নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড০ হিমন্ত বিশ্ব শর্মা: এখন গ্রন্থৰ জলঙাৰে ….

  • ড০ সুশান্ত কুমাৰ কাশ্যপ

 

অসম তথা উত্তৰ–পূর্বাঞ্চলৰ ৰাজনীতিত ড০ হিমন্ত বিশ্ব শর্মা এটা বিশেষভাৱে উল্লেখযোগ্য নাম৷ অৱশ্যে সাম্প্রতিক সময়ত অকল অসম বা উত্তৰ–পূর্বাঞ্চলেই নহয়, সমগ্র ভাৰতবর্ষৰ ৰাজনৈতিক ক্ষেত্রখনত যেন ক্রমাৎ গুৰুত্ব বৃদ্ধি পাইছে ড০ হিমন্ত বিশ্ব শর্মাৰ৷ এয়া অনস্বীকার্য যে ড০ হিমন্ত বিশ্ব শর্মা সাম্প্রতিক ভাৰতীয় ৰাজনীতিৰ প্রেক্ষাপটত এজন পৰিশ্রমী, কৌশলী আৰু বুদ্ধিমান ৰাজনীতিক৷ স্কুলীয়া দিনতেই ছাত্র ৰাজনীতিৰ সৈতে জডিত হৈ ১৯৯৬ চনৰ পৰা অসমৰ সংসদীয় ৰাজনীতিত সক্রিয়ভাৱে অংশগ্রহণ কৰা, বর্তমান মুখ্যমন্ত্রী পদ অলংকৃত কৰি থকা ড০ হিমন্ত বিশ্ব শর্মা যেন লাহে লাহে এজন ৰাজনৈতিক নেতাৰ পৰা এটা ৰাজনৈতিক দললৈ পর্যবসিত হ’বলৈ ধৰিছে৷
ড০ হিমন্ত বিশ্ব শর্মাৰ আজিৰ যি স্থান, যি উত্তৰণ সেয়া এদিনৰ প্রাপ্ত নহয়৷ ইয়াৰ অন্তৰালত আছে সুদীর্ঘ বছৰৰ শ্রম, ত্যাগ আৰু কষ্ট৷ শেহতীয়াকৈ ড০ হিমন্ত বিশ্ব শর্মাৰ সুদীর্ঘ জীৱন আৰু কর্মৰ ওপৰত ৰচিত হৈছে এখন অগতানুগতিক গ্রন্থ ‘ড০ হিমন্ত বিশ্ব শর্মা– শৈশৱৰ পৰা মুখ্যমন্ত্রীলৈ’৷ এশ সোতৰটা অধ্যায়ৰ চাৰিশতকৈও অধিক পৃষ্ঠাৰ গ্রন্থখনৰ গ্রন্থকাৰ হৈছে মৃদুল কুমাৰ সন্দিকৈ৷ সন্দিকৈয়ে গ্রন্থখনত আজিৰ ‘ড০ হিমন্ত বিশ্ব শর্মা’ নির্মাণৰ অন্তৰালৰ ঘটনা, কাহিনীসমূহ খুব মনোগ্রাহীকৈ আৰু সূক্ষ্মভাৱে বর্ণনা কৰিছে গ্রন্থখনত৷ শৈশৱৰ পৰা আজিৰ মুখ্যমন্ত্রী হোৱালৈ যি এক দীঘলীয়া বর্ণিল পৰিক্রমা, সেয়া সন্নিৱিষ্ট হৈছে অধ্যায়বোৰত৷ অধ্যায়বোৰ তুলনামূলকভাৱে চুটি চুটি, কেৱল প্রয়োজনীয় আৰু গুৰুত্বপূর্ণ কথাইহে তাত স্থান পাইছে৷ অপ্রয়োজনীয় কোনো কথাৰেই অৱতাৰণা কৰা হোৱা নাই৷ গ্রন্থখনৰ আৰম্ভণিতে লেখক মৃদুল কুমাৰ সন্দিকৈয়ে লিখিছে– ‘তেওঁক সমালোচনা কৰিব পাৰি কিন্তু অস্বীকাৰ কৰিব নোৱাৰি৷’ কথাষাৰ তাৎপর্যপূর্ণ৷ এয়া সন্দেহৰ ঊধর্বত যে আজিৰ তাৰিখত ড০ হিমন্ত বিশ্ব শর্মা অবিহনে অসম তথা উত্তৰ–পূর্বাঞ্চলৰ ৰাজনৈতিক নক্সা অংকন কৰা সম্ভৱ নহয়৷ গতিকে, লেখকে লিখাৰ দৰে হিমন্ত বিশ্ব শর্মাক লৈ বিতর্ক, সমালোচনা কৰিলেও নিশ্চিতভাৱেই তেওঁক অস্বীকাৰ কৰিব নোৱাৰি৷
