মালিকৰ সুখ–দুখ
সংবাদ মাধ্যমৰ পৰা জানিব পৰা গৈছে যে এগৰাকী কলেজ শিক্ষয়িত্রীয়ে চৈয়দ আব্দুল মালিকৰ চিৰযুগমীয়া কবিতা ‘মই অসমীয়া’ত মোগল–বন্দনা তথা সাম্প্রদায়িকতাৰ গোন্ধ পাইছে আৰু ছ’চিয়েল মিডিয়াত সেই কথা প্রচাৰ কৰিছে৷ শিক্ষয়িত্রীগৰাকী সমগ্র অসমীয়া সমাজৰ দ্বাৰা উচিতভাৱেই নিন্দিত হৈছে৷ চৈয়দ আব্দুল মালিক তেওঁৰ জীৱন কালতেই একাধিকবাৰ নিন্দুকৰ অন্যায় আক্রমণৰ লক্ষ্য হৈ পৰিছিল৷ দেখা গ’ল যে তেওঁ মৰিও ৰক্ষা পোৱা নাই নিন্দুকে তেওঁলোকৰ তূণৰ পৰা এতিয়াও বিষাক্ত শৰ উলিয়ায়েই আছে৷ তলত পুনৰ ছপা কৰা প্রবন্ধটো প্রথমবাৰ প্রকাশ কৰা হৈছিল চৈয়দ আব্দুল মালিকৰ মৃত্যুৰ পিছত– ২০০৮ চনৰ ২১ মার্চৰ ‘আমাৰ অসম’ৰ ‘প্রথম কলম’ত৷ তলত সেই প্রবন্ধটো হুবহু একে ৰূপত অর্থাৎ সম্পাদনা নকৰাকৈ পুনৰ ছপা কৰা হৈছে ৷
চৈয়দ আব্দুল মালিকৰ মৃত্যুত অসমীয়া মানুহৰ শোক যিদৰে উথলি উঠিছে তাৰ তুলনা সহজে মনলৈ নাহে৷ এই শোকৰ প্রকাশ যে অতি অকৃত্রিম আৰু স্বতঃস্ফূর্ত সেই বিষয়েও ধনিষ্ঠামানো সন্দেহ নাই৷ সুদীর্ঘ ষাঠি বছৰ ধৰি অক্লান্তভাৱে লেখনি চালনা কৰি তেওঁ ৬৭খন উপন্যাস আৰু দুহাজাৰতকৈ অধিক গল্পৰ যি বিশাল চিত্রশালা সৃষ্টি কৰি থৈ গৈছে সেই চিত্রশালাত অসমীয়া মানুহে– অসমীয়া সমাজে– নিজৰ প্রতিচ্ছবি দেখিবলৈ পায়৷ অসমীয়া সমাজৰ অতীতৰ উত্তৰাধিকাৰ, বর্তমানৰ অভিজ্ঞতা আৰু ভৱিষ্যতৰ আশা– এই সকলোবোৰ বিধৃত হৈ আছে চৈয়দ আব্দুল মালিকৰ বিপুল ৰচনাৱলীত৷ এই কথা ক’লে বোধহয় অত্যুক্তি কৰা নহ’ব যে আধুনিক যুগত লক্ষ্মীনাথ বেজবৰুৱাৰ পিছত মালিকেই হ’ল দ্বিতীয়জন লেখক– যিজনে সমগ্র অসমীয়া জাতিৰ হূদয় জয় কৰিবলৈ সমর্থ হৈছিল ৷
মালিকৰ বিয়োগত অসমীয়া মানুহ শোকার্ত হৈ থকাৰ সময়ত কিছুমান কথা কোৱাটো উচিত হ’ব নে নহয় সেই বিষয়ে মোৰ নিজৰ মনতেই সন্দেহ উপস্থিত হৈছে ৷ কিন্তু আনহাতে, মই এই কথাও ভাবিছোঁ যে মানুহৰ মনবোৰ কোমল হৈ থকা অৱস্থাতে এই কথাবোৰ নক’লে ভৱিষ্যতে কৈ একো লাভ নহ’ব ৷ মোৰ মনলৈ আজি এই প্রশ্ন আহিছে– মালিকৰ বিয়োগত ধুবুৰীৰ পৰা শদিয়ালৈকে অসমৰ সকলো মানুহে শোকত বিলাপ কৰাৰ সময়ত আজি ক’ত নিজৰ মুখ লুকুৱাইছে সেইকেইজন মানুহে– যিকেইজন মানুহে নিষ্ঠুৰ বাক্যবাণেৰে মালিকৰ কলিজা থকা–সৰকা কৰিছিল ?
