নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এক ভয়াৱহ ভৱিষ্যতৰ আগজাননী

মঙলদৈ জিলাত শেহতীয়াকৈ সংঘটিত কাণ্ডই অসমৰ খিলঞ্জীয়া লোকসকলৰ ভৱিষ্যৎ সম্বন্ধে পুনৰায় নতুনকৈ ভাবিবলৈ আমাক বাধ্য কৰাইছে৷ আমি বহু আগৰ পৰাই চিঞৰি আহিছোঁ যে অসমখনক এক মুছলমান বসতিপ্রধান ৰাজ্যলৈ ৰূপান্তৰিত কৰা গভীৰ ষড়যন্ত্র আন্তর্জাতিক পর্যায়ত চলি আহিছে৷ কিন্তু কেৱল অসমতে নহয়, সমগ্র দেশলৈ এক চক্রান্ত পৰিব্যাপ হোৱাৰ আশংকা ঘনীভূত হৈছে৷ অসমীয়াত এষাৰ কথা আছে– বালীলৈ যিপাট শৰ, সুগ্রীৱলৈকো একেপাট শৰেই৷ অর্থাৎ আজি অসম দখল কৰিবলৈ ইছলামিক সম্প্রসাৰণবাদী চক্রই যি তৎপৰতা দেখুৱাইছে, সেই একে প্রক্রিয়াৰ পুনৰাবৃত্তি কাইলৈ পশ্চিম বংগত আৰু পৰহিলৈ বিহাৰত যে নঘটিব, তাৰ একো নিশ্চয়তা নাই৷ অর্থাৎ এদিন গোটেই ভাৰতখনেই পাকিস্তানত পৰিণত হোৱাৰ আশংকা পূর্ণমাত্রাই আছে৷ হিন্দুসকলক পুনৰায় ব্রিটিছ সাম্রাজ্যবাদীসকলৰ ভাৰত–আগমনৰ পূর্বৰ অৱস্থাটোলৈ লৈ যোৱাৰ সপোন এটা চক্রই দীর্ঘ কাল ধৰি পেটতে পুহি ৰাখিছে৷ কেৱল সেয়ে নহয়, তেনে এক লক্ষ্যত উপনীত হ’বলৈ অতিশয় পৰিকল্পিতভাৱে উক্ত কুচক্র অগ্রসৰ হৈছে৷ তাৰে উমান আকৌ এবাৰ পোৱা গ’ল অসমৰ মঙলদৈ জিলাত অলপতে ঘটি যোৱা ঘটনাৱলীৰ পাছত৷ জিলাখনৰ গৰুখুঁটি এলেকাত সংশ্লিষ্ট কর্তৃপক্ষই চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ ব্যৱস্থা গ্রহণৰ প্রতিক্রিয়া হ’ল সুদূৰ ইছলামাবাদত৷ ভাৰতৰ এখন অংগৰাজ্য অসমত ৰাজ্যিক চৰকাৰে বিধি অনুযায়ী গ্রহণ কৰা পদক্ষেপত পাকিস্তান চৰকাৰৰ বৈদেশিক মন্ত্র্যালয়ে তীব্র অসন্তুষ্টি ব্যক্ত কৰিবৰ নিমিত্তে ভাৰতৰ ইছলামাবাদস্থ উচ্চায়ুক্তগৰাকীক মাতি পঠিয়ালে৷ ইয়াতকৈ উদ্বেগৰ কথা আৰু কি হ’ব পাৰে? অর্থাৎ, ইয়াতে মাৰিলোঁ টিপা, গড়গাঁও পালেগৈ শিপা ইছলামাবাদ নামে–কামে ইছলামিক সম্প্রসাৰণবাদৰ বৰঘৰ হৈ উঠা দেখা গৈছে৷ নহ’লে প্রতিৱেশী দেশ এখনৰ নিতান্ত অভ্যন্তৰীণ বিষয় এটাত সেই দেশে মাত নামাতিলেহেঁতেন৷ লক্ষণীয়ভাৱে গোটেই পৃথিৱীৰে সকলো ইছলামিক দেশৰ ভিতৰত একমাত্র