নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিষিদ্ধ হওক প্লাষ্টিক বেগ

-ড০ সঞ্জীৱ কুমাৰ গোস্বামী

মানৱ জীৱনৰ যাত্রাপথত প্লাষ্টিক এক এনেকুৱা স্তৰলৈ সংপৃক্ত হৈ পৰিছে যে ইয়াৰ বিকল্পৰ কথা চিন্তা কৰিলেও চিন্তাপথত বহু উজুটি খোৱাৰ সম্ভাৱনাই প্রবল৷ তৎসত্ত্বেও এনেকুৱা এজন সুস্থ মগজুৰ ব্যক্তি নোলাব যিয়ে ইয়াৰ ব্যৱহাৰৰ সুদূৰপ্রসাৰী কু–প্রভাৱৰ কথা এবাৰলৈ হ’লেও চিন্তা কৰা নাই৷ অৱশ্যে এই চিন্তা অতি খন্তেকীয়া আৰু পিছমুহূর্তত ‘ হ’ব দে, মই ব্যৱহাৰ কৰিমেই, আনে নকৰিলে হ’ল’ ধৰণৰ স্বগতোক্তিৰে আমি নিজকে প্লাষ্টিক ব্যৱহাৰৰ ভয়াৱহতাৰ বিষয়টোক এক পলৰীয়া চিন্তাধাৰাৰে আৱিষ্ট কৰি ৰাখি আহিছোঁ৷ গভীৰভাৱে সমস্যাগ্রস্ত বিষয় এটাৰ পৰা আঁতৰি থাকিলে ইয়াৰ নিবৃত্তি হৈ পৰিব সুদূৰপৰাহত৷ প্লাষ্টিকৰ বেগ আৰু অন্যান্য প্লাষ্টিকজাত সামগ্রীসমূহে সহজ যেন কৰি তোলা আমাৰ জীৱনটো ইতিমধ্যেই বিপদৰ চক্রবেহুত আবদ্ধ হৈ পৰিছে৷ বহু দেৰী হ’ল৷ কঠোৰতম কার্যব্যৱস্থা অবিহনে অনাগত ভৱিষ্যৎ ভয়ংকৰ সংকটৰ গৰাহত৷
সমগ্র বিশ্বত প্রতি মিনিটত আজিও দহ লক্ষাধিক প্লাষ্টিকৰ বেগ ব্যৱহূত হৈ আহিছে৷ ইয়াৰ অধিকাংশই এবাৰ ব্যৱহাৰৰ পিছ মুহূর্তত হৈ পৰে পেলনীয়া স্থায়ী (অন্ততঃ পাঁচশৰ পৰা এহাজাৰ বছৰলৈ) আৱর্জনা৷ ভূ–পৃষ্ঠ বা জলপৃষ্ঠত অৱস্থিতি লোৱা প্লাষ্টিকৰ এই অৱর্জনাসমূহে কৰা প্রদূষিত পৰিৱেশ অতি ভয়াৱহ৷ মাটিৰ ওপৰত প্লাষ্টিকৰ আৱর্জনাই উর্বৰতা আৰু পানী ধাৰণৰ ক্ষমতা হ্রাসেৰে গভীৰ সমস্যাৰ সৃষ্টি কৰিছে৷ জলপৃষ্ঠসমূহলৈ নিষ্কাশিত হোৱা প্লাষ্টিকৰ আৱর্জনাৰ বাবে আজি বহু স্থলজ আৰু জলজ জীৱকুল বিলুপ্তিৰ গৰাহত৷ একাংশ দুষৃকতিকাৰী মানৱে প্লাষ্টিক আৱর্জনা মুক্তিৰ উপায় হিচাপে জ্বলাই দিয়া প্লাষ্টিকে প্রদূষিত কৰি তুলিছে বায়ুমণ্ডল৷ উন্নয়নশীল দেশসমূহৰ চহৰাঞ্চলত হোৱা কৃত্রিম বানপানীৰো প্রধান কাৰণ হৈছে এই প্লাষ্টিকৰ বেগসমূহ৷
