তোৰ লগত অন্যায়, তাইৰ লগত অত্যাচাৰ, মোৰ লগত হত্যা; হিন্দী ধাৰাৱাহিকৰ নকলনেকি?
অসমীয়া বাকচ ধাৰাৱাহিকৰ কথা, মানে, লেলপেলৰ কথা ক’ম, ৰ’ব৷ তাৰ আগেয়ে আন গোটাদিয়েক কথা কৈ লওঁ৷ অসমীয়া ভাষাৰ মূর্খৰ বাকচসমূহত হোৱা আলোচনাবোৰৰ আঁত ধৰোঁতা সম্পাদক, মুখ্য সম্পাদক, পৰিচালন সম্পাদক আদিৰ অনেকগৰাকীৰ মুখৰ পৰা সততে নির্গত– ‘মই আপোনাৰপৰা জানিব বিচাৰিম’, ‘মই সুধিব বিচাৰিম’ আদি বাক্যৰত্নসমূহলৈ মন কৰিছেনে বাৰু? যদি মন কৰিছে, তেন্তে নিজকে সোধকচোন– অসমীয়া ভাষাৰ কথন শৈলী তথা নিজস্ব ঠাচ অনুসাৰে এইবোৰ শুদ্ধনে? এই প্রশ্নকর্তা/আঁত ধৰোঁতাসকলে যেতিয়া কোনো ব্যক্তিক এনে ধৰণে কয়, তেতিয়া বাৰু তেখেতসকলে সুধিব খোজা প্রশ্ন বা জানিব খোজা কথাটো দৰাচলতে সুধিবলৈ বা জানিবলৈ পাছৰফাললৈ বা শেষৰফাললৈ থয়নে? সুধিব বা জানিব খোজাৰ কামটো লগে লগে নকৰে জানো? তেনে হ’লে, এই ‘বিচাৰিম’টো কি আৰু কিয়? স্থান–কাল–পাত্র অনুসাৰে, অসমীয়াত সেই শৈলীটো শুদ্ধনে? বাক্য/খণ্ডবাক্যটো জানো দৰাচলতে,– ‘মই আপোনাক সুধিব খোজোঁ’ বা ‘মই আপোনাৰ পৰা জানিব বিচাৰোঁ’ হ’ব নালাগে? এতিয়া কওক,– সিসৱে সাধাৰণতে যি ধৰণে কয়, সেয়া স্পষ্টতঃ, হিন্দীৰ– ‘হম আপ্সে’ পুছ্নে’ চাহেংগে’’ আৰু ‘হম আপ্সে’ জান্নে’ চাহেংগে’–’ৰ পোনপটীয়া অনুবাদ তথা নকল হয়, নে, নহয়? অসমীয়া ঠাচবোৰে কি জগৰ লগালে?
ভাষাটোৰ ৰক্ষা আৰু সুস্বাস্থ্যৰ বাবে নেতৃত্ব দিয়ে কোনে? প্রাক্তন হওক, বর্তমান হওক, মুখ্য মন্ত্রী আৰু অন্যান্য মন্ত্রীসৱৰ শ্রীমুখৰ বাইক শুনক–ঃ হিতেশ্বৰ শইকীয়া– ‘বিছনা পতা সিং’ (বিশ্বনাথ প্রতাপ সিং) প্রফুল্ল মহন্ত– ‘সামাধা, সামাধান, পিছথ’ (সমাধা, সমাধান, পিছত) তৰুণ গগৈ– ‘আমি ভাবি থকা হৈছে’, ‘আমি কৰা হ’ব’ সর্বানন্দ সোণোৱাল– ‘আগন্তক’ (আগন্তুক) ড০ হিমন্ত বিশ্ব শর্মা– ‘কালি বিতৰণ কৰা হ’ব’ (ৱিল্ বী ডিস্ত্রিব্যুটিড্ য়ে’স্ত্ডি) দিনে দিনে, প্রতি দিনে শ্মশানৰ দিশে গতি লৈ থকা ভাষাটোৰ এই দুর্গতিত মাত মাতিবলৈ, কেঞা আঙুলি এটা টোঁৱাবলৈ সময় কিম্বা গৰজ নাই ‘সর্বোচ্চ জাতীয় অনুষ্ঠান’ৰ স্বদেশৰ বুৰঞ্জী, স্বদেশৰ ভূগোল, ভাষাৰ ব্যাকৰণ, সংস্কৃত, এই সমস্তই হুদু খেদা খোৱা এটা কোঙা শিক্ষা ব্যৱস্থাৰ বলি ৰাজ্যিক আৰু ৰাষ্ট্রীয় পর্য্যায়ৰ লাখ লাখ টকীয়া বঁটা–বাহন পাওঁতা বিয়াগোম সাহিত্যক, ‘অ’,– অ’– আৰু ‘ঁ’–ৰ মাজৰ পার্থক্য নজনা সাহিত্যিক, কৱি, অভিনয় শিল্পী, চিত্র নাট্য ৰচয়িতা, লেলপেল পৰিচালক প্রতাপসিংহ ওৰফে চ্যুচেনফা ওৰফে বুদ্ধি স্বর্গনাৰায়ণ স্বর্গদেৱে (১৬১১–১৬৪৯) সৃষ্টি কৰা বৰবৰুৱা পদৰ পদবীধাৰীক নি,– আমাসৱৰ গুৰুজনাক লুইতৰ উত্তৰ পাৰে বিহালী বনাঞ্চলত হাতীগড় পাতি বনৰীয়া হাতী ৰাখিবলৈ দায়িত্ব (শাস্তি) দিওঁতা, চ্যুহুংমুং ওৰফে স্বর্গনাৰায়ণ স্বর্গদেউৰ (১৪৯৭–১৫৩৯) দিনতে ‘বৰবৰুৱা’ পাতোঁতা বিয়াগোম ছাহিত্যিক, কাৰো নাই গৰজ কিম্বা সময়৷ নাই, টায়াৰ জ্বলোৱা কিম্বা জুমুঠি জ্বলোৱা, ‘জোৰ’ (জোঁৰ) সমদল যাত্রা কৰোঁতা ‘স্বাভিমানী’ অসমীয়া আন্দোলনকাৰীৰ৷ চাধা বেপাৰী, শুকান মাছৰ বেপাৰী, বাংলাদেশী গৰু চোৰ, অনুপ্রৱেশকাৰী, মাছ বেপাৰী, ‘সব্জি’ বেপাৰী, ৰাজমিস্ত্রি, আদালতৰ আচামী,– যিয়ে (জোনে?) যি কয়, সেয়ে ‘মান্য আৰু ধ্রুপদী’ অসমীয়া ভাষা
ভাত–আঞ্জা ৰান্ধে বুলি নজনা, চাহ কৰে বা তপতায় বা বাকে বুলি নজনা, পিঠা খুন্দে, ভাজে, সেকে বুলি, মাছ পোৰে বুলি, পাতত দিয়ে বুলি, চুলি কাটে বা কটায় বুলি, ঘৰ সাজে বুলি, গড় বান্ধে বুলি, যান–বাহন মেৰামতি কৰে বুলি, কাপোৰ–কানি, জোতা চিলায় বুলি কস্মিন কালেও কৈ নোপোৱা, হয়তোবা মাক–দেউতাক, ককায়েক, বায়েক, লগৰীয়া–সমনীয়া, বন্ধু–বান্ধৱ, অধিক কি, শিক্ষকৰ মুখতো শুনি নোপোৱা বেছিভাগ অসমীয়ায়েই আজিকালি সকলো মাথোন ‘বনায়’৷ লাচিতেও হেনো ‘মোমাই কটা গড়’ বনাইছিল হেনো, প্রতাপসিংহ স্বর্গদেৱেও নগাঁও–ৰ চামধৰা গড় ‘বনাইছিলেহে’ ‘স্বাভিমান’ বোলা শব্দটো শুনাৰে পৰা হোৱায়–নোহোৱায়, অহোৰাত্র ‘অসমীয়াৰ স্বাভিমানত আঘাত’ বুলি গায়ত্রী জপ কৰি থকা বহু অসমীয়াৰ এটা সর্বব্যাপী জাতীয় আচৰণ হ’ল অসমতে বহু বছৰ থকা হিন্দীভাষী বা বাংলাভাষী লোক লগ পালেই ভুলে–ভালে ‘হিন্দীমিয়া’ বা ‘অসবাংলা’ত কথা পতা কিম্বা মাতৃ ভাষাটোত ভেজাল বিহাৰী তেল বা গৌড়ীয় তেল ঢ়ালি এক নৱ্য অসমীয়া ভাষা সৃষ্টি কৰা৷ বিহাৰী–ৰাজস্থানী মালিকৰ বা অসমীয়া মালিকৰো চাহ দোকানত সোমাই দুবাটি বা দুপিয়লা চাহ খুজিব লাগে বুলি বাৰু নকওঁ৷ কিন্তু বেছিভাগ অসমীয়া মানুহে চাহৰ দোকানত দিয়া ফৰমাইচটো হ’ল– ‘ঐ পোৱালি (বা হেৰা), দুটা চাহ দে/ দিবাঁহে’ কাৰণ, অনা–সমীয়া মালিক বা প্রৱন্ধকৰ হুকুম হ’ল– ‘এই, চাৰ্ নম্বৰমে’ দোথো চায়’৷ মই একাধিকবাৰ ব্যক্ত কৰিছোঁ যে ইতিমধ্যে অসমীয়া ভাষাৰ পৰা ও–ধ্বনিটোৱে আৰু এ–ধ্বনিটোৱে প্রায় মেলানি মাগিছেই৷ ও–ধ্বনিৰ ঠাই দখল কৰিছে উ–ধ্বনি আৰু ঊ–ধ্বনিয়ে তথা এ–ধ্বনিৰ ঠাই দখল কৰিছে এ’–ধ্বনিয়ে৷ গা ভাঙি ভাঙি যৌনোদ্দীপক নৃত্য প্রদর্শন কৰি নিম্ন ৰুচিৰ শ্রোতা–দর্শকক উন্মাদ কৰা যাব পাৰে কিন্তু যিটো ভাষাত গীত ৰচনা আৰু পৰিৱেশন কৰা হয়, সেই ভাষাৰ মৌলিক তথা অর্থবহ, শুৱলা ধ্বনি কেইটামান ‘গায়েব’ কৰিলে বা ‘উৰুৱাই’ দিলে, সেইটো কোন ভাষাৰ কি গীত হৈ থাকে বা থাকিব, সেইটো, তেনে নৃত্য–গীত প্রতিযোগিতা অনুষ্ঠানৰ সদাশয় বিচাৰকসকলেহে বুজিব পাৰিব৷
লেলপেল বাকচৰ প্রৱেশ দ্বাৰ পাইছোঁহি আৰু৷ পিচে, নাওমান ৰ’ব (নে, ‘ৰখক’?)৷ বাট চ’ৰাতে পোৱা গুজব বাকচৰ উৰা বাতৰিৰ ভাষাৰ নমুনা গোটাদিয়েকৰ সোৱাদ দি লওঁ মানে,– ক্ষুধাবর্ধক ঃ এপিটাইযে’(ৰ্)৷ শ্রোতা–দর্শকৰ ঔৎসুক্য বৃদ্ধিৰ উদ্দেশ্যে এদিন এটা গুজব বাকচৰ পর্দাত তলৰ লিপিচিত্র বা ৰেখাংকণত সোধা হৈছে– ‘কংগ্রে’ছৰ ভিতৰ চ’ৰাৰ বিভূষণ কোন?’ ভিতৰ চ’ৰাৰ কথা৷ এতেকে, ‘বিভূষণ’ মানে কাৰ কথা কোৱা হৈছে, বুজি পাইছেই নহয়? মানে, লংকেশ্বৰ ৰাৱণৰ ভায়েক (ঘৰ–) বিভীষণ৷ এতিয়া কওকচোন বাৰু,– ‘বিভীষণ’কো যদি ‘বিভূষণ’ কৰে, তেনে হ’লে, কৰে কি? এনেবোৰ লোকে নিযুক্তি পায় কেনেকৈ? তথাপি, তেৰাসৱৰ সপক্ষে এষাৰ মাতোঁ দ’ক৷ তেতিয়া অৱশ্যে গণৰাজ্য দিৱসৰ আগ–পাছ মানে, পদ্মশ্রী, পদ্ম ভূষণ, পদ্মবিভূষণৰ বতৰা বর্ষণৰ বতৰ ঃ এতেকে, বে’নিফিট অৱ্ দ্য ডাউট আকৌ চাওক– ‘লুৰিণজ্যোতিৰ কাণ্ডত (কান্ধত) জাতীয়তাবাদ ৰক্ষাৰ দায়িত্ব’৷ পিচে, লুৰিণ, নে, লুৰীণ, নে লুৰিন, নে, লুৰীন,– ‘মই আজিও নুবুজোঁ’৷ যাৰ যি মন যায় ঃ সাংবাদিকৰ স্বাধীনতা আকৌ চাওক– ‘অজন্তা নেওগে পিন্ধিবলৈ সাজু গেৰুৱা বসন’৷ এইটো কেনেকুৱা বাক্য? উজায়ো চালোঁ মই, ভটিয়াই চালোঁ মই, তাৰ মান আপচু নাই৷ পিচে, ময়ো শুদাই এৰা ভকত নহওঁ৷ অকাই–পকাই চাই শেষত অর্থ এফেৰা উলিয়ালোঁগৈ৷ অর্থাৎ, অজন্তা নেওগে পিন্ধিবলৈ (পিন্ধিবৰ বাবে) হয়তো কোনোবাই ক’ৰবাত গেৰুৱা মেখেলা–চাদৰ এযোৰ সাজু কৰি থৈছিল৷ এইবাৰ এইফেৰা শুনক ঃ মানে, লিখিত ৰূপত নহয়, কথিত ৰূপত– ‘সার্সিট্/ছার্ছিট্ SAARSIT) দাখিল’৷ বহুত সময় মূৰ আফলিয়াই আফলিয়াই শেষত উৰহী গছৰ ওৰ উলিয়ালোঁগৈ মানেCHARGE SHEET (চার্জ্ শীট্) দাখিল অ’, কথা সেইটোহে৷ প্রসংগতে কৈ থওঁ,– ‘শ্বীট্’ নহয় কাৰণSHWEET নহয়৷ শব্দটো অসমীয়া নহয় বুলিনো কুনি নাজ্নে দ’ক
এতিয়া এই অনা ইমানতে সামৰি ‘লগ’লৈ আহোঁ, দেইবা৷ অসমীয়া ভাষাৰ এই শব্দটো হৈছে এটা বিশেষণ, যিটোৰ অর্থ হৈছে মিলন, সংযোগ, সংগ, সংগী ইত্যাদি৷ ‘লগ’ সংযুক্ত হৈ থকা খণ্ডবাক্যসমূহ হৈছে লগ এৰা, লগ দিয়া, লগ ধৰা ইত্যাদি আৰু বিশেষণসমূহ হৈছে লগত অহা, লগত অনা, লগত যোৱা ইত্যাদি৷ আনহাতে, ‘প্রতি’ বোলা শব্দটো হয় ক্ষেত্রবিশেষে বিশেষণ, ক্ষেত্রবিশেষে অব্যয় আৰু ক্ষেত্রবিশেষে উপসর্গ৷ আকৌ ‘বিৰুদ্ধ’ হৈছে এটা বিশেষণ আৰু ‘বিৰুদ্ধে’ হৈছে এটা ক্রিয়া বিশেষণ৷ কিন্তু এতিয়া হিন্দীৰ লগত লেটি–পেটি বা অবৈধ সম্পর্কৰ ফলত অসমীয়া ভাষাৰ এই বিশেষ বিশেষ পদবিলাকৰ একো লাগ্–বান্ধ্ নোহোৱা হৈ পৰিছে৷ তাৰে ‘উৎকৃষ্ট’ (মানে, নিকৃষ্ট) উদাহৰণ নিতৌ পোৱা গৈছে অসমীয়া বাকচ ধাৰাৱাহিকসমূহত৷ চাওক৷ ঠাইৰ নাটনি এতেকে সুবিধা চাই কেতিয়াবা প্রসংগ উল্লেখ কৰিম, কেতিয়াবা নকৰোঁ৷ লেলপেল, পুৰণা আৰু চলন্ত দুয়োবিধৰে আছে৷
