আইজাক আছিমভ
মোৰ নিজৰ ধাৰণা, আৰু বহুতেই মোৰ এই ধাৰণাৰ লগত একমত পোষণ কৰে যে অসমীয়াসকলৰ নিচিনা পৰিশ্রম–বিমুখ জাতি পৃথিৱীত দ্বিতীয় এটা নাই৷ মোৰ প্রকাশক বন্ধুজনে কলকাতা আৰু ঢ়াকাৰ প্রকাশকসকলৰ দ্বাৰা প্রকাশিত কিতাপৰ তালিকাবোৰ আনি মোক দেখুৱালে৷ জ্ঞান–বিজ্ঞানৰ বিভিন্ন আৰু বিচিত্র বিষয়ৰ কিমান যে কিতাপ পশ্চিমবংগ আৰু বাংলাদেশৰ লেখকসকলে লিখিছে, সেই কথা ওপৰত উল্লেখ কৰা তালিকাবোৰেই প্রমাণ কৰে৷ পৃথিৱীৰ সকলো দেশতে জ্ঞান চর্চাৰ দ্রুততম বিকাশ ঘটিছে আৰু জ্ঞানৰ ন ন দিগন্ত প্রতিদিনে উন্মোচিত হ’ব ধৰিছে৷ প্রকৃত অর্থত এখন আধুনিক শিক্ষিত সমাজ গঢ়ি তুলিবলৈ হ’লে সেই সমাজৰ মানুহবোৰক বিভিন্ন বিষয়ৰ কিতাপৰ যোগেদি আধুনিক জ্ঞানৰ লগত পৰিচিত হ’বলৈ সুযোগ দিব লাগিব৷ সেই কাম কৰিব লাগিব জ্ঞান–বিজ্ঞানৰ বিভিন্ন বিষয়ৰ ওপৰত লিখা কিতাপৰ যোগেদি৷ এইক্ষেত্রত অসমীয়া কিতাপৰ ভঁৰাল শূন্য বুলিয়েই ক’ব লাগিব৷ পশ্চিমবংগ আৰু বাংলাদেশৰ উচ্চ শিক্ষিত যুৱকসকলে জ্ঞান–বিজ্ঞানৰ বিভিন্ন বিষয়ৰ কিতাপ লিখি বাঙালী সমাজক শিক্ষিত কৰাৰ উপৰি নিজৰ জীৱিকা উপার্জন কৰিবলৈকো সক্ষম হৈছে৷ অসমৰ কলেজ আৰু বিশ্ববিদ্যালয়সমূহ পৰা প্রতিবছৰে হাজাৰ হাজাৰ যুৱক–যুৱতী শিক্ষিত হৈ ওলাই আহে৷ তেওঁলোকৰ বেছিভাগেই শিক্ষিত নিবনুৱাৰ তালিকাখন দীঘলীয়া কৰি গৈ থকাৰ বাহিৰে সমাজৰ প্রয়োজনত লগা একো কাম কৰাটো কাৰো চকুত পৰা নাই৷ কেতিয়াবা এনেকৈও ভাবিবলৈ মন যায় যে অসমৰ তথাকথিত উচ্চ শিক্ষা ৰাজহুৱা ধনৰ বিশাল অপচয়ৰ বাহিৰে আন একো নহয়৷ যিকোনো এজন শিক্ষিত লোকক কঠিন অথচ গুৰুত্বপূর্ণ যিকোনো এটা বিষয়ৰ ওপৰত এটা প্রবন্ধ লিখি দিবলৈ অনুৰোধ কৰি চাওকচোন তেওঁ পোনছাটেই উত্তৰ দিব– ‘সময়েই নাপাওঁ বুজিছেনে? কেনেকৈনো লিখোঁ?’ মই মনে মনে তেওঁলোকক কওঁ, ‘উইনষ্টন চার্চিলে বিশ্বযুদ্ধৰ সময়ত গ্রেট ব্রিটেইনৰ প্রধানমন্ত্রী হিচাপে কাম কৰিও ন’বেল পুৰস্কাৰ পাব পৰা কিতাপ লিখি উলিয়াবলৈ সময় উলিয়াব পাৰে আৰু তুমি কলেজত দিনে দুঘণ্টা লেক্সাৰ দিয়া অধ্যাপকজন হৈ বছৰত এটা মাত্র প্রবন্ধ লিখিবলৈ সময় উলিয়াব নোৱাৰা?’