গ্রন্থখনত সন্নিৱিষ্ট কৰা অধ্যায়সমূহ পৰোক্ষভাৱে পাঁচটা ভাগ কৰি সজাৱা হৈছে৷ প্রথম ভাগটোত হিমন্ত বিশ্ব শর্মাৰ শৈশৱ, কৈশোৰ আৰু যৌৱনৰ ওপৰত ৰচিত কেইবাটাও তথ্যসমৃদ্ধ লেখা সন্নিৱিষ্ট হৈছে৷ জন্মৰ পৰা আৰম্ভ কৰি পৰিয়াল–পৰিজন, শিক্ষা, কলেজীয়া জীৱন, প্রেম ইত্যাদি কথাবোৰ, যিবোৰ আচলতে অত্যন্ত ব্যক্তিগত বিষয়, লেখকে সেইবোৰ ব্যতিক্রমী শৈলীৰে উপস্থাপন কৰিছে৷ বিশেষকৈ যোৰহাটৰ বাল্য ভৱনত শিক্ষাৰ কেনেদৰে আৰম্ভণি হৈছিল, কটন কলেজৰ নির্বাচনত কি পৰিস্থিতিত পৰাজিত হৈছিল ভুবন পেগুৰ হাতত, কটনত অখিল গগৈৰ লগত হোৱা সংঘাত আদিৰ লগতে অসমৰ এগৰাকী প্রসিদ্ধ বুদ্ধিজীৱী ড০ হীৰেন গোহঁাই সম্বন্ধেও তেওঁৰ মতামত সন্নিৱিষ্ট হৈছে৷ এটা কথা সঠিক যে গণতান্ত্রিক দেশত সকলো মানুহৰে মত প্রকাশ কৰাৰ লগতে সমালোচনা কৰাৰ অধিকাৰ থাকে৷ কেৱল এটা কথা লক্ষ্য কৰিব লাগে এই মত বা সমালোচনাই ৰাষ্ট্রৰ যেন সার্বভৌমত্ব আৰু অখণ্ডতাৰ প্রতি ভাবুকিৰ সৃষ্টি নকৰে৷ চার্জিল ইমাম, নাগৰিকত্ব সংশোধনী বিধেয়ক আদি যথেষ্ট স্পর্শকাতৰ বিষয়ক লৈ ড০ হীৰেন গোহঁাই আৰু হিমন্ত বিশ্ব শর্মাৰ যি বাক্যুদ্ধ, সেয়া ‘হিমন্ত বিশ্ব শর্মাৰ কলমত হীৰেন গোহঁাই’ শীর্ষক লেখাটোত প্রতিফলিত হৈছে৷ বিশেষকৈ চার্জিলক লৈ হীৰেন গোহঁায়ে কৰা মন্তব্যক তীব্র সমালোচনা কৰিছিল ড০ হিমন্ত বিশ্ব শর্মাই৷ এটা কথা আমি সকলোৱে জানো যে ড০ হীৰেন গোহঁাই এগৰাকী সাহসী বুদ্ধিজীৱী তথা শিক্ষাবিদ৷ সমালোচনালৈ কেতিয়াও ভ্রূক্ষেপ নকৰে৷ যিকোনো পৰিস্থিতিতেই নিজৰ বক্তব্য উপস্থাপন কৰিবলৈ ভয় নকৰে৷ কোন শুদ্ধ, কোন ভুল সেয়া আমাৰ বিচার্য বিষয় নহয়৷ কিন্তু হিমন্ত বিশ্ব শর্মায়ো এনেবোৰ সংবেদনশীল আৰু স্পর্শকাতৰ বিষয়ৰ ওপৰত হীৰেন গোহঁাইৰ মতক নির্মমভাৱে সমালোচনা কৰি সাহসেৰেই পৰিচয় দিয়া বুলি ক’ব পাৰি৷ বৌদ্ধিক ক্ষেত্রত হীৰেন