নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেঘালয়ৰ পৰা দিনে–নিশাই ট্রাকেৰে শিল সৰবৰাহ

নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰীঃ গুৱাহাটী মহানগৰীৰ ৰাজপথত যান–বাহন আইন উলংঘাৰে একাংশ চালকে দৌৰাত্ম্য অব্যাহত ৰাখিছে৷ চালকৰ দৌৰাত্ম্যৰ বাবেই মহানগৰীৰ ৰাজপথত তীব্র যান–জঁটৰ সৃষ্টি হোৱাৰ লগতে বিভিন্ন সময়ত সংঘটিত হৈ আহিছে ভয়াৱহ পথ দুর্ঘটনা৷

শেহতীয়াকৈ বন বিভাগ, পৰিবহণ বিভাগ, মহানগৰ আৰক্ষীৰ একাংশ অসাধু বিষয়াক মেনেজ কৰি মেঘালয়ৰ পৰা দিনে–নিশাই পিলিংকাটা বৰপথাৰ বেলতলা চাৰিআলি হৈ শিল কঢ়িওৱা ট্রাকৰ দৌৰাত্ম্য অব্যাহত আছে৷ সদা ব্যস্ত বেলতলা চাৰিআলিৰ মাজেৰে আৰক্ষীৰ সন্মুখেৰে নিশাৰ ভাগতটো দূৰৰে কথা দিনৰ ভাগতে ১০–১২খনকৈ ট্রাকেৰে শিল কঢ়িয়াই আহিছে৷

মেঘালয়ৰ পৰা পিলিংকাটা বৰপথাৰ হৈ এ এছ–০১–এম চি–২৫৭৩ নম্বৰৰ ট্রাকখনকে ধৰি ১০–১২খনকৈ ট্রাকে শিল কঢ়িয়াই আহিছে৷ দিনৰ ভাগত মহানগৰীত ট্রাকৰ চলাচল নিষিদ্ধ৷ কিন্তু আৰক্ষী আৰু পৰিবহণ বিভাগৰ বিষয়াক মেনেজ কৰি এনেদৰে দিনৰ ভাগতো শিল কঢ়িওৱা ট্রাকৰ চলাচল অব্যাহত থকাক লৈ ৰাইজৰ মাজত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ এইক্ষেত্রত শীঘ্রেই ব্যৱস্থা গ্রহণৰ বাবে সচেতন ৰাইজে বিভাগীয় কর্তৃপক্ষক দাবী জনাইছে৷

You might also like