কাৰ-ফ্ৰী চহৰঃ য’ত গাড়ীৰে যাব নোৱাৰি
বিশেষ বাৰ্তা, ৭ এপ্ৰিলঃ শুনিবলৈ ভাল যে কোনোৱে মেট্ৰ’ চহৰত থাকে। কিন্তু মেট্ৰ’ জীৱনৰ বিৰক্তি, অশান্তিবোৰ সেই জীৱনটো কটোৱা মানুহজনেহে বুজি পায়। বিশেষকৈ বৰ্ধিত গাড়ী-মটৰৰ ভিৰৰ বাবে জীৱনৰ আধা সময় অহা-যোৱাতে শেষ হোৱা যেন লাগে। সেয়েতো মানুহে এই ভিৰ-ভাৰ-ট্ৰেফিকৰ মাজৰ পৰা আঁতৰি শান্তি অলপ বিচাৰি নীৰৱ, নৈসৰ্গিক ঠাইলৈ ফুৰিবলৈ যায়। সেয়ে কোনোৱে বাছি লয় পাহাৰৰ চূড়, কোনোৱে সাগৰৰ তীৰ…। আপুনি জানি আচৰিত হ’ব যে এতিয়াও বিশ্বত এনে কিছুমান চহৰ আছে য’ত গাড়ী নচলে। এতিয়াও তাত মানুহে শান্তিৰে ৰাস্তাত খোজ কাঢ়িব পাৰে। কাৰ-ফ্ৰী চহৰ বুলি ক’লে প্ৰথমেই যিখন চহৰৰ নাম আহে সেইখনে হ’ল ভেনিছ। ইটালীৰ ইতিহাসপ্ৰসিদ্ধ ভেনিছ চহৰখন সেয়ে দেশী-বিদেশী পৰ্যটকৰ আকৰ্ষণৰ স্থল। ১৭০ টা কেনেল আৰু ৪১০ খন ব্ৰীজেৰে ইয়ালৈ আহে মানুহ। খোজকাঢ়ি বা নাঁৱেই ইয়াৰ যাতায়াত। অতি সুন্দৰ-স্পন্দনশীল অট্টালিকাবোৰো ইয়াৰ আন এক বিশেষ আকৰ্ষণ।
তালিকাত থকা আন এখন সুন্দৰ পৰিৱেশৰ নীৰৱ, বায়ু প্ৰদূষণহীন ঠাই হ’ল ছুইজাৰলেণ্ডৰ ভালাইছ চহৰ। কাৰ-ফ্ৰী বুলি ইউনেস্কোৰ হেৰিটেজ ছাইট হিচাপে জনাজাত আৰু এখন ঠাই হ’ল মৰোক্কোৰ ফেছ এল বালি। ১৯৯৬ চনৰ পৰা কাৰ-ফ্ৰী বুলি ঘোষণা কৰা আৰু এখন অদ্ভূত ঠাই হ’ল বেলজিয়ামৰ ঘেণ্ট।