মই এই প্রশ্নটো উত্থাপন কৰাৰ এটা বিশেষ কাৰণ আছে৷ এই কথা সকলোৱেই জানে যে কেইবছৰমানৰ আগতে মালিক দুৰাৰোগ্য কর্কট ৰোগত আক্রান্ত হৈছিল৷ অশীতিপৰ মানুহজনৰ জীৱনৰ শেষৰ বছৰকেইটা যন্ত্রণাময় কৰি ৰাখিছিল এই কাল–ব্যাধিয়ে৷ কিন্তু শাৰীৰিক যন্ত্রণাতকৈও তেওঁ বেছি ডাঙৰ যন্ত্রণা পাইছিল আন দুটা কথাৰ পৰা৷ সঁচা কথা ক’বলৈ গ’লে এই দুটা কথাইহে তেওঁক জীয়াতে মৰা হেন কৰি তেওঁৰ মৃত্যু চমু চপাই আনিলে৷ তেওঁক মর্মান্তিক যন্ত্রণা দিয়া সেই কথা দুটা আছিল– তেওঁৰ প্রাণাধিকা পত্নীৰ মৃত্যু আৰু চৰিত্র হননকেই নিজৰ জীৱনৰ প্রধান ব্রত কৰি লোৱা এজন তথাকথিত অসমীয়া লেখকে ছপাৰ আখৰত তেওঁৰ বিৰুদ্ধে কৰা জঘন্য আক্রমণ৷ মালিকৰ প্রথমটো দুখ অর্থাৎ পত্নী–বিয়োগৰ যন্ত্রণাৰ কথা সকলোৱেই জানে৷ কিন্তু তেওঁৰ দ্বিতীয়টো দুখৰ কথা আন বহুতো মানুহতকৈ মই অলপ বেছিকৈ জানো৷ অসমৰ বেছিভাগ মানুহৰ কাৰণেই চৈয়দ আব্দুল মালিক ‘মালিক ছাৰ’ অথবা ‘মালিক কাইটি’৷ মই তেওঁক মাতিছিলোঁ মালিক ককাইদেউ বুলি৷ জীৱনৰ ভৰ বয়সতে মই তেওঁক লগ পাইছিলোঁ আৰু লগ পোৱাৰ দিন ধৰি তেওঁ মোৰ মালিক ককাইদেউ৷ মই সাধাৰণতে কাৰো ঘৰত আলহী খাবলৈ নাযাওঁ৷ কিন্তু মালিক ককাইদেউৰ নাহৰণিৰ ঘৰত মই দুদিন দুৰাতি আলহী হৈ আছিলোঁ৷ মোৰ লগত আছিল অমলেন্দু গুহ৷ মই বিয়া–বাৰুলৈ বৰকৈ নাযাওঁ৷ কিন্তু মালিক ককাইদেউৰ বিয়ালৈ মই মাজুলীৰ পৰা আহিছিলোঁ– এটা ডাঙৰ ৰৌ মাছ লৈ৷ এইখিনি কথা মই কৈ লৈছোঁ এই কথাটো বুজাবলৈ যে তেওঁৰ লগত মোৰ এটা বিশেষ আত্মীয়তাৰ সম্পর্ক আছিল আৰু তেওঁ মোক মনৰ কথা কয়৷ এই কথা তেওঁৰ ল’ৰা–ছোৱালীবোৰে জানে৷ প্রায় এবছৰমানৰ আগতে মই ‘আমাৰ অসম’ত ‘চৈয়দ আব্দুল মালিক’ নাম দি এটা সৰু প্রবন্ধ লিখিছিলোঁ৷ প্রবন্ধটো পঢ়ি মালিক ককাইদেৱে মোলৈ লিখা এখন চিঠিত অন্যান্য কথাৰ লগতে লিখিছিল– ‘কামিলে (পুতেক) তোমাৰ প্রবন্ধটো কাগজৰ পৰা কাটি ফ্রেমত বন্ধাই থৈছে ৷’