শুনক ঃ (১) পুৰণা লেলপেল ‘চিঞৰৰ হুল’– ‘পিতাই আমাৰ লগত (‘বিৰুদ্ধে’ হ’ব নালাগেনে?) যি কৰিলে’ (‘পিতাজীনে হমাৰা সাথ য’ কিয়া’– হয়, নে, নহয় বাৰু?) আকৌ– ‘আপোনালোকে এইবোৰ কি কৰিছে মোৰ ছোৱালীৰ লগত (বিৰুদ্ধে/প্রতি)?’ (‘আপলোগোনে’ মে’ৰী বে’টীকা সাথ (লগত) য়ে সৱ ক্যা কৰ ৰহে হঁ্যেয়?’– হয়, নে, নহয়?) আকৌ– ‘আৰু আপোনাৰ ছোৱালীয়ে আমাৰ লগত (সাথ) কি কৰিলে?’ (ঔৰ, আপকী বে’টীনে’ হমলোগোকে সাথ ক্যা কিয়া?– হয়, নে, নহয়?)
শুনক ঃ (২) অতি বিশৃংখলকৈ শেষ হোৱা এখন বেবেৰিবাং পুৰণা লেলপেল,– ‘দুটি বনৰ বাঘৰ চোং’– ‘আজিৰ দিনতো তাইৰ লগত (ওপৰত) যি অত্যাচাৰ হৈছে’ (আজকা দিনভী ইন্কা সাথ য’ অত্যাচাৰ হো ৰহা হ্যেয় ঃ হয়, নে, নহয়?) আকৌ,– ‘তাইৰ লগত (তাইক লৈ) যিবোৰ ঘটনা ঘটি গ’ল’৷ (ইন্কা সাথ্ য’ সৱ ঘট্নায়ে ঘট্ গয়ে ঃ হয়নে?)৷ আকৌ– ‘তাইৰ লগত (প্রতি) এয়া বহুত ডাঙৰ অন্যায় হৈছে’ (ইন্কা সাথ য়ে বহত্ বড়া অন্যায় হুৱা হঁ্যেয় ঃ নহয়নে?)৷ আকৌ,– গুণ্ডাবাজি কৰি ‘ভাবী শহুৰেক’ক অসভ্য আচৰণ কৰা, আদবয়সীয়া টিকমৰ অসুখীয়া মাক– ‘মোৰ লগত (মে’ৰা সাথ) সি হত্যাৰ চেষ্টা কৰিব’৷ কি আশ্চর্য্যজনক কিয়?– ‘সি মোক হত্যা কৰিবলৈ চেষ্টা কৰিব’ বুলিলে নহয়নেকি? নিজৰ মাতৃ ভাষাটোক আৰু কিমান ঠলামূৰি মাৰে, কিমান আনৰ গোলাম কৰে? ভাষাৰ নিজস্ব ঠাচ মানে কি, সেইটো বুজি নাপায়নেকি?
শুনক ঃ (৩) বেছ চিঞৰ–বাখৰ, ‘হাংগামা’, ‘ধুম ধাৰাক্কা’ কৰি আৰম্ভ কৰা, কিন্তু কিছু দূৰ যোৱাৰ পাছত, কোন ক’ত কিয় ওলাইছে, কোন কিয় ক’লৈ গৈছে, কোন কিয় একেবাৰে নোহোৱা হ’ল, কোনে কাৰোবাৰ লগত আচলতে প্রেম কৰিছে, নে, কি কৰিছে, তাৰ একো আগ–গুৰি, ইয়ত্তা নোহোৱা হৈ ছেদেলি–ভেদেলিকৈ, লেঙেৰিয়াই লেঙেৰিয়াই গৈ থাকি, এচাম দর্শকক ‘টুপী পিন্ধাই’ শেষত ধুপুচকৈ পৰি অন্তর্ধান হোৱা লেলপেল–‘লেকাম টান’ৰ এটা চৰিত্র– ‘এই ঘটনা আন কাৰোবাৰ লগত (বেলিকা/ক্ষেত্রত) হোৱা হ’লে’
শুনক ঃ (৪) চলন্ত লেলপেল ‘পালিকা’ ঃ আৰক্ষী বিষয়া খৰাং– ‘কালি ভাগৰৰ লগত (বিৰুদ্ধে) সংঘটিত ঘটনাটো’ পালিকা– ‘যদি মা–দেউতাই কাণ দিলে হয়(হেঁতেন), মই তেওঁলোকক এৰি নাহিলোঁ হয়(হেঁতেন) কিন্তু তেওঁলোকে মোৰ লগত (প্রতি) যি আচৰণ কৰিলে৷’ আকৌ, পালিকা– ‘মই আপোনাৰ লগত (বিৰুদ্ধে) কি কাৰণে ষড়যন্ত্র কৰিম?’
