নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঠানৰ শিক্ষা

শ্বাহৰুখ খান অভিনীত আৰু সিদ্ধার্থ আনন্দ পৰিচালিত ‘পাঠান’ নামৰ ছবিখনে মুক্তিৰ আগৰ পৰাই বিতর্কৰ জন্ম দিছিল আৰু মুক্তিৰ পাছত ব্যৱসায়িক সফলতাৰে অন্য এক কৌতূহলৰ সৃষ্টি কৰে৷ বলীউডৰ মুখ্য ছবিসমূহৰ অধিকাংশই ভাৰতীয় ঐতিহ্য আৰু হিন্দু সমাজ–বিশ্বাসক খুব পৰিকল্পিতভাৱে উপলুঙা কৰা আৰু নিম্নখাপৰ হিচাপে প্রদর্শন কৰা কামটো খুব কৌশলগতভাৱে কৰি আহিছিল আৰু উদাৰ হিন্দুসকলে তাৰ প্রতি বিশেষ একো মনোযোগ দিয়া নাছিল৷ কিন্তু শেহতীয়াভাৱে যোৱা কেইটামান বছৰত এই কথাবোৰ ভালদৰে আলোচিত হৈছে আৰু বিভিন্ন ঘটনাৰ প্রতিক্রিয়া হিচাপে এতিয়া কিছু দর্শক সজাগ হৈ উঠিছে আৰু এই বলীউডী চক্রান্ত দেখি প্রতিক্রিয়া প্রকাশ কৰিছে৷ ‘পাঠান’ ছবিৰ ‘বেচৰম ৰং’ গীতটোত নাায়িকাই পৰিধান কৰা গেৰুৱা ৰঙৰ বিকিনিৰে মৰা খোঁচটোৰ প্রতিবাদ কৰি বহুজনে নিজৰ মত প্রকাশ কৰিছে৷ এই সজাগতা পূর্বতে থকা হ’লে হিন্দু ব্রাহ্মণ–পূজাৰীক ভণ্ড–সৎ হিচাপে সাধাৰণীকৰণ কৰা প্রথা হিন্দী ছবিত দেখিবলৈ পোৱা নগ’লেহেঁতেন৷ ইছলাম ধর্মৰ পৱিত্র সংখ্যা লিখা বেজ পিন্ধি মানুহে মৃত্যুৰ মুখৰ পৰা উভতি অহা আৰু ভগৱানক মন্দিৰত সোমাই গালি পৰা দৃশ্য লিখি হিন্দুবিৰোধী বাক্ধাৰাক আগুৱাই নিবলৈ মুছলমান লেখকে সাহস নকৰিলেহেঁতেন৷ মূলতঃ কেইখনমান বিখ্যাত ইংৰাজী ছবিৰ দৃশ্য নকল কৰি নির্মাণ কৰা ‘পাঠান’ ছবিত আক্রমণৰ বাবে হিন্দু ধর্মৰ বিপৰীতে বাছি লোৱা হৈছিল ভাৰতীয় সেনাৰ মর্যাদা৷ বীৰচক্র লাভ কৰা এজন ভাৰতীয় জোৱানে আই এছ আইৰ লগ হৈ ভাৰতবিৰোধী কামত লিপ্ত হৈ পৰা দৃশ্য ৰচনাৰে ভাৰতীয়ৰ স্বাভিমানত আঘাত কৰা কথাৰ যেনেদৰে বিৰোধ হোৱা উচিত আছিল, তেনেদৰে হোৱা নাই৷ দর্শকৰ মনোযোগ দীপিকা পাডুকনে পিন্ধা বিকিনিৰ ৰঙৰ পিনে টানি নি ভাৰতীয় সেনাৰ মর্যাদাত দাগ লগাব পৰা পৰিৱেশনৰ বাক্ধাৰাক দর্শকৰ মনলৈ লৈ যোৱা যি বাক্ধাৰা, সি কোনোধৰণৰ বাধাৰ সন্মুখীন নহ’ল৷ ‘পাঠান’ক লৈ বিভিন্ন ঠাইত ছবিখনৰ লগত সম্বন্ধ নথকা মানুহেও যিদৰে প্রচাৰত ব্রতী হৈছে, সেই কথালৈ চাই ‘বেচৰম ৰঙ’ৰ কাৰণে হোৱা প্রতিবাদো ছবিখনৰ প্রচাৰৰ কৌশল আছিল বুলি ভবাৰ স্থল থাকে৷
