নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বঙহৰ যুঁজত কংগ্ৰেছ

তিনিবছৰ পূৰ্বে ৰাজ্যখনৰ ৰাজনীতিত দপ্দপাই থকা কংগ্ৰেছ দলত নেতৃত্বকেন্দ্ৰিক সংঘাত তীব্ৰ হৈ উঠা পৰিলক্ষিত হৈছে । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক অপসাৰণ কৰাৰ বাবে দলটোৰ একাংশ নেতা মুকলিকৈ ওলাই আহিছে । সৰ্বভাৰতীয় ৰাজনৈতিক দল এটাত ৰাজ্যিক পৰ্যায়ৰ নেতাৰ সাল-সলনি ডাঙৰ কথা নহয় । কিন্তু একে সময়তে প্ৰদেশ কংগ্ৰেছ সভাপতি আৰু বিৰোধী দলপতিগৰাকীক অপসাৰণ কৰাৰ বাবে কংগ্ৰেছ দলত যি নিকৃষ্ট ৰাজনীতি আৰু অভিযোগ-প্ৰতিঅভিযোগ উঠিছে সেয়া শতিকা পুৰণি দলটোৰ বাবে নিশ্চিতভাৱে দুৰ্ভাগ্যজনক । নিজ দলৰ একাংশ শীৰ্ষ নেতাৰ বিৰুদ্ধে দলটোৰ একাংশ নেতাই যিদৰে মুকলিকৈ তুচ্ছ-তাচ্ছিল্য কৰিছে সেয়া বিৰোধী দলটোৰ বাবে কোনো কাৰণতে শুভলক্ষণ নহয় । একেৰাহে তিনিটাকৈ কাৰ্যকাল ৰাজ্যখনৰ ক্ষমতাত থকা কংগ্ৰেছ দলক ২০১৬ৰ বিধানসভা নিৰ্বাচনত অসমৰ ৰাইজে বিদায় দিছিল । ১৫ বছৰে ধাৰাবিহকভাৱে ক্ষমতাত থকা কংগ্ৰেছ দলক কিয় অসমবাসীয়ে বৰ্জন কৰিলে তাৰ যুক্তিনিষ্ঠ বিশ্লেষণ কৰি ৰাইজৰ ওচৰলৈ যোৱাৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই । ২০০১ ৰ বিধানসভা নিৰ্বাচনত তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ দলক অসমবাসীয়ে বিপুল ভোটত ক্ষমতাত অধিষ্ঠিত কৰিছিল । অগপ নেতৃত্বাধীন চৰকাৰখনৰ অপকৰ্মৰ বাবেই অসমবাসীয়ে হাত উজাৰি সমৰ্থন দিয়াৰ ফলত ৭১ খন আসন লাভ কৰি কংগ্ৰেছ দল ক্ষমতাত অধিষ্ঠিত হৈছিল । ২০০৬ চনৰ বিধানসভা নিৰ্বাচনত আসনৰ সংখ্যা ৫৩ খনলৈ হ্ৰাস পালেও বিপিএফৰ সহযোগত চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল কংগ্ৰেছ দল । তৰুণ গগৈৰ দ্বিতীয় কাৰ্যকালত অসমত উন্নয়নমূলক কাম-কাজ লক্ষণীয়ভাৱে হৈছিল । যাৰ বাবে ২০১১ ৰ বিধানসভা নিৰ্বাচনত দলটোৱে ৭৯ খন আসন লাভ কৰি তৃতীয়বাৰৰ বাবে ক্ষমতাত অধিষ্ঠিত হৈছিল । কিন্তু ২০১৬ ৰ বিধানসভা নিৰ্বাচনত আসনৰ সংখ্যা ৭৯ ৰ পৰা ২৬ খনলৈ হ্ৰাস হৈ ক্ষমতাচ্যুত হয় কংগ্ৰেছ দল । ইয়াৰ বিপৰীতে ৫খন আসনৰ পৰা ৬০খন আসন লাভ কৰি ক্ষমতাত অধিষ্ঠিত হৈছিল বিজেপি । অসমবাসীয়ে কিয় কংগ্ৰেছ দলৰ ওপৰত আস্থা আৰু বিশ্বাস হেৰুৱাইছে তাক পৰ্যালোচনা কৰি দলটোৰ নেতাসকল যে অনুতপ্ত নহয় সেয়া দলটোৰ একাংশ নেতাৰ কাম-কাজে শেহতীয়াকৈ স্পষ্ট কৰিছে ।

