এক
নতুন চৰকাৰখনে দায়িত্বভাৰ লৈয়েই যিকেইটা গুৰুত্বপূর্ণ খণ্ডত প্রাৰম্ভিক কাম–কাজেৰে ৰাজ্যখনৰ ভৱিষ্যৎ কর্মপন্থাৰ এক আশাপ্রদ ৰেঙনি জনসাধাৰণৰ চকুত তুলি ধৰিব পাৰিছে তাৰ ভিতৰত ৰাজ্যখনৰ শক্তিখণ্ডও অন্যতম৷ বৃহৎ পৰিসৰৰ বিদ্যুত চুৰিকার্যত লিপ্ত থকা একাধিক বণিক গোষ্ঠীক হাতে–লোটে ধৰা পেলাই যথাযথ শাস্তি প্রদানৰ ব্যৱস্থা কৰা, কর্মত গাফিলতি কিম্বা আন অনাকাংক্ষিত আচৰণত লিপ্ত দুই–একৰ ওপৰত যথাবিহিত শাস্তিৰ ব্যৱস্থা লোৱা আদিৰ দৰে ধুমুহাৰ সৃষ্টি কৰা এনে উদাহৰণ অসমৰ শক্তিখণ্ডৰ ইতিহাসত পূর্বে ঘটা আমাৰ মনত নপৰে৷ তদুপৰি বুজনসংখ্যক বিদ্যুৎ উপভোক্তাই সময়মতে বিদ্যুৎ বিল আদায় নিদিয়া এই পুৰণিকলীয়া সমস্যাটোৰ স্থায়ী সমাধানকল্পে নানান উপায় উদ্ভাৱনৰ এক নিৰন্তৰ প্রয়াস অব্যাহত ৰখা দেখা গৈছে৷ এনে প্রয়াসে গ্রাহক আৰু যোগান ধৰোঁতাৰ মাজত থাকিবলগীয়া পাৰস্পৰিক দায়বদ্ধতাৰ এক চেতনাৰ জাগৰণ আনিব৷ দৰাচলতে তেনে এক সু–সম্পর্কিত পৰিৱেশতহে যিকোনো উদ্যোগ–বাণিজ্যৰ বিকাশ আৰু উত্তৰণ সম্ভৱ হৈ উঠে৷
দুই
আমাৰ ৰাজ্যখনত বর্তমানে দিনটোত বিদ্যুতৰ সর্বোচ্চ চাহিদা প্রায় ১৮০০ মেগাৱাটৰ (এই চাহিদা অৱদমিত অর্থাৎ ৰাজ্যখনৰ কিছু গ্রাহকৰ ক্ষেত্রত বাধা–নিষেধ আৰোপ কৰাৰ পিছত হোৱা চাহিদা) ভিতৰত বুলি কোৱা হয়৷ ইয়াৰে প্রায় ৩০০ মেগাৱাট বিদ্যুৎ যোগান ধৰে ৰাজ্যিক চৰকাৰৰ অধীনৰ অসম শক্তি উৎপাদন নিগমে প্রায় ১২০০ মেগাৱাটমান যোগান ধৰে উত্তৰ–পূর্বাঞ্চলত থকা কেন্দ্রীয় খণ্ডৰ বিদ্যুৎ উৎপাদন প্রতিষ্ঠানসমূহে আৰু অৱশিষ্ট প্রায় ৫০ৰ পৰা ৪০০ মেগাৱাটমান বিদ্যুৎ ৰাষ্ট্রীয় গ্রিডৰ জৰিয়তে বহিঃৰাজ্যৰ পৰা আমদানি কৰা হয়৷ (উল্লিখিত এই পৰিমাণসমূহ পৰিস্থিতিসাপেক্ষে কম–বেছি হয়৷) এনেদৰে বিপুল পৰিমাণৰ বিদ্যুৎ শক্তি বিভিন্ন উৎসৰ পৰা