বিগত কিছু বছৰৰ পৰা বলীউডৰ দিন ভাল যোৱা নাছিল৷ উত্তৰ প্রদেশৰ যোগী আদিত্যনাথ চৰকাৰে আৰম্ভ কৰা ফিল্ম পলিচীৰ বাবে উত্তৰ ভাৰতৰ বহু ঠাইত হিন্দী ছবিৰ দৃশ্যগ্রহণ আৰম্ভ হৈছিল৷ এই নতুন নতুন ঠাইবোৰত কৰা দৃশ্যগ্রহণে ছবিবোৰৰ দৃশ্যগত ৰূপ সলনি কৰি দিছিল আৰু লগে লগে এচাম নতুন তাৰকাৰো জন্ম দিছিল৷ ফলত বলীউডৰ বাহিৰত হিন্দী ছবিৰ নতুন জগত এখনৰ জন্ম হৈছিল৷ এই পৰিৱর্তনৰ বতাহক বাধা দিয়াৰ বাবে বলীউডৰ চিনেমা ব্যৱসায়ীসকলক ধাৰাবাহিকভাৱে কেইবাখনো সফল ছবিৰ প্রয়োজন হৈছিল৷ এই ছবিবোৰ উত্তৰ ভাৰতত দৃশ্যগ্রহণ কৰা ছবিৰ দৰে বাস্তৱৰ ওচৰ চপা হ’ব নালাগিব, হ’ব লাগিব বলীউডৰ সপোন বিক্রী কৰা ৰাণাৰ৷ এই ছবিৰ প্রয়োজন অকল প্রযোজকৰ বাবেই নহয়, বলীউডী ছবিৰ প্রযোজক আৰু তাৰকাসকলৰ আশে–পাশে থাকি জীৱিকা অর্জন কৰাসকলৰ বাবেও প্রয়োজনীয় হৈ পৰিছিল৷ ‘ব্রহ্মাস্ত্র’ ছবিখনে বলীউডৰ মুখলৈ অলপ পানী আনিছিল আৰু ‘পাঠান’ আছিল ডাঙৰ সাহস৷ ‘পাঠান’ হিট কৰাৰ বাবে বলীউডৰ চিনেমা সমালোচকসকলো ব্যস্ত হৈ পৰিছিল, সমালোচকসকলৰ বাবে বিশেষ টুলকিট প্রস্তুত কৰি উলিওৱা হৈছিল৷ কেইবাগৰাকী সমালোচকে একে একে শব্দৰে কৰা টুইটবোৰ আছিল ইয়াৰ প্রমাণ৷ সমালোচক আৰু চিত্রনির্মাতাৰ সনাপিঠা একো নতুন কথা নহয়, আঞ্চলিক ভাষাৰ ছবিতো এই সম্বন্ধ আছে, থকাটো স্বাভাৱিক৷ কিন্তু সমালোচকসকল ছবিৰ প্রচাৰত নামি পৰাটো দৃষ্টিকটু৷ ‘পাঠান’–এ এই সকলোবোৰ কথাকে পোহৰলৈ আনিলে৷ পাঠানৰ অধিকাংশ দৃশ্যই ভিএফএক্সৰ দ্বাৰা নির্মিত, বহু দৃশ্যত অভিনেতাৰ ‘বডী ডাবল’ৰ প্রাধান্য৷ ‘পাঠান’ৰ সফলতাৰ পাছত এই দুটি দিশে অধিক শক্তি লাভ কৰিব৷

You might also like