিল যদিও এইবেলি নীট–২০২০ৰ লগত চামিল কৰা হৈছে৷ অনলাইনযোগে প্র–পত্র পূৰণ কৰোঁতে শিক্ষার্থীসকলে দশম শ্রেণীৰ ৰোল নম্বৰ আৰু প্রমাণ–পত্র সন্নিৱিষ্ট কৰাৰ লগতে দ্বাদশ শ্রেণীৰ পৰীক্ষাৰ নম্বৰো সন্নিৱিষ্ট কৰিব লাগিব৷ কিবা কাৰণত যদি দ্বাদশ শ্রেণীৰ পৰীক্ষাৰ নম্বৰ সন্নিৱিষ্ট কৰিব নোৱাৰে, তেতিয়াহ’লে শিক্ষার্থীসকলে জানুৱাৰী মাহত সেয়া পুনৰ সন্নিৱিষ্ট কৰাৰ সুযোগ লাভ কৰিব৷ মন কৰিবলগীয়া যে ৩ মে’ত অনুষ্ঠিত হ’বলগীয়া এই পৰীক্ষাৰ ফলাফল ৪ জুনত ঘোষণা কৰা হ’ব৷ নীটত সফল হোৱা পৰীক্ষার্থীসকলে এমচিআইৰ দ্বাৰা পৰিচালিত অল ইণ্ডিয়া কাউঞ্চিলত আবেদন কৰিব পাৰিব৷ পূর্বৰ দৰে পৰীক্ষা বিয়লি ২ বজাত আৰম্ভ হ’ব আৰু দিনৰ ১২.৩০ বজাত পৰীক্ষাগৃহৰ দুৱাৰ খোলা হ’ব৷ প্রশ্ণকাকতৰ আর্হিৰ কোনো সালসলনি ঘটোৱা হোৱা নাই৷ পদার্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু জীৱবিদ্যা (প্রাণী বিজ্ঞান আৰু উদ্ভিদ বিজ্ঞান)ৰ প্রশ্ণকাকতত মুঠ ১৮০টা প্রশ্ণ থাকিব৷ প্রতিখন প্রশ্ণকাকতত ৪৫টাকৈ প্রশ্ণ সন্নিৱিষ্ট কৰা হ’ব৷

You might also like