নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গামোচাৰ কথা আৰু কাহিনী

অসম আন্দোলনৰ সময়ৰ পৰাই অসমত গামোচাখনৰ ব্যাপক ব্যৱহাৰ হ’বলৈ আৰম্ভ কৰে৷ তাৰ আগলৈকে সভাই–সমিতিয়ে বিশিষ্ট অতিথিক ফুলৰ মালা পিন্ধোৱাৰ পৰম্পৰা চলি আহিছিল৷ আন্দোলনৰ সময়ত সেই ফুলৰ মালাৰ ঠাই অধিকাৰ কৰে গামোচাই আৰু তেতিয়াৰে পৰাই অসমৰ সভা–সমিতিৰ পৰা ফুলৰ মালাই বিদায় লয়৷ নৰেন্দ্র মোদী ভাৰতৰ প্রধানমন্ত্রী হোৱাৰ পিছত অসমৰ গামোচা হঠাতে সর্বভাৰতীয পর্যায়ত আৰু আনকি বিদেশতো চকুত পৰাকৈ পোহৰলৈ আহে আৰু গামোচাক সর্বভাৰতীয় পৰিচয় প্রদান কৰে৷ প্রধানমন্ত্রীগৰাকীয়্ অসমলৈ অহা সময়তেই নহয়, তেওঁ বিভিন্ন উপলক্ষত ডিঙিত গামোচা লোৱা কামটোৱে অসমৰ মানুহক উৎসাহিত আৰু আনন্দিত কৰে৷ শেহতীয়াভাৱে ক’ভিড ভেকচিন লোৱা সময়ত ডিঙিত লোৱা গামোচাখনৰ ফটোৱে লাভ কৰা প্রচাৰে মোদীবিৰোধীসকলক সমালোচনাৰ এটা প্রসংগ দিলে৷ তাৰ পিছত অনলাইনত গামোচা কিনা কথাটো টুইট কৰাৰ পিছত বিৰোধীসকলে ক’বলৈ আৰম্ভ কৰিছিল যে অসমত নির্বাচন চলি থকা কাৰণে প্রধানমন্ত্রীয়ে এই কামটো কৰিছে৷ কিন্তু প্রধানমন্ত্রী নৰেন্দ্র মোদীক জনাসকলে জানে যে ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ প্রচাৰক হিচাপে গুৱাহাটীত থকাৰ দিনৰে পৰাই গামোচাখনৰ লগত তেওঁৰ সম্বন্ধ৷ অসমৰ বাহিৰলৈ যোৱা বহুতেই জানে যে অসমৰ মেখেলা–চাদৰৰ এক বিশেষ পৰিচয় আছে আৰু অসমলৈ অহা বহু টুৰিষ্টেও মেখেলা–চাদৰ কিনি নিবলৈ বিচাৰে৷ কিন্তু পুৰুষৰ বাবে তেনেকুৱা বিশেষ পৰিচয় বহন কৰা একো পোছাক নাছিল৷ কিন্তু প্রধানমন্ত্রীৰ বাবেই এতিয়া অকল দেশৰ ভিতৰতেই নহয়, বাহিৰতো গামোচাখনে অসম আৰু অসমৰ পুৰুষৰ পোছাকৰ পৰিচয় হিচাপে প্রতিষ্ঠা লাভ কৰিছে৷ কিন্তু কথা হ’ল, এই ব্যাপক পৰিচিতি দিয়াৰ পিছতো অসমৰ গামোচাখনে সর্বভাৰতীয় ব্যৱসায় জগতত কোনোধৰণৰ স্থান উলিয়াই ল’ব পৰা নাই৷ প্রধানমন্ত্রীগৰাকীয়্ গামোচাৰ ব্রেণ্ড এম্বেছাডৰৰ কাম কৰি গামোচাক যিটো স্তৰলৈ লৈ গ’ল, সেই বিন্দুৰ কথা উপলব্ধি কৰিলে সাধাৰণ ব্যৱসায়িক জ্ঞান থকা এজনেও কৈ দিব যে এটা ডাঙৰ সুযোগ হাতৰ পৰা ওলাই যাবলৈ ওলাইছে৷ কেইদিনমান আগতে উত্তৰাখণ্ডৰ মুখ্যমন্ত্রীয়েও ডিঙিত গামোচা লোৱা ফটো এখন প্রচাৰ হৈ আছে৷ কেইমাহমান আগতে দিল্লীৰ এটা সর্বভাৰতীয় সংগঠনে এখন সভাত উপস্থিতসকলক গামোচাৰে সম্ভাষণ জনোৱা কথাও সংবাদ মাধ্যমত প্রচাৰ হৈছিল৷
