নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰাক্তন মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ ইন’ভা বাহন চুৰিঃ আটক ৩

নিয়মীয়া বাৰ্তা ১৭ জুলাইঃ ৰজাৰ ঘৰতে চোৰৰ হাতোৰা । কটকটীয়া নিৰাপত্তা তথা CCTV কেমেৰা থকাৰ পিছতো সচিবালয়ৰ পৰা প্ৰাক্তন মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ বাহন লৈ উধাও হ’ল চোৰ। শুকুৰবাৰে সংঘটিত হয় এই চুৰিকাণ্ড।

প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ফণীভূষণ চৌধুৰীৰ ইন’ভা বাহন চুৰি কৰি নিছিল দুৰ্বৃত্তই। নিশা নুমলীগড়ত দুৰ্ঘটনাত পতিত হোৱাৰ পাছতে পোহৰলৈ আহে এই চুৰিকাণ্ডৰ ঘটনা।

ঘটনা সন্দৰ্ভত এই পৰ্যন্ত তিনিজন লোকক আটক কৰিছে দিছপুৰ আৰক্ষীয়ে। ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে হাৰেচ আলী,ছফিকুল আহমেদ আৰু আৰিফুল আলীক। লগে লগে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া। ফণীভূষণ চৌধুৰীৰ গাড়ীৰ ড্ৰাইভাৰেই চুৰি কৰি লৈ গৈছিল গাড়ীখন।

You might also like