নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত সেনাৰ বেশত চাইবাৰ অপৰাধীৰ জাল; অধ্যাপক অখিল ৰঞ্জন দত্তৰ পৰা নিলে ৩৫ হাজাৰ টকা

সাংবাদিক–ব্যৱসায়ী মনোৰম গগৈৰ পৰা অনলাইনৰ জৰিয়তে লুটিলে ১০ হাজাৰ টকা

নিয়মীয়া বাৰ্তা, ৪ ছেপ্টেম্বৰঃ  অসম আৰক্ষীৰ তীক্ষ্ণ নজৰৰ পাছতো ৰাজ্যত চাইবাৰ অপৰাধী সক্রিয় হৈ থকাই নহয়, প্রায় প্রতিদিনে একাংশ লোকৰ পৰা লুটি নিছে লক্ষাধিক টকা৷ অৱসৰপ্রাপ্ত লোকৰ লগতে অনলাইনৰ বিশেষ জ্ঞান নথকা লোকক লক্ষ্য কৰি লোৱা চাইবাৰ অপৰাধীয়ে এইবাৰ অনলাইনৰ জৰিয়তে লুটি নিলে সাংবাদিক–ব্যৱসায়ী মনোৰম গগৈ আৰু অধ্যাপক অখিল ৰঞ্জন দত্তৰ ধন৷ লক্ষণীয়ভাৱে সেনাৰ পৰিচয়েৰে ফোনযোগে বিভিন্ন ধৰণৰ কথাৰে পতিয়ন নিয়াবলৈ চেষ্টা কৰা এই চাইবাৰ অপৰাধীয়ে শেহতীয়াকৈ মনোৰম গগৈক অনলাইন পেমেণ্টৰ নামত বেংক একাউণ্ট নম্বৰৰ লগতে সকলো তথ্য সংগ্রহ কৰি ১০ হাজাৰ টকা নিবলৈ সক্ষম হয়৷

ব্যৱসায়ী–সাংবাদিকজনে প্রকাশ কৰা মতে তেওঁৰ ব্যৱসায়িক প্রতিষ্ঠান থলগিৰিৰ পৰা খাদ্য বিচাৰি নাৰেংগী আর্মী স্কুলৰ পৰা সেনাৰ লোকে ফোন কৰিছিল৷ খাদ্যৰ বাবদ অনলাইনযোগে ধন আদায় দিব বুলি বেংকৰ সকলো তথ্য বিচাৰি সেনাৰ পৰিচয় দিয়া এই চাইবাৰ অপৰাধীয়ে কম সময়ৰ ভিতৰতে তেওঁৰ একাউণ্টৰ পৰা লুটি নিলে ১০ হাজাৰ টকা৷ সেয়াই নহয়, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক অখিল ৰঞ্জন দত্তকো অনলাইনৰ জৰিয়তে লেনদেন কৰিম বুলি কৈ তেওঁৰ পৰা উলিয়াই নিলে কেইবাহাজাৰ টকা৷ আনকি তেওঁৰ পৰিবাৰ মৌচুমী দত্তৰ পৰাও যোৱা ৫ আগষ্টত চাইবাৰ অপৰাধীয়ে লুটি নিছিল ৩৫ হাজাৰ টকা৷ অধ্যাপকজনৰ ফ্লেটৰ ভাৰাৰ বাবদ অগ্রিম ধন বেংক একাউণ্টৰ জৰিয়তে আদায় দিব বুলি সেনাৰ বেশত অহা চাইবাৰ অপৰাধীয়ে তেওঁৰ পৰা বেংকৰ সকলো তথ্য সংগ্রহ কৰি লুটি লৈ গ’ল কেইবাহাজাৰ টকা৷

অখিল ৰঞ্জন দত্তই এনেদৰে প্রৱঞ্চনা হোৱা বিষয়টো লাজতে লুকুৱাই থৈছিল যদিও শেহতীয়াকৈ চাইবাৰ অপৰাধীয়ে ৰাজ্যৰ ভিন্ন প্রান্তৰ একাংশ লোকক এনেদৰে ধন লুণ্ঠন কৰাৰ খবৰ অৱগত হোৱাৰ পাছত সাধাৰণ ৰাইজক সচেতন হোৱাৰ বাবে আহ্বান জনাই তেওঁৰ লগত সংঘটিত ঘটনাৰ কথা প্রকাশ কৰে৷ মন কৰিবলগীয়া যে ৰাজ্যত শেহতীয়াকৈ অধিক সক্রিয় হৈ পৰা চাইবাৰ অপৰাধীক ৰোধ কৰাৰ ক্ষেত্রত অসম আৰক্ষীয়ে নিজৰ ব্যর্থতা ইতিমধ্যে প্রকাশ কৰিছে৷ আনকি চাইবাৰ অপৰাধ ৰোধ কৰা সম্ভৱ নহয় বুলি স্বীকাৰ কৰিছে আৰক্ষী সঞ্চালকপ্রধানগৰা৷ এনে অৱস্থাত গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ ভিন্ন প্রান্তত চাইবাৰ অপৰাধীয়ে বেংকত জমা ৰখা ধন প্রৱঞ্চনাৰে উলিয়াই নিয়া বিষয়টোৱে স্বাভাৱিকতে সাধাৰণ ৰাইজক শংকিত কৰি তুলিছে৷

You might also like