কোনো কোনো বিষয়ত মতান্তৰ থাকিলেও মনান্তৰ নথকা মোৰ এজন অকৃত্রিম বন্ধু, বিশিষ্ট চিন্তাশীল, সমাজ সচেতন প্রগতিশীল লেখক ড০ প্রফুল্ল মহন্তই মনৰ শক্তিৰে কঠিন অসুখকো জয় কৰি অৱশেষত শেষ নিশ্বাস পেলোৱাৰ বাতৰিটিয়ে মোৰ মনৰ মাজত এটুকুৰা ঠাই শূন্য কৰি থৈ গ’ল৷ ৰেডি’ শুনিলেও অসুস্থতাৰ বাবে পুৱা বিছনাতে থাকিলোঁ বহু পৰলৈকে৷ দূৰদর্শন বৰকৈ চোৱাৰ অভ্যাস নাই৷ খবৰেই নাপালোঁ যে মহন্ত কষ্টৰ মাজতে গুচি গ’ল৷ আমি কোনেও মৰণৰ জয় সাৰিব নোৱাৰোঁ৷ ‘আহিলে মৰণ যাবই লাগিব৷’ কিন্তু সুদীর্ঘ কাল আধ্যাপনা কৰি আৰু শেষত ‘আনন্দৰাম বৰুৱা ভাষা–কলা–সংসৃকতি প্রতিষ্ঠান’ৰ পৰিচালনাৰ দায়িত্বও সম্পাদনা কৰি অৱসৰ লোৱাৰ ১৫ বছৰৰ পাছতো, প্রাপ্য ধনখিনিও চৰকাৰী বিভাগে কিয় আদায় নিদি মানুহজনক তিল তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিলে, সেই ঘটনাই ড০ মহন্তৰ পৰিয়ালকে নহয়, সকলো সংবেদনশীল লোককে মর্মান্তিক দুখ দিছে আৰু দি থাকিব৷ ভাষা, ধর্ম, সম্প্রদায়ৰ ঊর্ধ্বত থাকি নিজে বিশ্বাস কৰা আদর্শ প্রতিষ্ঠাৰ বাবে অবিৰাম কাম কৰি যোৱা এই মানুহজনক প্রাপ্য ধন চিকিৎসাৰ বাবে উলিয়াই নিদি কিয় মৃত্যুৰ মুখলৈ ঠেলি দিয়া হ’ল, এই প্রশ্ণটোৱে সদায় আটাইৰে মনৰ মাজত খুন্দিয়াই থাকিব৷ ড০ মহন্তৰ পত্নীয়ে আনকি শেষ সময়ত ক’বলগীয়া হৈছিল– ‘আমি ভিক্ষা খোজা নাই, প্রাপ্যহে বিচাৰিছেছা৷’ ৰাজ্যৰ শিক্ষা তথা সংসৃকতি দপ্তৰে কিয় প্রাপ্যখিনি আদায় নিদিলে, সেই কথা পৰিষ্কাৰকৈ কিয় নক’লে আৰু কোৱা নাই, সেই বিষয়টো আমাৰ সকলোৰে সমুখত থিয় দি আছে৷ মই মহন্তৰ স্মৃতিত শোকাশ্রুৰে মনৰ বেদনা প্রকাশ কৰাৰ বাহিৰে শ্রীমতী মহন্তক আৰু পৰিয়ালক সাত্ব্ন্না দিয়াৰ বাবে কোনো ভাষা নাই৷ আদর্শ লৈ কাম কৰি যোৱা মানুহজন ‘আদর্শ’ৰ মাজতে জীৱিত হৈ থাকক– ইয়াকে বাঞ্ছা কৰিলোঁ৷