আইজাক আছিমভক মই মোৰ অন্যতম শিক্ষাগুৰু বুলি ভাবোঁ, কাৰণ তেওঁ অতি সৰল ভাষাত লিখা বিজ্ঞানৰ কিতাপবোৰ পঢ়িয়েই আধুনিক বিজ্ঞানৰ বিষয়ে মই ভু ৰাখিব পৰা হৈছোঁ৷ ৭০ বছৰ বয়সত ভৰি দিয়াৰ আগতেই তেওঁ প্রায় ৫০০ কিতাপ লিখি শেষ কৰিছিল৷ আছিমভে নিজেই দাবী কৰিছে যে তেওঁৰ নিচিনাকৈ বিচিত্র বিষয়ৰ কিতাপ লিখা মানুহ পৃথিৱীত দ্বিতীয় এজন নাই৷ সঁচাকৈয়ে তেওঁৰ বিষয় বৈচিত্র্যৰ কোনো তুলনা নাই৷ লিমাৰিক, কল্পবিজ্ঞান, উপন্যাস, আত্মজীৱনী, সৌৰজগত, গ্রীক পুৰাণ, ইংলেণ্ড আৰু আমেৰিকাৰ বুৰঞ্জী, অ’ল্ড টেষ্টামেণ্টৰ ছেকুলাৰ ব্যাখ্যা– ভাবিলে অবিশ্বাস্য যেন লাগে যে একেজন মানুহেই ইমান বিচিত্র বিষয়ৰ ওপৰত কিতাপ লিখিব পাৰে৷ আৰু কি অসাধাৰণ অবিশ্বাস্য পৰিশ্রম শক্তি আছিমভে নিজেই দিয়া হিচাপ মতে ১৯৫০ চনৰ পৰা ১৯৬০ চনলৈ এই ১০ বছৰত তেওঁ লিখিছিল ৩২খন কিতাপ৷ পিছৰ ১০ বছৰত লিখিলে ৭০খন৷ তাৰ পিছৰ ১০ বছৰত ১০৯খন৷ ১৯৭৭ চনত তেওঁৰ হার্ট এটাক হ’ল৷ ১৯৮৩ চনত তেওঁ এবাৰ নহয়, দুবাৰ নহয়, তিনিবাৰকৈ বাইপাছ ছার্জাৰী কৰিব লগা হ’ল৷ আমাৰ নিচিনা মানুহে হয়তো ইয়াৰ পিছত জীৱনটো একপ্রকাৰে খতম হোৱা বুলি ধৰি লৈ মৃত্যুৰ কাৰণে বাট চাবলৈ আৰম্ভ কৰিলেহেঁতেন৷ কিন্তু আছিমভে নিজৰ পুৰণি অভ্যাসবোৰ সলনি কৰি জীৱনটো নতুনকৈ গঢ়ি তুলিলে আৰু ৩ বাৰ হার্টৰ অস্ত্রোপচাৰ হোৱাৰ পিছতো প্রায় ২০খন কিতাপ লিখিলে৷ মনত ৰখা দৰকাৰ যে কোনো অলৌকিক শক্তি বা মন্ত্রৰ বলেৰে এই অসাধ্য সাধন সম্ভৱ হোৱা নাই৷ ইয়াৰ মূলতে আছে আছিমভৰ কঠোৰ সময়নিষ্ঠা, আত্মসংযম আৰু চৰিত্র বল৷
মোৰ আসৈ পোৱা দুই–এজন স্নেহভাজন ডেকা বন্ধুৱে বাটে–পথে লগ পালে মোক প্রায়েই সোধে– কাম কৰিবলৈ সময় উলিওৱা যায় কেনেকৈ? তেওঁলোকৰ এই প্রশ্ণটোৰ উত্তৰ দিবলৈ মোৰ যে কিবা বিশেষ জ্ঞান আছে বা অধিকাৰ আছে সেই কথা মই নাভাবোঁ৷ মই নিজে সাংঘাতিক কর্মী বা পৰিশ্রমী মানুহ নহওঁ৷ কিন্তু মানুহৰ পৰিশ্রম ক্ষমতা কেনেকৈ বঢ়োৱা যায় সেই প্রশ্ণৰ উত্তৰ বিচাৰি মই কেইটামান প্রবন্ধ আৰু এখন কিতাপো লিখিছোঁ৷ সেই কাৰণেই বোধহয় ডেকা বন্ধুসকলে মোক এই প্রশ্ণটো সোধে৷ তেওঁলোকক আছিমভৰ ওচৰলৈ পঠিয়াবলৈ মোৰ মন যায়৷ কিন্তু যিহেতু সেইটো সম্ভৱ নহয়, তদুপৰি আছিমভ এতিয়া আৰু ইহ সংসাৰত নাই, সেই কাৰণে মই তেওঁক ক’লোঁ– ‘তুমি এসপ্তাহৰ কাৰণে এটা কাম কৰিবা৷ প্রতিদিনে ৰাতি শুবৰ সময়ত গোটেই দিনটোৰ প্রতিটো মুহূর্ত তুমি কি কৰি কেনেকৈ কটালা তাৰ এটা হিচাপ উলিয়াবা৷ এসপ্তাহ সেইটো কৰাৰ পিছত তুমি মোৰ ওচৰলৈ আহিবা৷’ নক’লেও নিশ্চয় হ’ব যে কোনো এজন ডেকা মানুহেই দ্বিতীয়বাৰৰ কাৰণে মোৰ ওচৰলৈ নাহিল৷