নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা ভেকচিন আৰু আন্তর্জাতিক ৰাজনীতি

ক’ৰোনা ভাইৰাছৰ দ্বাৰা আক্রান্ত ভাৰতৰ অৱস্থা সঁচাকৈয়ে দুখজনক আছিল৷ পৃথিৱীৰ যিবোৰ উন্নত দেশ চিকিৎসা আৰু বিজ্ঞানত আগবঢ়া আছিল, সেই দেশবোৰৰ অধিক দুখজনক অৱস্থাৰ লগত তুলনা কৰি ভাৰতৰ চিকিৎসা বিজ্ঞান, গৱেষণা আদিক ভাৰতৰ বহুতেই ঠাট্টা–মস্কৰা কৰিছিল আৰু সেই সময়তে মোদী আৰু বিজেপিবিৰোধীয়ে দেশবিৰোধী কথা কোৱা আৰু বহু উৰাবাতৰি প্রচলন কৰাৰ আনন্দ উপভোগ কৰিছিল৷ এই বিৰোধ ইমানেই নিকৃষ্ট পর্যায় পাইছিল যে অসমৰ এজন ‘কা’ সমর্থক গায়কে লকডাউনৰ সময়ত ৰে’লেৰে বাংলাদেশী আনি অসম ভৰাই দিব বুলিও কৈছিল৷ কিন্তু, অৱশেষত ভাৰতে ক’ৰোনাৰ আতংক বহু পৰিমাণে নিয়ন্ত্রণ কৰিলে আৰু ভেকচিনো প্রস্তুত কৰি উলিয়ালে আৰু সেই ভেকচিন বিশ্বৰ বহু ৰাষ্ট্রই ভাৰতৰ পৰা বিচাৰিছে৷ এশ ত্রিশ কোটি জনসংখ্যাৰ ভাৰতকে বিশাল পৰিমাণৰ ভেকচিনৰ প্রয়োজন৷ তথাপি, বিদেশলৈ ভেকচিন পঠিয়াবলৈ ভাৰত সাজু হৈছে৷ ব্রাজিল, মৰক্কো, ছৌদি আৰব, ম্যানমাৰ, দক্ষিণ আফ্রিকা আদি ৰাষ্ট্রৰ লগত ভেকচিনৰ চুক্তি সম্পাদিত হৈছে৷ বিল এণ্ড মেলিণ্ডা গেটছ ফাউণ্ডেচনৰ লগতো বিশাল পৰিমাণৰ ভেকচিনৰ চুক্তি সম্পাদন কৰিছে ‘ছিৰাম’ নামৰ প্রতিষ্ঠানটোৱে৷ বাংলাদেশেও ভাৰতৰ পৰা ভেকচিন লোৱাৰ কথা আছিল যদিও চীনে ভেকচিন প্রস্তুত কৰা সংবাদ প্রকাশ পোৱাৰ লগে লগে বাংলাদেশ চীনৰ প্রতি ঢ়াল খাইছে৷ ভাৰতৰ প্রধানমন্ত্রীয়ে আশা কৰিছে যে এই ভেকচিনে অকল এইবিধ ভেকচিনৰ ক্ষেত্রতেই নহয়, অন্য ভেকচিনৰ ক্ষেত্রতো ভাৰতক এক উচ্চ আসনত বহুৱাব৷ অকল ইমানেই নহয়, এই ভেকচিনে আনিব পৰা সুদূৰপ্রসাৰী প্রতিক্রিয়াই বিশ্বৰ গৱেষণা আৰু বিশেষকৈ ঔষধ সম্পর্কীয় গৱেষণাৰ ক্ষেত্রত ভাৰতৰ স্থান উন্নত কৰিব৷ অৱশ্যে ইয়াৰ বাবে ভাৰতক প্রয়োজন হ’ব এই গৱেষণাৰ জগতখনলৈ অধিক সমর্থন আৰু অধিক পৃষ্ঠপোষকতা৷ আনহাতে, আয়ুর্বেদ চিকিৎসা পদ্ধতিৰ জনপ্রিয়তাও বিশ্বত লাহে লাহে কমি আহিছে৷ বিশেষকৈ, পৰম্পৰাগতভাৱে চলি অহা দৈনন্দিন ব্যৱহার্য বিভিন্ন সামগ্রী, যিবোৰ আছিল মূলতঃ বিদেশী কোম্পানীৰ উৎপাদন, সেইবোৰেও আয়ুর্বেদৰ উপাদান সেই সামগ্রীবোৰত সন্নিৱিষ্ট কৰিছে আৰু সেইবোৰেই বার্তা বহন কৰে যে আয়ুর্বেদৰ চাহিদা কিমান বৃদ্ধি পাব পাৰে আৰু আজিৰ বিশ্বৰ গৱেষণা–নির্ভৰ জগতখনত আয়ুর্বেদৰ ওপৰত অধিক গৱেষণা হোৱাটো বিশ্বৰ বাবে প্রয়োজনীয়৷