ক্রয় কৰি নানান অভিযান্ত্রিক ব্যৱস্থাৰে ৰাজ্যখনৰ শক্তি বিতৰণ কোম্পানীয়ে বর্তমানে থকা প্রায় ৬৪ লাখ গ্রাহকলৈ যোগান ধৰে৷ এই কোম্পানীয়ে বিভিন্ন উৎসৰ পৰা ক্রয় কৰা আৰু সমুদায় গ্রাহকলৈ যোগান ধৰা বিদ্যুৎ শক্তিৰ পৰিমাণৰ ওপৰত সততে সতর্ক নজৰ ৰাখে আৰু দুয়োটা পৰিমাণৰ মাজত ব্যৱধান যিমান পাৰি সিমান কম ৰাখিবলৈ সকলো ধৰণৰ অভিযান্ত্রিক উপায় অৱলম্বন কৰে৷ তথাপি কিন্তু এটা ব্যৱধান থাকেই কাৰণ পৰিবাহী তাঁৰৰ মাজেদি বিদ্যুৎ প্রৱাহিত হওঁতে তাপ উৎপাদন হৈ শক্তি ক্ষয় হয় ড্রেন্সফর্মাৰ, ব্রেকাৰ আদি সঁজুলিসমূহৰ মাজেদি বিদ্যুৎ যাওঁতে শক্তি হানি হয়৷ বিভিন্ন উৎসৰ পৰা লোৱা আৰু সমুদায় গ্রাহকলৈ দিয়া– এই লোৱা আৰু দিয়া বিদ্যুতৰ পৰিমাণৰ মাজত যি ব্যৱধান তাকে ‘বিতৰণ হানি’ distribution loss) বুলি কোৱা হয়৷ এটা বিতৰণ কোম্পানীৰ অভিযান্ত্রিক কার্যদক্ষতা নিৰূপণত এই ‘বিতৰণ হানি’ উপাদানটোৱে এটা গুৰুত্বপূর্ণ সূচকৰ ভূমিকা গ্রহণ কৰে৷ এনে এক পৰিস্থিতিত কোম্পানীৰ কিছুসংখ্যক গ্রাহক যদি বিদ্যুৎ চুৰিকার্যত লিপ্ত হয়, স্বাভাৱিকতেই, বিতৰণ ব্যৱস্থাটোত এটা ভাৰসাম্যহীন অৱস্থাৰ সৃষ্টি হয় কোম্পানীৰ ৰাজহ হানি হয় উল্লিখিত ‘বিতৰণ হানি’ বাঢ়ি গৈ কোম্পানীৰ কার্যদক্ষতাত আঘাত হানি ভাবমূর্তি ম্লান কৰে৷ তদুপৰি এনে পৰিস্থিতিয়ে নিয়মীয়াকৈ ৰাজহ আদায় দি থকা গ্রাহকসকলৰ প্রতি অবিচাৰ কৰা এটা অসুস্থ পৰিৱেশ সৃষ্টি কৰে৷ ইমানবোৰ ক্ষতিসাধন কৰা বিদ্যুত চুৰিকার্যক সেয়ে ভাৰতীয় বিদ্যুৎ আইনত এক অমার্জনীয় অপৰাধৰূপে গণ্য কৰা হৈছে আৰু তেনে কার্যত লিপ্ত লোকসকলৰ ক্ষেত্রত শাস্তি হিচাপে কাৰাবাস পর্যন্ত ব্যৱস্থা ৰাখিছে৷ আনহাতে মানুহৰ সভ্যতা–সংস্কৃতিৰ উত্তৰণত দূৰ অতীতৰ পৰাই মানৱসৃষ্ট এক অনুপম উপাদানৰূপে মান্যতা পাই অহা বিদ্যুতৰ ক্ষেত্রত চুৰিকার্যৰ দৰে অসৎ উপায় অৱলম্বন কৰা লোকসকল সমাজত সর্বদায় ঘৃণাৰ পাত্র হিচাপেই নিন্দিত হৈ আহিছে৷ অসমৰ শক্তিখণ্ডত সদ্য উন্মোচিত ঘটনাপ্রৱাহে এনে বহু দিশমুখী কথাৰে ৰাজ্যখনত সুদূৰপ্রসাৰী প্রভাৱ পেলাব৷