পাকিস্তানেই হৈছে পাৰমাণৱিক শক্তিধৰ ৰাষ্ট্র৷ সেই ‘সুবাদ’তে পাকিস্তানে নিজকে সমগ্র ইছলামিক বিশ্বৰ অবিসম্বাদী নেতা হিচাপে ভাবিবলৈ আৰম্ভ কৰিছে৷ পিছে চীনদেশত উইঘুৰ মুছলমানসকলৰ ওপৰত সেই দেশৰ চৰকাৰে যি নির্যাতন চলাই আহিছে, তাৰ প্রতিবাদ কৰিবলৈ পাক চৰকাৰক সাহে নুকুলায়৷ নিৰপেক্ষ দৃষ্টিৰে চাবলৈ গ’লে চীনৰ এখন বিশেষ প্রদেশত বসবাস কৰি থকা উক্ত মুছলমান সম্প্রদায়টোৰ মানৱ–ধিকাৰ চীনা চৰকাৰে দেখ দেখকৈ লংঘন কৰিছে৷ কিন্তু সেই কথালৈ ভ্রূক্ষেপ কৰিবলৈ ইছলামাবাদৰ আহৰি নাই৷ তাৰ বিপৰীতে ভাৰতত এজন মুছলমানৰো মানৱ–ধিকাৰ উলংঘা হোৱাৰ কোনো যুক্তিসংগত প্রমাণ নাই৷ তথাপি ভাৰতৰ বিৰুদ্ধে সকলো সময়ত ভিত্তিহীন অভিযোগ উত্থাপন কৰি ইছলামাবাদে কৃতকৃত্য হোৱা বুলি অনুভৱ কৰে৷ অৱশ্যে এয়া একো নতুন কথা নহয়৷ দেশ–বিভাজনৰ অব্যৱহিত পিছ মুহূর্তৰ পৰাই ভাৰতক ধ্বংস কৰাৰ উদ্দেশ্যে এই দেশখনে অহৰহ প্রচেষ্টা চলাই আহিছে৷ স্বাধীনতাৰ আগে–পাছে পাকপন্থী চক্রটোৱে কামনা কৰিছিল যে পশ্চিম পাকিস্তান আৰু পূব পাকিস্তানৰ উপৰি ভাৰতৰ বক্ষত আৰু শতাধিক সৰু–বৰ পাকিস্তানে গঢ় লৈ উঠক৷ কিন্তু বাস্তৱত সেই অভিপ্রায় ৰূপায়িত নোহোৱাত ইছলামাবাদে চিৰকাল ভাৰতৰ বিৰুদ্ধে নিত্য–নতুন অভিসন্ধি ৰচনা কৰি আহিছে৷ এইখিনিতে উল্লেখযোগ্য যে স্বাধীনতাৰ প্রাক্কালত জিন্নাৰ দলে ‘গ্রুপC’–ৰ যি মানচিত্র প্রস্তুত কৰি উলিয়াইছিল, তাত অসমকে ধৰি সমগ্র পূর্বোত্তৰ অঞ্চলৰ উপৰি পশ্চিম বংগও অন্তর্ভুক্ত হৈছিল৷ পিছে ভাৰতক থানবান কৰি সমগ্র উপ–মহাদেশখনক ঔপনিৱেশিক যুগৰ পূর্বৱর্তী অৱস্থালৈ ঘূৰাই নিয়াৰ যি ভয়ংকৰ ষড়যন্ত্র সেই তাহানিতে আৰম্ভ হৈছিল, তাৰ সঠিক মূল্যায়ন কৰিবলৈ খিলঞ্জীয়া অসমবাসীৰ এটা বৃহৎ অংশ যিদৰে আজিও প্রস্তুত হোৱা নাই, ঠিক তদ্রূপ পশ্চিম বংগৰ জনসাধাৰণেও ইতিহাসৰ শিক্ষা গ্রহণত ব্যর্থতা প্রদর্শন কৰিছে৷
