নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাউডস্পীকাৰত আজানঃ সুৰত সুৰ মিলালে অনুৰাধা পৰৱালে

বিশেষ বাৰ্তা, ৭ এপ্ৰিলঃ আজানৰ বাবে বজোৱা লাউডস্পীকাৰ বা মাইকত নিষেধাজ্ঞা লগাব লাগে। দেশত এতিয়া লাউডস্পীকাৰ বা মাইকত মুছলমানে আজান দিয়া বন্ধ কৰাক লৈ বিতৰ্ক চলিছে। তাৰে মাজতে সুৰত সুৰ মিলাই লাউডস্পীকাৰ বা মাইকত নিষেধাজ্ঞা জাৰিৰ পক্ষ ল’লে প্ৰসিদ্ধ গায়িকা অনুৰাধা পৰৱালে। সহস্ৰ গীতত নিজৰ সুললিত কণ্ঠ নিগৰোৱা এইগৰাকী শিল্পীয়ে এইবাৰ মাত দিছে যে- তেওঁ কোনো ধৰ্মৰ বিৰোধী নহয়, কিন্তু বিশ্বৰ বিভিন্ন প্ৰান্ত ঘূৰি তেওঁ দেখিছে আনকি মধ্যপ্ৰাচ্যৰ ইছলামিক দেশবোৰৰ মছজিদতো মাইকত আজান দিয়া বন্ধ। তেন্তে কেৱল ভাৰতত কি প্ৰয়োজন। ইয়াৰ দ্বাৰা আন ধৰ্মৰ মানুহৰ মাজতো তেনে প্ৰৱণতা দেখা দিব পাৰে। কোনোৱে লাউডস্পীকাৰ বা মাইকত হনুমান চালিছা পাঠ কৰিব, তেনেকৈ সমাজৰ শান্তিহে বিঘ্নিত হ’ব। উল্লেখনীয় যে ইয়াৰ পূৰ্বে ২০১৭ চনত জনপ্ৰিয় গায়ক চনু নিগমে বিতৰ্কৰ সৃষ্টি কৰিছিল এই কথা কৈ যে পুৱাই লাউডস্পীকাৰত আজান দিয়া শুনিলে তেওঁৰ টোপনি বিঘ্নিত হয় আৰু অশান্তি বাঢ়ে। চনু নিগমে অলপতে পদ্মশ্ৰী লাভ কৰিছে।

You might also like