ইফালে, ক’ৰোনা সংক্রান্তীয় বিভিন্ন আন্তর্জাতিক পর্যায়ৰ গৱেষণাৰ বাবে চীনে কৰিব লগা সহযোগ নকৰাটোৱে বিশ্বৰ বিভিন্ন মহলত মিশ্রিত প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ যোৱা মাহত আন্তর্জাতিক বিজ্ঞানীৰ এটা দলে চীনৰ য়ুহান চহৰ ভ্রমণ কৰি ক’ৰোনা ভাইৰাছৰ আৰম্ভণিৰ তথ্য সংগ্রহ কৰিব বিচাৰিছিল৷ অষ্ট্রেলিয়াৰ ডমিনিক ডয়াৰ নামৰ বিশ্ববিখ্যাত ভাইৰাছ বিশেষজ্ঞজনক চীনৰ কর্তৃপক্ষই ৰোগী প্রসংগত কোনো তথ্য নিদি কেৱল সাৰাংশহে দিছিল৷ ক’ৰোনা ভাইৰাছ সম্পর্কীয় গৱেষণাত প্রদর্শন কৰা এই অসহযোগিতাই চীনৰ একনায়ক মনোভাবৰহে পৰিচয় দিয়ে আৰু এই প্রসংগত উত্থাপিত বিভিন্ন ধৰণৰ সন্দেহৰ ভেটি মজবুত কৰাৰ সুবিধা দিয়ে৷ ডয়াৰে কৈছিল যে ভাইৰাছৰ আৰম্ভণিৰ সময়ৰ কথা বিশ্লেষণ কৰিবলৈ সেই তথ্য অতি জৰুৰী আৰু বিশ্বব্যাপী বিয়পি পৰা এই ভাইৰাছৰ পুংখানুপুংখ অধ্যয়ন সমগ্র বিশ্বৰ বাবেই প্রয়োজনীয়৷ ডয়াৰে মন্তব্য কৰিছিল যে সময়ৰ বাবে চীন কর্তৃপক্ষই তথ্য নিদিলে নে কিবা ৰাজনৈতিক কাৰণত নিদিলে, সেই কথা তেওঁ বুজি নাপালে৷ ডয়াৰে বুজি নাপালেও বুজি পোৱাজনৰ প্রতি ইংগিত দি গ’ল যে তাত ৰাজনৈতিক কথাও থাকিব পাৰে৷ য়ুহান চহৰত এই ভাইৰাছৰ আৰম্ভণি বুলি প্রতিষ্ঠা হৈ যোৱাৰ পিছত বিশ্ব স্বাস্থ্য সংগঠনৰ বিজ্ঞানী প্রতিনিধি দলৰ নেতা পিটাৰ বেন এমবার্কে ফ্র’জেন ফুডৰ পৰাও এই ভাইৰাছ বিয়পিব পাৰে বুলি কৰা মন্তব্যয়ো বিশেষ আলোচনাৰ খোৰাক যোগাইছে৷ এটা কথা ঠিক যে নিজ ৰাষ্ট্রৰ কথা গোপনে ৰখাত চীনৰ নাম আছে আৰু ইয়ে ৰাষ্ট্রখনৰ আগ্রাসী মনোভাবক সকলো দিশৰ পৰাই সমর্থন কৰে৷ ভাইৰাছ সংক্রান্তীয় তথ্য দিবলৈ অস্বীকাৰ কৰাটোৱে প্রমাণ কৰে যে জনমতৰ বিৰুদ্ধে যাবলৈ তেওঁলোকে কোনোধৰণৰ কুণ্ঠাবোধ নকৰে আৰু এই মনোভাবে চীনৰ একনায়কত্ববাদী মনোভাবৰ প্রকাশ ঘটাইছে৷ বিশ্বৰ ৰাজনীতিলৈ ই এক পৰিৱর্তনৰ ইংগিত বহন কৰিছে৷

You might also like