গোহঁাইৰ যি স্থান, ৰাজনৈতিক ক্ষেত্রখনতো হিমন্ত বিশ্ব শর্মাৰ একেই স্থান বুলি নিশ্চয় সকলোৱে স্বীকাৰ কৰিব৷ লেখাটোৰ শেষত হিমন্ত বিশ্ব সম্বন্ধে হীৰেন গোহঁাইৰ মত এটা প্রকাশ কৰিছে৷ গোহঁাইৰ ভাষাত– ‘তেওঁ কর্মতৎপৰ মানুহ৷ ভাগৰ–জুগৰ নাই৷ কাম কৰি যায়৷ কিবা এটা কৰোঁ বুলি ভাবিলেই কৰে৷ কিন্তু কোনটো কাম ভাল বুলি ভাবে, কোনটো কাম বেয়া বুলি ভাবে সেইটোহে ডাঙৰ কথা৷ কর্মতৎপৰ হ’লেও তেওঁ কেন্দ্রৰ এজেণ্ডা মতেহে কাম কৰে৷’ হিমন্ত বিশ্ব শর্মা সম্বন্ধে হীৰেন গোহঁাইৰ এই মন্তব্য নিঃসন্দেহে তাৎপর্যপূর্ণ৷
আকৌ ‘কেনেকৈ জীৱনলৈ আহিল ৰিণিকি ভূঞা’ আৰু ‘ৰিণিকিক কৈছিল, মাক কৈ আহা, মই মুখ্যমন্ত্রী হ’ম’ এই দুটা লেখাৰ পৰা পাঠকে অন্য এজন হিমন্ত বিশ্ব শর্মাক আৱিষ্কাৰ কৰিবলৈ সক্ষম হ’ব৷ লেখকে বৰ আমোদজনকভাৱে এই গ্রন্থখনত সন্নিৱিষ্ট কৰা ‘জয়ন্তদা (জয়ন্ত বৰুৱা, অসমীয়া প্রতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী)ৰ স্কুটাৰখন ময়ে আধা ভাঙিলোঁ’ শীর্ষক লেখাটোত আচলতে হিমন্ত বিশ্ব শর্মাৰ নিৰহংকাৰী আৰু কৃতজ্ঞতাবোধ ফুটি উঠিছে৷ ইতিমধ্যে এই কথাটো বিভিন্ন সংবাদ মাধ্যমত দিয়া সাক্ষাৎকাৰতো প্রকাশ পাইছে৷ আজিৰ এই পর্যায় পোৱাৰ পিছত এনেধৰণৰ সৰু সৰু কথাবোৰো ৰাজহুৱা কৰিবলৈ যে কুণ্ঠাবোধ কৰা নাই, সেয়া তেওঁৰ অন্যতম গুণ বুলি ক’ব লাগিব৷ আটাইতকৈ ডাঙৰ কথাটো হ’ল– সেইখন স্কুটাৰ কটনত পঢ়ি থাকোঁতে আমাৰো দর্শন কৰাৰ সৌভাগ্য হৈছিল৷ বহু হোষ্টেলৰ ল’ৰাৰেই সেই স্কুটাৰখনত উঠাৰ সৌভাগ্য হৈছিল৷ মনত পৰে সেই সময়ত স্কুটাৰখনত দুই–তিনিজন কটনৰ ছাত্র একেলগে উঠি পাণবজাৰত ঘূৰি ফুৰিছিল৷
‘হিতেশ্বৰ শইকীয়াৰ আঙুলিত ধৰি শিকিছিল ৰাজনীতি’, ‘তৰুণ গগৈৰ ব্লু আই বয়’, ‘যিটো ই–মেইল নপঢ়িলে ৰাহুল গান্ধীয়ে’ আৰু ‘যিটো ভুল কৰা হ’লে মুখ্যমন্ত্রী নহ’লহেঁতেন হিমন্ত বিশ্ব শর্মা’ গ্রন্থখনৰ অন্যতম চর্চিত অধ্যায়৷ হিমন্ত বিশ্ব শর্মাৰ ৰাজনৈতিক জীৱনৰ যথেষ্ট গুৰুত্বপূর্ণ কথা, যাক ৰাজনীতিক হিমন্ত বিশ্ব শর্মাৰ জীৱনৰ টার্নিং পইণ্ট বুলি অভিহিত কৰিব পাৰি, লেখকে এই অধ্যায়কেইটাত সন্নিৱিষ্ট কৰিছে৷
