নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অগ্নি–জৰুৰীকালীন সেৱা বিভাগত ১৩ চাকৰিৰ বিজ্ঞাপন

অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক দপ্তৰৰ অধীনত পৰিচালিত অগ্নি আৰু জৰুৰীকালীন সেৱা বিভাগ(Fire & Emergency Services, Assam)ত খালী হৈছেCookৰ ১৩ পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰিState Level Police Recruitment Board, AssamৰChairman–এ এক নিয়োগ বিজ্ঞাপন সংবাদ পত্রত প্রকাশ কৰিছে৷

প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি,Cookৰ ১৩ পদৰ ভিতৰত অসংৰক্ষিত ৭, অ’বিচি/এম’বিচিৰ ৩, এছ চিৰ ১, এছ টি–পিৰ ১ আৰু এছ টি–এইচৰ ১টা পদ৷Cook পদৰ প্রার্থীয়ে মাহে ১২,০০০–৫২,০০০ টকাসহ ৩,৯০০ টকাৰ গ্রেড পে’ লাভ কৰিব৷ আবেদনকাৰীৰ নূ্যনতম শৈক্ষিক অর্হতা অষ্টম শ্রেণী যদিও উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীর্ণ হোৱা প্রার্থীয়েও আবেদন কৰিব পাৰিব৷ বয়স ১ জুলাই, ২০২২লৈ ১৮–২৫ বছৰ৷ অৱশ্যে প্রার্থীৰ জন্ম ১ জুলাই, ২০০৪ৰ পূর্বে আৰু ১ জুলাই, ১৯৯৭ৰ পিছত হোৱা হ’ব লাগিব৷ বয়সৰ ঊর্ধ্বসীমাত সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে চৰকাৰী বিধিগত ৰেহাই লাভ কৰিব৷ দৰমহাৰ নিৰিখ মাহে ১৪,০০০–৬০,৫০০ টকাসহ ৮,৭০০ টকাৰ গ্রেড পে’ লাভ কৰিব৷ সাধাৰণ, অ’বিচি, এম’বিচি, আৰু এছ চি শ্রেণীৰ পুৰুষ প্রার্থীৰ শাৰীৰিক উচ্চতা ১৬০ ছেণ্টিমিটাৰ আৰু মহিলা প্রার্থীৰ ১৫০ ছেণ্টিমিটাৰ৷ আনহাতে, এছ টি–এইচ আৰু এছ টি–পি শ্রেণীৰ পুৰুষ প্রার্থীৰ শাৰীৰিক উচ্চতা ১৫৮ ছেণ্টিমিটাৰ আৰু মহিলা প্রার্থীৰ ১৪৭.৫ ছেণ্টিমিটাৰ৷ সাধাৰণ, অ’বিচি, এম’বিচি, এছ টি–পি, আৰু এছ চি শ্রেণীৰ পুৰুষ প্রার্থীৰ নুফুলাকৈ বুকুৰ উচ্চতা ৮০ ছেণ্টিমিটাৰ আৰু ফুলালে ৮৫ ছেণ্টিমিটাৰ হ’ব লাগিব৷ আনহাতে, এছ টি–এইচ শ্রেণীৰ পুৰুষ প্রার্থীৰ নুফুলাকৈ বুকুৰ উচ্চতা ৭৭ ছেণ্টিমিটাৰ আৰু ফুলালে ৮২ ছেণ্টিমিটাৰ হ’ব লাগিব৷

আগ্রহীসকলে বিজ্ঞাপন বিষয়ক অধিক তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ অসম আৰক্ষীৰ ৱেবছাইট www.slprbassam.in ভিজিট কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ৮ ফেব্রুৱাৰী, ২০২৩৷

You might also like