এনেকুৱা দুটামান উদাহৰণেৰে ক’ব পাৰি যে ভাৰতৰ প্রধানমন্ত্রীগৰাকীয়্ গামোচাক পৰিচয় কৰাই দিয়াই নহয়, ব্যৱহাৰযোগ্য ব্রেণ্ড হিচাপেও প্রতিষ্ঠা দিছে৷ কোনোধৰণৰ বিনিয়োগ নকৰাকৈয়ে অসমৰ গামোচাই টকাৰে জুখিব নোৱাৰা, ভাৰতৰ শীর্ষস্থানীয়ব্যক্তিত্ব্ ব্রেণ্ড এম্বেছাডৰ হিচাপে লাভ কৰিছে৷ সকলো প্রডাক্টেই ব্রেণ্ড নহয়৷ একত্রীকৰণ, মূল্যমান স্থাপন, বিক্রীৰ সম্ভাৱনীয়তা আদিয়ে ব্রেণ্ড নির্মাণৰ প্রাথমিক কামখিনি কৰে আৰু তাৰ পিছৰখিনিৰ বাবে প্রয়োজন সঠিক যোগান, সততাৰ প্রতিফলন, পছন্দ বৃদ্ধি, প্রসাৰণ আদিৰ দৰে অনুঘটকবোৰৰ৷ প্রধানমন্ত্রীয়ে প্রাথমিক কামখিনি কৰি দিলে ঠিকেই, কিন্তু মূল কামটো আগবঢ়াই নিবলৈ কোনো ওলাই নাহিল৷ টেলিভিছনৰ টক শ্ব’বোৰ চালেই গম পোৱা যায় যে অসমত বহু কথা জনা মানুহ আছে আৰু ব্যৱসায়ৰ ক্ষেত্রত নতুন নতুন কাম কৰা মানুহো আছে৷ কিন্তু সর্বভাৰতীয় পর্যায়লৈ গামোচাক নিবলৈ হ’লে যিমান বুদ্ধি আৰু অর্থৰ বিনিয়োগ হ’ব, সেয়া অসমৰ এজন নতুন উদ্যোগীৰ বাবে সম্ভৱ নোহোৱাটো স্বাভাৱিক কথা৷ এই ক্ষেত্রত প্রয়োজন হয় চৰকাৰী সাহায্য আৰু বিনিয়োগৰ৷ এই কথাটো ঠিক যে গামোচাই সর্বভাৰতীয় স্তৰত ব্যৱসায় কৰিবলৈ অকল অসমতে ইয়াৰ উৎপাদন সীমিত কৰি ৰখাৰ কথা ভাবিলে নহ’ব৷ এটা প্রডাক্ট জনপ্রিয় হৈ উঠিলে আৰু তাৰ ব্যৱসায়ৰ বিপুল সম্ভাৱনা দেখিলে সেই ব্যৱসায়ত যোগ দিয়া উদ্যোগীৰ সংখ্যা কম নহয়৷ এতিয়া থলুৱা অসমীয়া গহনা চীনৰ পৰা অহা বুলিও শুনা যায়৷ একেই কথা গামোচাৰ ক্ষেত্রত নাখাটিবনে? এই দিশবোৰ অকল জাতীয়তাবাদী আৱেগেৰে সমাধান কৰিব নোৱাৰি৷ এইবোৰ ব্যৱসায়ৰ বিভিন্ন দিশৰ স’তে জডিত৷ এই কথাবোৰো এটা বিশাল প্রেক্ষাপটত বিচাৰ কৰা প্রয়োজন হ’ব৷ প্রধানমন্ত্রীৰ জৰিয়তে গামোচাই সর্বভাৰতীয় ভিত্তিত যি ব্যৱসায়িক সম্ভাৱনাৰ দুৱাৰ মুকলি কৰি দিছে, তাক উপযুক্ত চৰকাৰী সাহায্য আৰু পৰিকল্পনাৰে বাস্তৱায়িত কৰাৰ সময় এতিয়াও উকলি যোৱা নাই৷

You might also like