নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৰম আহিছে, পাউডাৰ সানি ভালপায় নেকি? কিন্তু জানেনে

বিশেষ বাৰ্তা, ৭ এপ্ৰিলঃ ব’হাগ পৰাই নাই, তাৰ আগতেই পাৰাস্তম্ভ যি হাৰত ঊর্ধ্বমুখী হৈছিল যে মানুহ অসহ্য হৈ উঠিছিল। শেহতীয়াকৈ অহা বৰষুণেহে কিছু সকাহ দিছে। গৰম পৰাৰ লগে লগেই এবিধ অতি ব্যৱহাৰযোগ্য বস্তু হৈ উঠে টেলকম পাউডাৰ। ঘাম ঢাকিবলৈ টেলকম পাউডাৰৰ ব্যৱহাৰ কৰা হয়। কিন্তু এনেকৈ পাউডাৰ সনা শৰীৰৰ পক্ষে ভাল নে ক্ষতিকাৰক সেয়া জানেনে?


টেলকম পাউডাৰ কি?
টেলকম পাউডাৰ তৈয়াৰ হয় টেল্ক নামৰ এবিধ পদার্থৰ পৰা। মূলতঃ মেগনেছিয়াম, ছিলিকন আৰু অক্সিজেনৰ দ্বাৰা গঠিত এটি উপাদান হ’ল টেল্ক। ই আর্দ্রতা শোষণ কৰা আৰু ছালক ঘর্ষণজনিত আঘাতৰ পৰা ৰক্ষা কৰাত সহায় কৰে। ফলত এইধৰণৰ পাউডাৰেৰে এফালে ঘাম নিয়ন্ত্রণ কৰিলেও কমি যায় ঘাম আৰু ছালৰ বিভিন্ন ক্ষত তৈয়াৰৰ আশংকা।

টেলকম পাউডাৰ ব্যৱহাৰৰ ক্ষতি
১। কিছুমান টেলকম পাউডাৰত অছবেছটছ নামৰ এটি উপাদান থাকে। এই উপাদানে শ্বাসৰ সৈতে দেহত প্রৱেশ কৰিলে কেন্সাৰৰ আশংকা বৃদ্ধি পায়।
২। আমেৰিকাৰ এটি গৱেষণাত কোৱা হৈছে যৌনাংগ সংলগ্ন অংশবোৰত এই পাউডাৰ বেছিকৈ ব্যবহাৰ কৰা হ’লে অ’ভাৰিয়ান কেন্সাৰৰ আশংকা থাকে।

৩। শ্বাসেৰে এনে পাউডাৰ দেহত প্রৱেশ কৰিলে হাঁচি, কাহ আৰু শ্বাসকষ্টও পাব পাৰে। হাওঁফাওৰ কোষ আৰু কলাৰ দীর্ঘম্যাদী ক্ষতি হ’ব পাৰে।

৪। শিশুৰ বাবে যি পাউডাৰ ব্যৱহাৰ কৰা হয় তাত যদি এই পদাৰ্থ থাকে, তেন্তে অতি সতর্ক হোৱাটো বাঞ্ছনীয়। শিশুৰ নাকত সোমালে শ্বাসজনিত সমস্যাই দেখা দিব পাৰে।

৫। কিছুমানৰ মতে এনে পাউডাৰ ঘর্মগ্রন্থীৰ ক্ষৰণৰ পথ ৰুদ্ধ কৰে। ফলত, ঘাম ৰখাবলৈ গৈ হ’ব পাৰে হিতে বিপৰীত।

You might also like