বর্তমান মুহূর্তত সবাতোকৈ প্রাসংগিক প্রশ্ণটো হৈছে এয়ে যে অতীতত ভাৰতৰ বহুবাৰ অংগছেদ হৈছে৷ এতিয়াও আমাৰ বিশাল দেশখন ক্ষেত্রীয় অখণ্ডতাৰ প্রতি অহা ভাবুকিৰ পৰা সম্পূর্ণৰূপে মুক্ত হ’ব পৰা নাই৷ এনে ভাবুকিৰ উৎসসমূহৰ সৈতে যথোচিত দৃঢ়তাৰে মোকাবিলা কৰিবৰ নিমিত্তেই কেন্দ্রত এখন শক্তিশালী চৰকাৰ চিৰকাল বর্তি থকাটো অপৰিহার্য বুলি আমি বিবেচনা কৰোঁ৷ ৰাষ্ট্রীয় অখণ্ডতাৰ প্রতি গভীৰভাৱে দায়বদ্ধ এখন চৰকাৰৰ উপস্থিতিতহে দেশখনৰ স্বার্থ সর্বদিশৰ পৰা সুৰক্ষিত হৈ ৰ’ব বুলি আশা কৰিব পাৰি৷ এই ক্ষেত্রত দেশৰ প্রতিৰক্ষা বাহিনীকেইটা বহিঃশত্রুৰ পৰা আহিব পৰা যিকোনো প্রত্যাহ্বানৰ সন্মুখীন হ’ব পৰাকৈ সম্পূর্ণ সষ্টম হৈ থকাটো প্রতীয়মান হৈছে৷ কিন্তু গৃহশত্রুবিলাকৰ পৰা আমাৰ দেশ তথা ৰাজ্যখনক কিদৰে সুৰক্ষিত ৰাখিব পৰা যায়, সেইটোহে সম্প্রতি অধিক চিন্তনীয় বিষয় হৈ পৰিছে৷ সংসদত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন হ’বৰ পৰত যিবোৰ মহলে দেশজুৰি তোলপাৰ লগাইছিল, সেই একেখিনি মানুহেই অসমৰ বেদখল উচ্ছেদৰ বেলিকাও প্রবল বিৰোধ প্রকট কৰাটো অতিশয় তাৎপর্যপূর্ণ কথা৷ বিশেষকৈ কংগ্রেছ আৰু চি পি এমৰ দৰে ৰাজনৈতিক দলসমূহে এই সন্দর্ভত অনুসৰণ কৰা খিলঞ্জীয়াৰ স্বার্থবিৰোধী নীতিৰ ফলতে যে এদিন দেশখনৰ ক্ষেত্রীয় অখণ্ডতা বিপন্ন হৈ উঠিবগৈ, তাৰ আগলি বতৰা ইতিমধ্যে আমি পাই গৈছোঁ৷ দেশৰ প্রধান বিৰোধী ৰাজনৈতিক দলকেইটাই এনেদৰে নিজ নিজ ভোট–বেংক মজবুত কৰি ৰখাৰ স্বার্থত ৰাষ্ট্রবিৰোধী কার্যকলাপত নিজকে জড়িত কৰাটো অতিশয় দুর্ভাগ্যজনক৷ যিবোৰ দল কিম্বা ব্যক্তিয়ে ইছলামাবাদৰ লগত সুৰ মিলাই কথা ক’ব পাৰে, সিবিলাকৰ নিজ দেশখনৰ প্রতি দায়বদ্ধতা কিমান, সেই কথা সহজেই অনুমেয়৷
আন এক দৃষ্টিকোণৰ পৰাও সাম্প্রতিক ঘটনাপ্রৱাহ বিশ্লেষণ কৰি চোৱাৰ প্রয়োজন আমি অনুভৱ কৰিছোঁ৷ অসমৰ প্রেক্ষাপটত ৰাজ্যৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহেই হওক কিম্বা ৰাষ্ট্রীয় প্রেক্ষাপটত হিন্দু ধর্মাৱলম্বী সমাজখনেই হওক, এই দুয়োটা পক্ষই সকলো সময়তে স্বাধিকাৰ ৰক্ষাৰ বাবেহে সংগ্রাম কৰি যাব লগা হৈছে৷ পূর্বোক্ত কোনো এটা পক্ষয়েই আনৰ মাটিত আনৰ অধিকাৰ কাঢ়ি লোৱাৰ প্রয়াসত লিপ্ত হোৱা নাই৷ কিন্তু এই স্থিতি