   পৰম্পৰাগত ভোটবেংক ৰূপে ব্যৱহাৰ কৰি অহা ধৰ্মীয় সংখ্যালঘুৱে ২০০৬ ৰ বিধানসভা নিৰ্বাচনতেই শতিকা পুৰণি দলটোৰ সংগ এৰিছে । চাহ জনগোষ্ঠীৰ পৰম্পৰাগত ভোটবেংকত কংগ্ৰেছে খোপনি হেৰুৱাইছে । ৰাজ্যখনৰ জনজাতীয় লোকসকলৰ মাজতো কংগ্ৰেছে এতিয়া পূৰ্বৰ স্থিতি অক্ষুণ্ণ ৰাখিব পৰা নাই । ৰাজ্যখনৰ জাতি-জনগোষ্ঠীসমূহৰ মাজত সাংগঠনিক ভেটি শক্তিশালী কৰাৰ বাবে বিগত তিনিটা বছৰত কংগ্ৰেছ দলে কোনো লক্ষণীয় ভূমিকা গ্ৰহণ কৰিব পৰা নাই । বিজেপিৰ উত্থানৰ বিপৰীতে ৰাজ্যজুৰি কংগ্ৰেছ দলত কিদৰে খহনীয়া হৈছে সেয়া লোকসভা আৰু পঞ্চায়ত নিৰ্বাচনতো প্ৰমাণ হৈছে । দলটোৰ বহুসংখ্যক নেতা-কৰ্মীয়ে বিজেপিত যোগদান কৰিছে । দলটোৰ শোচনীয় অৱস্থা দেখি তৃণমূল পৰ্যায়ৰ নেতা-কৰ্মীসকল হতাশ হৈছে । বিজেপিৰ শক্তিশালী ৰাজনীতিৰ বিৰুদ্ধে যুঁজ দিবলৈ হ’লে সাম্প্ৰতিক ৰাজনীতিত কংগ্ৰেছৰ বিকল্প নাই । গণতন্ত্ৰ শক্তিশালী কৰিবলৈ হ’লে বিৰোধীৰ আসনত থকা কংগ্ৰেছ দল শক্তিশালী হৈ থাকিব লাগিব । কিন্তু বিজেপিক যোগ্য প্ৰত্যুত্তৰ দিয়াৰ জোখাৰে কংগ্ৰেছে শক্তি আহৰণ কৰাৰ বাৰ্তা অসমবাসীক দিব পৰা নাই । ইয়াৰ বিপৰীতে আভ্যন্তৰীণ কন্দলত জৰ্জৰিত দলটোৰ অৱস্থা দেখি চৰকাৰবিৰোধী পক্ষত অৱস্থান কৰা লোকসকলো হতাশ হৈছে । নেতৃত্বৰ পৰিৱৰ্তন বিচৰাটো কোনো দলৰ বাবে অসাংবিধানিক নহয় । কিন্তু যি অভিযোগ আৰু অসন্তুষ্টিৰ বাবে নেতা পৰিৱৰ্তন কৰিব বিচৰা হয় সেয়া দলীয় মঞ্চত সীমাবদ্ধ থাকিলে ভাল । কিন্তু কংগ্ৰেছৰ একাংশ নেতাই শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে যিদৰে অৰুচিকৰ মন্তব্য কৰিছে সেয়া কংগ্ৰেছ দলটোৰ বাবে ক্ষতিকাৰক । এই কথা দলটোৰ দায়িত্বত থকা নেতাসকলে যিমান সোনকালে উপলব্ধি কৰিব দলটোৰ মংগল হ’ব । দলীয় অসন্তুষ্ট নেতাসকলে উত্থাপন কৰা অভিযোগসমূহৰ সত্যাসত্য নিৰূপণ কৰি ইয়াৰ প্ৰতিকাৰৰ ব্যৱস্থাও গ্ৰহণ কৰিব লাগিব দলটোৰ হাইকমাণ্ডে । যদিহে কংগ্ৰেছ হাইকমাণ্ডে এইক্ষেত্ৰত নিৰ্বিকাৰ ভূমিকা গ্ৰহণ কৰে, তেন্তে দলটোত সৃষ্টি হোৱা আভ্যন্তৰীণ কন্দলৰ স্থায়ী সমাধান হ’ব বুলি আশা কৰিব নোৱাৰি । কিয়নো মুকলিকৈ বিপৰীত মেৰুত অৱস্থান কৰা অসন্তুষ্ট নেতা-কৰ্মীসকলৰ ক্ষোভ এতিয়াও নিৰ্বাপিত হোৱা নাই । এই অসন্তুষ্ট নেতাসকলে কোনো কাৰণতে দলীয় নেতৃত্বক সহযোগ কৰাৰ আশাও নাই । এনে অৱস্থাত তৃণমূল পৰ্যায়ত দলটোৰ ভেটি শক্তিশালী কৰিবলৈ বৰ্তমানৰ নেতৃত্ব কোনো কাৰণতে সফল হ’ব নোৱাৰে ।

You might also like