তিনি
আমাৰ ৰাজ্যখন উদ্যোগ–বাণিজ্য আনকি কৃষি ক্ষেত্রতো দেশখনৰ আন কোনো ৰাজ্যৰ লগতে তুলনা কৰিব নোৱাৰাকৈ পিছপৰা৷ সেয়ে বিদ্যুৎ ব্যৱহাৰৰ ক্ষেত্রখনো তেনেই সংকুচিত অৱস্থাতে আছে৷ দেশখনৰ আগশাৰীৰ ৰাজ্য বুলি ক’লে থিতাতে আমাৰ মনলৈ অহা গুজৰাট, পঞ্জাব, ছত্তিশগড আৰু তামিলনাডুৰ বিদ্যুতৰ জনমূৰি ব্যৱহাৰ (২০১৬–২০১৭) হৈছে ক্রমে ২২৭৯, ২০২৮, ২০১৬ আৰু ১৮৪৭ কিলোৱাট–আৱাৰ৷ ইয়াৰ বিপৰীতে আমাৰ অসমৰ হৈছে কেৱল ৩৩৯ কিলোৱাট–আৱাৰ৷ আকৌ, গুজৰাট, পঞ্জাব আৰু হাৰিয়ানাৰ দিনটোৰ সর্বোচ্চ চাহিদা হৈছে ক্রমে ১৬৮০০, ৮০৯৭ আৰু ৭৯৫৩ মেগাৱাট আৰু সেই অনুপাতে তেওঁলোকৰ আছে স্বনির্ভৰশীল বিদ্যুৎ উৎপাদন ক্ষমতা৷ তাৰ বিপৰীতে অসমৰ দিনটোৰ সর্বোচ্চ চাহিদা কেৱল ১৮০০ মেগাৱাট আৰু নিজস্ব উৎপাদন ক্ষমতা কেৱল ৩৭৬ মেগাৱাট৷এই তুলনাত্মক ছবিখনেই আমাৰ উন্নয়নৰ দুখ লগা অৱস্থাটো স্পষ্ট ৰূপত দাঙি ধৰে৷ উদ্যোগ–বাণিজ্য–কৃষি এই সর্বত্র উন্নয়ন সাধন কৰিবলৈ হ’লে প্রথম চর্তটোৱেই হৈছে বিদ্যুতৰ উপলব্ধতা৷ অর্থাৎ প্রথমে বিদ্যুৎ তাৰ পিছতহে উদ্যোগ৷ দৰাচলতে আমাকনো কিমান পৰিমাণৰ বিদ্যুতৰ প্রয়োজন সেয়া নির্ভৰ কৰে আমিনো কেনে পর্যায়ৰ উন্নয়ন কামনা কৰোঁ তাৰ ওপৰত৷ উদাহৰণ স্বৰূপে তামিলনাডু ৰাজ্যৰ সমপর্যায়ৰ উন্নয়ন আমি আহৰণ কৰিবলৈ হ’লে সেই ৰাজ্যৰ জনমূৰি বিদ্যুৎ ব্যৱহাৰ ১৮৪৭ কিলোৱাট–আৱাৰৰ সম পর্যায়ৰ জনমূৰি বিদ্যুৎ ব্যৱহাৰ আমি কৰিব পাৰিব লাগিব৷ তাকে কৰিবলৈ হ’লে আমাৰ দিনটোৰ সর্বোচ্চ বিদ্যুৎ চাহিদাই চুবগৈ লাগিব প্রায় ৭০০০ মেগাৱাট৷ অর্থাৎ এনে বৃহৎ পৰিমাণৰ বিদ্যুৎ ব্যৱহাৰ কৰিব পৰা জোখাৰে উন্নয়নৰ আঁচনি ল’ব পাৰিলেহে আমাৰ ৰাজ্যখনে আজিৰ তামিলনাডু পর্যায়ৰ এখন উন্নত ৰাজ্য হিচাপে থিয় দিব পাৰিব৷ কিন্তু পূর্বে উল্লেখ কৰাৰ দৰে দিনটোৰ সর্বোচ্চ চাহিদা কেৱল ১৮০০ মেগাৱাট হোৱা অৱস্থাতেই যদি আমি ৫০০/৬০০ মেগাৱাট বিদ্যুৎ বাহিৰৰ পৰা আমদানি কৰিব লগীয়া হয় , তেনেহ’লে ৭০০০ মেগাৱাট সর্বোচ্চ চাহিদা হোৱাৰ সময়ত অতিৰিক্ত কমেও ৫০০০ মেগাৱাট নির্ভৰযোগ্য বিদ্যুৎ আমি ক’ৰ পৰা আহৰণ কৰিম? এগ্রিমেণ্ট চহী কৰি দূৰ–দূৰণিৰ ৰাজ্যৰ পৰা বুজন পৰিমাণৰ বিদ্যুৎ আমদানিৰে সদানিশ্চিত স্থিৰ বৈদ্যুতিক ব্যৱস্থা এটা থিয় কৰোৱাই উদ্যোগ–বাণিজ্যৰ বিস্তাৰ কৰা সম্ভৱ নহয়৷ তেনে ব্যৱস্থাই এটা ৰুগ্ণ আৰু অস্থিৰ ঔদ্যোগিক বাতাৱৰণ সৃষ্টি কৰে৷ কাৰণ বিদ্যুৎ ৰপ্তানি কৰা ৰাজ্যসমূহৰো থাকে নিজা নিজা নিত্য–নতুন ৰাজ্যিক উন্নয়নৰ আঁচনি আৰু এটা সময়ত ৰাহি হৈ থকা বিদ্যুৎৰাশি পৰৱর্তী সময়ত সাজু হৈ উঠা উন্নয়নৰ নতুন আঁচনিৰ বাবে মুকলি কৰি দিয়াটো সেই ৰাজ্যসমূহৰ প্রাথমিক দায়িত্বৰ আওতাত পৰে৷ সেয়ে সাধাৰণতে কৈ থকাৰ দৰে – ‘ৰাষ্ট্রীয় গ্রিডত আজিকালি বিদ্যুৎ উভৈনদী কিনি ল’লেই হ’ল’ কথাষাৰ চিৰসত্য নহয়৷ এই দিশৰ পৰাই আমাৰ ৰাজ্যখনক দেশখনৰ ভিতৰত এখন লেখতল’বলগীয়া ৰাজ্য হিচাপে প্রতিষ্ঠা কৰিবলৈ হ’লে উন্নয়নৰ সামগ্রিক আঁচনিত অগ্রাধিকাৰ ভিত্তিত অন্তর্ভুক্ত হ’ব লাগিব ৰাজ্যখনৰ শক্তিখণ্ডক শক্তিশালী ৰূপত থিয় কৰোৱাবলৈ ন ন বিদ্যুৎ উৎপাদন কেন্দ্র স্থাপনৰ সু–সংহত, সুপৰিকল্পিত, সময় নির্ধাৰিত আঁচনি৷ লক্ষ্য হ’ব লাগিব দিন এটাৰ সর্বাধিক বিদ্যুৎ চাহিদাৰ কমেও পঁইসত্তৰ শতাংশ বিদ্যুৎ যাতে ৰাজ্যখনে ঘৰুৱাভাৱে নিজে উৎপাদন কৰি ল’ব পাৰে৷
চাৰি