শুনক ঃ (৫) কিছুদিন পূর্বে শেষ হোৱা লেলপেল ‘গাজৰক্রিয়া’ত নৰমৰ ভনীয়েক মেজাৰলিয়ে ককায়েক নৰমক কয়– ‘ককাই, গাজৰে তোমাৰ লগত (প্রতি) বহুত বেয়া (আচৰণ) কৰিছে’৷ (‘ভায়া, গাজৰনে’ তুমহাৰা সাথ বহত বুৰা কিয়া’ হয়নে নহয় বাৰু?)৷ এইবোৰ হিন্দীৰ পোনপটীয়া অনুবাদ হয়, নে, নহয়?
শুনক ঃ (৬) চলন্ত লেলপেল ‘নৰাণি’ত নৰাণিৰ দেউতাক জিষ্ণু– ‘এদিন তোৰ বাবে ফিফাঙে মাকৰ ওচৰত (বিৰুদ্ধে) বিদ্রোহ কৰিব (হায়, হায় কাৰোবাৰ ‘ওচৰত’ বিদ্রোহ হে’ পৰৱৰদিগাৰ আকৌ জিষ্ণু– ‘হে’ ভগৱান, এইখন ঘৰত যাতে তাইৰ লগত (মাথোন ‘তাইৰ’) একো অঘটন নঘটে৷’ ৱ– ‘ইন্কা সাথ’ কিউঁ? আকৌ এবাৰ– ‘হে’ ভগৱান, এইবোৰ কি হৈ গ’ল মোৰ ছোৱালীজনীৰ লগত (ভাগ্যত)’৷ চোড় দিয়া যায়ে য়া ঠিকসে’ পাক্ৰ্ লিয়া যায়ে? আকৌ দর্পণ– ‘ধিন্দা তোমাৰ দেউতাৰ (দেউতাৰাৰ) মৃত্যু হোৱা নাই৷’ ধিন্দা– ‘তেনে হ’লে কি হ’ল মোৰ দেউতাৰ লগত (মোৰ দেউতাৰ)?’ তো ক্যা হুৱা মে’ৰে’ পিতাজীকা সাথ?– নহয়নে বাৰু? ‘ইশ্বৰে তাইৰ লগত ইমান অন্যায় হ’বলৈ নিদিয়ে’৷
এইবোৰ দেখিলে, শুনিলে আৰু অনেক অসমীয়া বাকচ লেলপেলত ঘটি থকা কিছুমান, উদ্ভট, অবিশ্বাস্য নিষ্ঠুৰ কাণ্ড–কাৰখানা আৰু ঘটনাক্রমলৈ মন কৰিলে এনেহে ভাৱ হয় যে এই লেলপেলবোৰৰ মাথোন ভাষাৰ ঠাচহে হিন্দীৰ নকল, এনে নহয়, বৰং অনেকখন লেলপেলৰে কাহিনী, ঘটনাচক্র আৰু কায়দা–কিটিপো সিবিলাকৰ নকল৷ ভাষা জহন্নামে যায় যাওক মাথোন লেলপেল চলি থাকিলেই হ’ল৷ লেলপেল ‘বনোৱা’ৰ আগেয়ে ভাষাটোক ভালকৈ শিকি লোৱাহে ভালনেকি