মই উজনি অসমৰ ফালে কিবা কামত যাব লগা হ’লেই মালিক ককাইদেউৰ যোৰহাটৰ ঘৰত ভুমুকি নমৰাকৈ নাথাকোঁ ৷ আজিৰ পৰা কেইমাহমানৰ আগতে তেনেকৈ উজনি অসমলৈ যাওঁতে মালিক ককাইদেউক মাত এষাৰ দিবৰ মনেৰে তেওঁৰ ঘৰত সোমালোঁ ৷ সেইদিনা তেওঁ শাৰীৰিকভাৱে বৰ দুর্বল হৈ আছিল ৷ ইটো–সিটো কথা পাতি থকাৰ পিছত হঠাৎ তেওঁ মাতটো খুব কৰুণ কৰি মোক ক’লে– ‘হোমেন, মই ভাবিছিলোঁ যে মোৰ সহ্য–শক্তি অসীম ৷ কিন্তু সকলো কথাৰেই বোধহয় এটা সীমা থাকে ৷ গোটেই জীৱন ধৰি বহুবাৰ হলাহল পান কৰিব লগা হৈছে৷ নীৰৱে গোটেইবোৰ যন্ত্রণা সহ্য কৰিছোঁ৷ কিন্তু আৰু নোৱাৰা হৈ আহিছোঁ…৷’
তেওঁৰ মুখলৈ চাই মোৰ এনে ভাব হ’ল– যেন তেওঁ জোৰকৈ চকুপানী গোপন কৰিবলৈ চেষ্টা কৰিছে ৷
মালিক ককাইদেৱে মুখ খুলি নক’লেও মই বুজি পালোঁ যে তেওঁ মোক ক’ব খুজিছে কেইসপ্তাহমানৰ আগতে কোনোবা এখন বাতৰিকাকতত তেওঁৰ বিষয়ে জঘন্য অপ–প্রচাৰ কৰি লিখা এটা প্রবন্ধৰ কথা ৷ বিষ–ভাণ্ডত কলম জুবুৰিয়াই লিখা সেই প্রবন্ধটোৱে বিভিন্ন মহলত তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছিল কিন্তু দুৰাৰোগ্য ৰোগত মৃত্যুমুখী অশীতিপৰ মানুহজনক সি দিছিল তেওঁৰ জীৱনৰ আটাইতকৈ ডাঙৰ মানসিক আঘাতটো৷ সেই কথা তেওঁ মোক নিজে কৈছিল৷
মই মালিক ককাইদেউক সাত্ব্ন্না দিবৰ মনেৰে ক’লোঁ– মালিক ককাইদেউ, কিবা নহয় কিবা এটা মূল্য নিদিয়াকৈ আপুনি জীৱনত একো বস্তু নাপায়৷ আটাইতকৈ বেছি মূল্য দিব লগা হয় খ্যাতিৰ কাৰণে৷ আপোনাৰ খ্যাতি যিমান বাঢ়িব, সিমানেই বাঢ়িব নিন্দুকৰ ঈর্ষাৰ জ্বালা৷ ৰবীন্দ্রনাথ ঠাকুৰে ন’বেল পুৰস্কাৰ পোৱাৰ পোন্ধৰ বছৰৰ পিছত তেওঁৰ বিষয়ে কি লিখা হৈছিল জানেনে? ‘অৱতাৰ’ নামৰ আলোচনীত লিখা হৈছিল যে ৰবীন্দ্রনাথ ঠাকুৰে বোলে যৌৱনকালত বেশ্যাগমন কৰিছিল– যাৰ ফলত তেওঁ আক্রান্ত হৈছিল ছিফিলিছ ৰোগত৷ আপুনি মোক পৃথিৱীৰ এজন মাত্র খ্যাতিমান মানুহৰ কথা ক’ব পাৰিবনে– যাৰ জীৱন অন্ততঃ এদিনৰ কাৰণেও নিন্দুকৰ বিষাক্ত বাক্যবাণে দুর্বিষহ কৰি তোলা নাই? আনহাতে, আপুনি পৃথিৱীৰ মাত্র এজন বিখ্যাত লেখকৰ নাম কওকচোন– যাৰ খ্যাতি ঈর্ষাপৰায়ণ নিন্দুকৰ বিষবাক্যই নষ্ট কৰিব পাৰিছে? প্রকৃত প্রতিভাৱান মানুহক এটা জাতিয়ে নিজৰ হূদয়ত যুগমীয়া শ্রদ্ধাৰ আসনত ঠাই দিয়ে নিন্দুকৰ কথা মানুহে পাহৰি যায় মাখি–মহ বা নর্দমাৰ পোকৰ দৰে৷… ৰাছিয়াৰ অমৰ লেখক এণ্টন চেখভকো নিন্দুকে এদিনৰ কাৰণেও শান্তিত থাকিবলৈ নিদিছিল৷ নিন্দা অসহ্য হোৱাত চেখভেNew Times নামৰ এখন বাতৰিকাকতত লিখা এটা প্রবন্ধত লিখিছিল– ‘নিন্দুকবোৰ হ’ল মাখিৰ নিচিনা৷ ঘোঁৰাক সুখেৰে কাম কৰিবলৈ নিদিয়াটোৱেই হ’ল সিহঁতৰ একমাত্র কাম৷ কাম কৰোঁতে ঘোঁৰাৰ পেশীবোৰ গুণ টনা ধনুৰ দৰে টান হৈ উঠে আৰু মাখিয়ে ঠিক তাৰ ওপৰতে পৰি ভেনভেনাবলৈ ধৰে৷ মাখিয়ে কিহৰ বিষয়ে ভেনভেনায়? সি কেৱল ঘোষণা কৰিবলৈ বিচাৰে ঃ চোৱা, ময়ো এই পৃথিৱীত আছোঁ আৰু মই ভেনভেনাব পাৰোঁ৷’ মোৰ দীঘল বত্তৃণতা শুনি মালিক ককাইদেউক অলপ আশ্বস্ত হোৱা যেন লাগিল কিন্তু লগতে তেওঁ এই কথাও বুজাই দিলে যে নমৰালৈকে তেওঁ এই অপমান আৰু যন্ত্রণা পাহৰিব নোৱাৰে ৷
মালিক ককাইদেৱে জীৱনত বহুবাৰ হলাহল পান কৰিব লগা হোৱাৰ কথা কৈছিল৷ হয়, আজি যিজন মানুহক অসমৰ মানুহে মুকুটবিহীন সম্রাটৰ দৰে বিদায় দিছে, সেইজন মানুহক মাত্র সৌ–সিদিনা কোৱা হৈছিল ‘নাহৰণিৰ গুণ্ডা’ বুলি৷ যিজন মানুহৰ অন্ত্যেষ্টিক্রিয়া আজি তেওঁৰ পৰিয়ালৰ মানুহৰ পৰিৱর্তে অসম সাহিত্য সভাই সম্পন্ন কৰি তেওঁলৈ যাচিছে বিৰলতম সন্মান, (অসমৰ বুৰঞ্জীত এটা অভূতপূর্ব ঘটনা), তেওঁক কিন্তু এদিন অতি অন্যায়ভাৱে বঞ্চিত কৰা হৈছিল গোলাঘাট কলেজৰ অধ্যক্ষ পদৰ পৰা৷ আজি শোকৰ উচ্ছ্বাসে উদ্বেলিত কৰা জন–সমুদ্রত সেই মানুহবোৰো সাঁতুৰি ফুৰিছিলনে সাপৰ দৰে বা পোকৰ দৰে ?
নিন্দুকৰ সংখ্যা হাজাৰ হাজাৰ বা লাখ লাখতো নহয়েই, মাত্র তিনিজন বা চাৰিজন৷ মালিকৰ মৃত্যুত শোকাভিভূত আৰু মালিকৰ প্রতি কৃতজ্ঞ অসমীয়া জাতিয়ে আজি সহস্র মুখেৰে এই কথা ঘোষণা কৰি দিলে যে জাতিৰ হূদয়ত ঈর্ষাকাতৰ নিন্দুকৰ কাৰণে কোনো স্থান নাই নিন্দুকৰ স্থান ইতিহাসৰ পূতিগন্ধ নর্দমাত ৷