প্রাকৃতিক গেছভিত্তিক বিদ্যুৎ উৎপাদন ক্ষেত্রত অতীত গৰিমাৰে অসম ৰাজ্য দেশখনৰ ভিতৰতে উজলি আছে৷ ষাঠিৰ দশকত ভাৰতৰ বৃহত্তম গেছ টার্বাইন গোটসম্বলিত প্রকল্পৰূপে খ্যাতি লাভ কৰা নামৰূপ তাপবিদ্যুৎ কেন্দ্রই ২০১২ চনত আহৰণ কৰিছে’5th India Heritage Gas Turbine Award’৷ এই কেন্দ্রটোৰ পঞ্চমটো গোট হৈছে প্রাকৃতিক গেছচালিত বয়লাৰসম্বলিত দেশখনৰ প্রথমটো ষ্টীম টার্বাইন গোট আৰু ষষ্ঠটো গোট হৈছে কম্বাইণ্ড চাইকোল প্রযুক্তিসম্বলিত দেশখনৰ প্রথমটো গোট৷ পুৰণি এই ছয়োটা গোট আয়ুসকাল শেষ হৈ অচল হৈ গ’লেও যাতে কেন্দ্রটোৰ উৎপাদনৰ ধাৰাবাহিকতা অক্ষুণ্ণ থাকে তাৰ প্রতি লক্ষ্য ৰাখি ২০০৯ চনত হাতত লোৱা হৈছিল প্রায় ১০০ মেগাৱাট ক্ষমতাৰ আধুনিক প্রযুক্তিৰ ‘নামৰূপ ৰিপ্লেচমেণ্ট পাৱাৰ প্রজেক্ট, ফেইজ–১’ NRPP-1) স্থাপনৰ কাম৷ লক্ষ্য আছিল সেই প্রকল্প তিনি বছৰত সম্পূর্ণৰূপে উৎপাদনক্ষম কৰি পৰৱর্তী দুটা বছৰত সেই একেই ১০০ মেগাৱাট ক্ষমতাৰNRPP-2 ৰূপায়ণেৰে প্রাচীন বিদ্যুৎ কেন্দ্রটোক ২০০ মেগাৱাট ক্ষমতাসম্পন্ন এটা নতুন বিদ্যুৎ উৎপাদন কেন্দ্রৰূপে থিয় কৰোৱা হওক৷ তদনুসৰিয়েই লেণ্ড ডেভেলপমেণ্টকে ধৰি স্যুইট্ছয়ার্ড, ডি এম প্ল্যাণ্ট আদিৰ বাবে সুবিধা ৰাখি প্রাৰম্ভিক কামবোৰ হাতত লোৱা হৈছিল৷ পিছে সুদীর্ঘ বাৰ বছৰৰ মূৰতোNRPP-1 যেতিয়া উৎপাদনক্ষম হৈ নুঠিল, পুৰণি গোটকেইটা এটা এটাকৈ অচল হৈ পৰিবলৈ ল’লে৷ কেন্দ্রটোৰ উৎপাদন ক্ষমতা পূর্বৰ ১০০ মেগাৱাটৰ পৰা হ্রাস পালে ৩০ মেগাৱাটলৈ৷ তেনে এক পৰিস্থিতিতNRPP-2ৰ কথাবোৰো ৰৈ গ’ল এক অনিশ্চয়তাত৷ এতিয়া আশাপ্রদ কথাটো হৈছে যেNRPP-1 উৎপাদনক্ষম হৈ উঠিছে৷ সেয়ে এতিয়া তডিৎ গতিতNRPP-2ৰ কাম আগবঢ়াই কেন্দ্রটোক ২০০ মেগাৱাট ক্ষমতালৈ সম্প্রসাৰিত কৰিব লাগিব৷ কাৰণ আংশিক উৎপাদনেৰে বর্তমানে কোনোমতে চলি থকা পুৰণি গোট দুটা যিকোনো