গ্রহণ কৰাৰ বাবে দুয়োটা জনসমষ্টিকে এচাম লোকে সকলো সময়তে আক্রমণৰ লক্ষ্য কৰি লোৱা দেখা যায়৷ এনে দৃষ্টিভংগী চূড়ান্তভাৱে পক্ষপাতদুষ্ট আৰু অভিসন্ধিমূলক৷ কিয়নো এইখন পৃথিৱীত আপোন অস্তিত্ব আৰু স্বার্থ সুৰক্ষিত কৰাৰ অধিকাৰ প্রতিজন ব্যক্তি কিম্বা প্রতিটো জনসমষ্টিৰে আছে৷ তেনেহ’লে অসমত অসমীয়াসকলে (বৃহত্তৰ অর্থত) আৰু হিন্দুস্তানত (অর্থাৎ ভাৰতত) হিন্দুসকলে স্ব স্ব সংস্কৃতি আৰু অন্যান্য অধিকাৰ সুৰক্ষিত কৰিব খুজিলে তাক নীতিবিৰুদ্ধ বুলি গণ্য কৰা হয় কিয়? আমাৰ দৃষ্টিত এয়াও আনৰ অধিকাৰ হৰণৰ এক নীচ কৌশল মাথোন৷
এটা কথা সংশ্লিষ্ট সকলো পক্ষই মনত ৰখা উচিত, অসমৰ খিলঞ্জীয়া পক্ষৰ কোনো লোকে কাহানিও বাংলাদেশ নাইবা পাকিস্তানত গৈ আনৰ ভূমি দখল কৰিব খোজা নাই৷ তেওঁলোকে কেৱল ইয়াকে বিচাৰিছে যে নিজৰ বাপতিসাহোন মাটিকেইডৰা বিদেশীৰ হাতলৈ নাযাওক৷ কিন্তু ইয়াৰ বিপৰীতে পূর্ববংগমূলীয় মুছলমান সম্প্রদায়টোৰ সদায় লুভীয়া চকু আনৰ মাটিৰ ওপৰত৷ যদি একো একোটা পৰিয়ালত সন্তানৰ সংখ্যা কুৰিৰ ওচৰা–উচৰি হয়গৈ, তেনেহ’লে অকল অসমতে নহয়, পৃথিৱীৰ কোনো দেশতে এই সম্প্রদায়টোক মাটিয়ে নোজোৰা হ’বগৈ৷ সি যি নহওক, অসমৰ মাটিৰ ওপৰত যে কেৱল ইয়াৰ ভূমিপুত্রসকলৰহে অধিকাৰ সিদ্ধ হৈছে, সেই কথা প্রতিজন যুক্তিবাদী মানুহেই স্বীকাৰ কৰি লোৱা বাঞ্ছনীয়৷ হৰিশংকৰ ব্রহ্ম কমিটীৰ প্রতিৱেদনতো মূলতঃ এই কথাকে দোহৰা হৈছে৷ ৰাজ্যৰ খিলঞ্জীয়া শিবিৰৰ বাবে অতিশয় সুখৰ বতৰা এয়ে যে মুখ্য মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু তেওঁৰ নেতৃত্বাধীন চৰকাৰখনে খিলঞ্জীয়াৰ ভূমি–স্বত্বৰ প্রতি সম্পূর্ণ দায়বদ্ধতা প্রকাশ কৰি বিশেষজ্ঞ কমিটীখনৰ প্রতিটো পৰামর্শ বাস্তৱায়িত কৰিবলৈ দৃঢ়তাৰে অগ্রসৰ হৈছে৷ চৰকাৰখনৰ এনে বলিষ্ঠ পদক্ষেপেহে অসমত খিলঞ্জীয়াৰ স্বার্থক সুৰক্ষিত কৰিব বুলি আমি গভীৰভাৱে আস্থাশীল৷ প্রতিজন অসমপ্রেমী ব্যক্তি আৰু প্রতিটো সংগঠন এই সময়ত চৰকাৰখনৰ পিছত থিয় দিয়াটো নিতান্ত প্রয়োজনীয় বুলি আমি অনুভৱ কৰিছোঁ৷

You might also like