গ্রন্থখনত ‘হাগ্রামা হিমন্ত বিশ্ব শর্মাৰ শত্রু নে মিত্র’, ‘হিমন্ত বিশ্ব শর্মাৰো ভুল হয়’ আদি যথেষ্ট সংবেদনশীল বিষয় লেখকে আলোচনাৰ মেজলৈ আনিছে৷ মুঠতে হিমন্ত বিশ্ব শর্মাৰ ব্যক্তিত্বৰ প্রতিটো দিশেই লেখক সন্দিকৈয়ে পুংখানুপুংখভাৱে বিশ্লেষণ কৰাৰ প্রয়াস কৰিছে গ্রন্থখনৰ অধ্যায়বোৰত৷
অইন ৰাজনীতিকৰ দৰে ড০ হিমন্ত বিশ্ব শর্মাও ধোৱা তুলসীৰ পাত নহয়৷ বিভিন্ন সময়ত বিতর্কত সোমাই পৰে তেওঁ৷ কেতিয়াবা কিছুমান মন্তব্যৰ বাবে সামাজিক মাধ্যমত ‘ড্র’ল’ হয়, তেওঁক লৈ ‘মিমিক্রি’ হয়৷ কিন্তু হিমন্ত বিশ্ব শর্মা অপ্রয়োজনীয় নহয়৷ তেখেতৰ জনপ্রিয়তাও ঈর্ষণীয়৷ সাম্প্রতিক সময়ৰ এজন ‘চেলিব্রিটী পলিটিচিয়ান’ ড০ হিমন্ত বিশ্ব শর্মা৷ ইতিমধ্যে উল্লেখ কৰা হৈছে তেওঁক কোনেও অস্বীকাৰ কৰিব নোৱাৰে৷ তেওঁৰ কাম কৰাৰ ক্ষমতা আৰু আগ্রহক কোনেও অসন্মান কৰিব নোৱাৰে৷ আন বহুতৰ দৰে হিমন্ত বিশ্ব শর্মা ‘মন্ত্রীৰ চাকৰি কৰা মন্ত্রী’ নহয়৷ বিগত নির্বাচনত ‘কা’ৰ পৰা আৰম্ভ কৰি বিৰোধৰ উপৰি বিৰোধৰ পিছতো বিজেপিয়ে দ্বিতীয়বাৰৰ বাবে অসমত চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ল৷ এইক্ষেত্রত হিমন্ত বিশ্ব শর্মাৰ ভূমিকা কোনেও অস্বীকাৰ কৰিব নোৱাৰে৷ বিশেষকৈ নির্বাচনবোৰত ড০ হিমন্ত বিশ্ব শর্মাই সফলতা অর্জন কৰাৰ অন্যতম কাৰণ হিচাপে ‘প্রতিশ্রুতি পালন কৰাৰ সক্ষমতা’ বুলি ৰাজনৈতিক বিশ্লেষকসকলে অভিহিত কৰিব খোজে৷ এয়া অনস্বীকার্য যে হিমন্ত বিশ্ব শর্মা অভিযোগ আৰু সমালোচনাৰ ঊর্ধ্বত নহয়৷ বিভিন্ন সময়ত তেখেতৰ বিৰুদ্ধে উত্থাপন হৈছে অভিযোগ৷ লেখকে এই দিশবোৰো গ্রন্থখনত আলোচনাৰ মজিয়ালৈ ননাকৈ থকা নাই৷
নিঃসন্দেহে ক’ব পাৰি ‘ড০ হিমন্ত বিশ্ব শর্মা শৈশৱৰ পৰা মুখ্যমন্ত্রী’লৈ হিমন্ত বিশ্ব শর্মাক জানিবলৈ, বুজিবলৈ এখন সুন্দৰ গ্রন্থ৷ অধ্যায়বোৰ চুটি হোৱা বাবে আৰু অপ্রয়োজনীয় কথাৰ অৱতাৰণা নোহোৱা বাবে আগ্রহী পাঠকে গ্রন্থখন পঠনৰ জৰিয়তে যে ৰসাস্বাদন কৰিব পাৰিব, তাত সন্দেহ নাই৷

You might also like