মুহূর্তত অচল হৈ পৰিলেNRPP-1 গোটৰ যিকোনো পর্যায়ৰ মেৰামতিৰ সময়ত নামৰূপৰ উৎপাদন শূন্য হৈ পৰিব৷ আকৌNRPP-2ৰ কাম আগবাঢ়িবলৈ হ’লে প্রাকৃতিক গেছ যোগান ধৰোঁতা ‘অইল’ৰ পৰা অতিৰিক্ত ০32mmscmd পৰিমাণৰ গেছ যোগানৰ অগ্রিম প্রতিশ্রুতি পাব লাগিব৷ সম্প্রতি মুখ্যমন্ত্রীগৰাকীয়ে ৰাজ্যখনত প্রাকৃতিক গেছ উপলব্ধ কৰা সন্দর্ভত লোৱা উদ্যোগে ‘অইল’ৰ পৰা পাবলগীয়া এনে অগ্রিম প্রতিশ্রুতিৰ ক্ষেত্রত আশাৰ সঞ্চাৰ কৰিছে৷
প্রাকৃতিক গেছভিত্তিক লাকুৱা তাপবিদ্যুৎ কেন্দ্রই প্রায় চাৰি দশকৰো অধিককাল ধৰি পাৰদর্শিতাৰে চলি বর্তমানে ডেৰ শতাধিক মেগাৱাট উৎপাদন দি আছে৷ ২০০৭ চনত উৎপাদনক্ষম কৰা ১০০ মেগাৱাট ক্ষমতাৰ কার্বি–লাংপি জলবিদ্যুৎ উৎপাদন কেন্দ্রয়ো সমুচিতভাৱে উৎপাদন দি আহিছে৷ এনেদৰে প্রধানতঃ নামৰূপ, লাকুৱা আৰু কার্বি–লাংপি এই তিনিটা বৃহৎ বিদ্যুৎ উৎপাদন কেন্দ্রই হৈছে ৰাজ্যিক খণ্ডৰ বিদ্যুৎ ব্যৱস্থাটোৰ মূল আধাৰ৷ এই তিনিটাৰ সঠিক যতন আৰু তদাৰকী হৈছে খণ্ডটোৰ স্থিতি আৰু বিকাশৰ বাবে প্রাথমিক চর্ত৷ নামৰূপ আৰু লাকুৱা এই দুয়োটা বিদ্যুৎ কেন্দ্রৰে আৰু অধিক সম্প্রসাৰণৰ অৱকাশ আছে বুলি ভবাৰ থল আছে৷ বর্ধিত পৰিমাণৰ প্রাকৃতিক গেছ যোগানৰ ব্যৱস্থাৰে নামৰূপক ৫০০ মেগাৱাট পর্যন্ত আৰু লাকুৱাক ৩৫০ মেগাৱাট পর্যন্ত ক্ষমতাসম্পন্ন পর্যায়লৈ উন্নীত কৰিব পাৰি নেকি সেই সন্দর্ভত বিজ্ঞজনৰ পৰামর্শ লোৱাটো হৈছে সময় আৰু পৰিস্থিতিৰ দাবী৷ বর্তমানে কাম চলি থকা ১২০ মেগাৱাট ক্ষমতাৰ কপিলী জলবিদ্যু প্রকল্প নির্ধাৰিত সময়ত সমাপন হ’লে, যুদ্ধকালীন ক্ষিপ্রতাৰে সম্ভৱপৰ স্থানসমূহত যিমান পাৰি সিমান ডাঙৰ আকাৰৰ সৌৰশক্তি প্রকল্প স্থাপন কৰিলে, ৰাজ্যখনৰ বিভিন্ন অভ্যন্তৰ স্থানত উপলব্ধ অথচ অব্যৱহূত হৈ থকা কম পৰিমাণৰ প্রাকৃতিক গেছৰ উৎসসমূহৰ সমীপত ক্ষুদ্র গেছ টার্বাইন গোট বহুৱাই কমেও ৬০ মেগাৱাট শক্তি আহৰণ কৰাৰ ব্যৱস্থা কৰিব পাৰিলে বন্ধ হৈ যোৱা চন্দ্রপুৰ তাপবিদ্যুৎ কেন্দ্রৰ বিশাল এলেকা আৰু ব্যৱহাৰযোগ্য হৈ পৰি থকা আন্তঃসৌধসমূহৰ সমুচিত প্রয়োগেৰে প্রস্তাৱিত ৰাষ্ট্রীয় গেছ গ্রিডৰ পৰা ল’ব পৰা গেছেৰে কমেও ৫০০ মেগাৱাট ক্ষমতাৰ প্রাকৃতিক গেছভিত্তিক বিদ্যু কেন্দ্র স্থাপন কৰিব পাৰিলে ৰাজ্যখনৰ বিদ্যুৎ উৎপাদন ব্যৱস্থাটোৰ শ্রীচেহেৰাই সলনি হৈ পৰিব মার্ঘেৰিটাৰ কয়লা ব্যৱহাৰেৰে এটা বৃহদ আকাৰৰ তাপবিদ্যুৎ প্রকল্প স্থাপন সন্দর্ভত পূর্বৰে পৰা চলি থকা গুণা–গঁথা বাস্তৱায়িত হ’লে সেয়া হ’ব ৰাজ্যখনৰ শক্তিখণ্ডত দিক্ নির্ণায়ক এক ঐতিহাসিক ঘটনা৷
ন ন প্রযুক্তিৰ উদ্ভাৱনে পূর্বৰ পৰম্পৰাগত ইন্ধন/কেঁচামালৰ পৰিসৰ অতিক্রমি আন নানান সমল–সামগ্রী আৰু উপায়েৰে বিদ্যুৎ উৎপাদন কৰাৰ ব্যৱস্থা বাস্তৱায়িত কৰি তুলিছে৷ অসম শক্তি উৎপাদন নিগমৰ ন–সৃষ্ট ‘গৱেষণা আৰু বিকাশ’ Research & Development) কোষত এনেবোৰ চিন্তা–চর্চাৰ পৰিৱেশ ৰচনা কৰিলে উৎপাদন খণ্ডৰ বিকাশ ত্বৰান্বিত হৈ উঠিব৷
পাঁচ
এটা কথা ঠিক যে প্রয়োজনৰ তাগিদাতে কেন্দ্রীয় চৰকাৰৰ দ্বাৰা সময়ে সময়ে ঘোষিত নীতি–নির্দেশনাৰ আধাৰত বিদ্যুৎ বিতৰণ ব্যৱস্থাটোৰ বিকাশ বা সম্প্রসাৰণ বা উন্নয়ন হৈ গৈ থাকিব স্বাভাৱিকভাৱে হ’লেও৷ তদ্রূপ বিদ্যুৎ প্রবহণ ব্যৱস্থাৰো৷ কিন্তু ৰাজ্যখনৰ বিদ্যুৎ উৎপাদন ব্যৱস্থাটো ৰাজ্যিক চৰকাৰখনৰ প্রবল সদিচ্ছা আৰু পৃষ্ঠপোষকতা অবিহনে বিকাশৰ কথা বাদেই, টিকি থকাটোৱেই হৈ উঠে এক প্রত্যাহ্বান অথচ উৎপাদনেই হৈছে যিকোনো ক্ষেত্রৰে বিকাশৰ মূল আধাৰ, ভেটি দেশৰ পাঁচখন উন্নত ৰাজ্যৰ এখন হিচাপে আমাৰ অসম ৰাজ্যখনক আগবঢ়াই নিবলৈ প্রয়াস কৰা আমাৰ নতুন চৰকাৰখনে নিশ্চয় এই কথাবোৰ গমি–পিটি চাব৷