এই সমস্যাৰ বিমুক্তিৰ বাবে সমগ্র বিশ্বতে গৱেষণা, চিন্তা–চর্চা, আইন–কানুন আৰম্ভ হৈছে৷ প্লাষ্টিক বেগে সৃষ্টি কৰা ভয়াৱহতাৰ বিষয়ে জনসাধাৰণক সজাগ কৰিবলৈ ২০০৯ বর্ষৰ পৰা ৩ জুলাই তাৰিখটো আন্তঃৰাষ্ট্রীয় প্লাষ্টিক বেগমুক্ত দিৱস হিচাপে পালন কৰা হৈছে৷ ইউনাইটেড নেচন এনভাইৰনমেণ্ট প্রগ্রেম বা ইউ এন ই পিয়ে সমগ্র বিশ্বক প্লাষ্টিক প্রদূষণ ৰোধ কৰাৰ আহ্বানেৰে ২০১৮ চনৰ ৫ জুন তাৰিখে (ভাৰতবর্ষক মূল দায়িত্ব অর্পণ কৰি) পালন কৰিছিল বিশ্ব পৰিৱেশ দিৱস৷ বিশ্বৰ বহু দেশে ইতিমধ্যে প্লাষ্টিকৰ বেগ নিষিদ্ধ কৰিছে৷ চুবুৰীয়া বাংলাদেশে ২০০২ বর্ষত প্রথমেই এইক্ষেত্রত বাটকটীয়াৰ ভূমিকা পালন কৰিছিল৷ ভাৰতবর্ষৰ ছিকিম ৰাজ্যৰ চৰকাৰে ১৯৯৯ চনতে প্লাষ্টিক বেগৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছিল৷ ২০১৬ চনৰ পৰা ছিকিমৰ সকলো চৰকাৰী বিভাগ আৰু কর্মসূচীত প্লাষ্টিকৰ বটল, কাপ, প্লেট, চামুচ ইত্যাদি নিষিদ্ধ হৈ আছিল৷ ভাৰতবর্ষৰ আন বহুকেইখন ৰাজ্যও পৰিৱেশ (সুৰক্ষা) আইন ১৯৮৮ৰ পাঁচ নম্বৰ ধাৰাই প্রদান কৰা ক্ষমতা প্রয়োগ কৰি মাজে–সময়ে প্লাষ্টিকৰ বেগৰ প্রচলন নিষেধাজ্ঞা প্রয়োগ কৰি আহিছে৷ কিন্তু এই নিষেধাজ্ঞাসমূহ ৰূপায়ণৰ ক্ষেত্রখন সোপাঢ়িলা কার্যপন্থাৰে আবৃত হোৱাৰ বাবে বহু সময়ত বিফলতাৰ মাপকাঠী ঊর্ধ্বগামী হৈ একপ্রকাৰ অসাৰ কার্যসূচী হিচাপে পেলনীয়া বাকচলৈ নিষ্কাশিত হৈছে৷
সমগ্র বিশ্বতে নিজৰ নাম প্রচাৰ কৰিবলৈ সক্ষম হোৱা ভাৰতবর্ষৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ২০১৯ চনত লালকিল্লাৰ পৰা প্রদান কৰা স্বাধীনতা দিৱসৰ ভাষণত ভাৰতবর্ষক ২০২২ বর্ষৰ ভিতৰত একক ব্যৱহাৰযোগ্য প্লাষ্টিকৰ পৰা মুক্ত কৰাৰ বাবে দিয়া প্রতিশ্রুতি দেৰীকৈ হ’লেও অত্যন্ত প্রাসংগিক আছিল৷
অসমৰ প্রথমখন বিজেপি নেতৃত্বাধীন চৰকাৰৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালেও ২০১৮ চনত ডিগবৈত কেন্দ্রীয়ভাৱে উদ্যাপন কৰা বিশ্ব পৰিৱেশ দিৱসত অসমক প্লাষ্টিকমুক্ত ৰাজ্য হিচাপে গঢ়াৰ লক্ষ্যৰে আগবঢ়োৱাৰ কথা ব্যক্ত কৰিছিল৷ সেই অনুসৰি ২০১৯ বর্ষৰ ১০ জুলাইত অসম চৰকাৰে ৰাজ্যপালৰ এক অধিসূচনাযোগে সমগ্র অসমত পঞ্চাশ মাইক্রনতকৈ তলৰ প্লাষ্টিক বেগ আৰু অন্যান্য প্লাষ্টিক সামগ্রীৰ প্রচলন, উৎপাদন, মজুতকৰণ, পৰিবহণ, বিক্রয় আৰু বিতৰণ নিষিদ্ধ কৰে৷ এই নিষেধাজ্ঞা প্রয়োগৰ বাবে নটাকৈ বিভিন্ন পর্যায়ৰ বিষয়াবর্গক ক্ষমতা অপর্ণ কৰি ইয়াৰ কার্যকৰীকৰণৰ বাবে নির্দেশ দিয়া হৈছিল৷ দুর্ভাগ্যক্রমে, কেইগৰাকীমান জিলা উপায়ুক্ত আৰু পৌৰ অধিকাৰীৰ বাদে বাকী সাতটা অন্য পর্যায়ৰ বিষয়াই এইক্ষেত্রত কোনো পদক্ষেপেই লোৱা পৰিলক্ষিত নহ’ল৷ অৱশ্যে ডাঃ ওম প্রকাশৰ দৰে দায়িত্বনিষ্ঠ জিলা উপায়ুক্তই নলবাৰী জিলাত আপোচবিহীন আৰু কঠোৰভাৱে প্লাষ্টিক বেগৰ ওপৰত নিষেধাজ্ঞা প্রয়োগ কৰি যথেষ্ট সফলো হৈছিল৷ পিছে এয়া নিতান্তই সাময়িক আছিল আৰু ডাঃ ওম প্রকাশৰ জিলাখনৰ পৰা প্রস্থানৰ পিছতেই প্রস্থান কৰিছিল উক্ত নিষেধাজ্ঞাসমূহৰ কার্যকৰীকৰণ৷ কামৰূপ (মেট্র’) জিলাৰ দুর্যোগ ব্যৱস্থাপনা কর্তৃপক্ষই গুৱাহাটী পৌৰ নিগমক প্লাষ্টিক বেগৰ ওপৰত কঠোৰ নিষেধাজ্ঞা প্রদানৰ নির্দেশ থকা সত্ত্বেও ৰাজধানী চহৰত একক ব্যৱহাৰযোগ্য প্লাষ্টিক বেগৰ ব্যৱহাৰ ৰাজ্যৰ ভিতৰতে সর্বাধিক৷
প্রশ্ণ হয়, প্লাষ্টিক বেগৰ উপযুক্ত বিকল্প নাইনে? মৰাপাটৰ বেগ, কাপোৰৰ বেগ, কাগজৰ বেগ আদিৰ বিষয়ে আমি সকলোৱে অৱগত৷ কিন্তু বেছি খৰচী আৰু বিভিন্ন অসুবিধাৰ বাবে এই বিকল্পসমূহে আগস্থান নাপায়৷ উদাহৰণস্বৰূপে মাংস বা মাছৰ বজাৰত প্লাষ্টিকৰ বেগ নিষিদ্ধ হৈ কাগজত মেৰিয়াই দিয়াৰ পিছত ক্রেতাজনৰ পোছাক–পৰিচ্ছদ তেজেৰে ৰাঙলী হোৱাৰ সম্ভাৱনাই প্রবল৷ কিন্তু উক্ত সামগ্রী ক্রয়ৰ সময়ত ঘৰৰ পৰা উপযুক্ত বাচন বা পুনৰ ব্যৱহাৰযোগ্য বেগ লৈ যোৱাৰ অসুবিধা মাত্র ‘এলাহ’ৰ নামান্তৰহে৷
বিক্রেতাসকলৰ বাবে একক ব্যৱহাৰযোগ্য প্লাষ্টিকৰ বেগ কম খৰচী৷ কিন্তু নিজাকৈ বেগ লৈ নহা ক্রেতাসকলৰ পৰা শ্বপিং মলবোৰৰ দৰে কাগজ বা কাপোৰৰ মোনাখনৰ বাবে দামটো লৈ ল’লে বিক্রেতাসকল৷ অতিৰিক্তভাৱে লাভান্বিতহে হ’ব৷ তদুপৰি প্লাষ্টিকৰ যিকোনো সামগ্রী আৰু পঞ্চাশ মাইক্রনৰ ওপৰত প্লাষ্টিক বেগতো চৰকাৰে বেছিকৈ অতিৰিক্ত কৰ উৎপাদনস্থলীতে আৰোপ কৰিলে চৰকাৰৰ কৰ সংগ্রহ ঊর্ধ্বগামী হোৱাৰ লগতে প্লাষ্টিকৰ ব্যৱহাৰ নিশ্চিতভাৱে নিম্নগামী হ’ব৷ উল্লেখনীয় যে ইতিমধ্যে যুগ–যুগান্তৰলৈ আৱর্জনা হিচাপে পর্যবসিত হোৱা প্লাষ্টিকেৰে ৰাস্তা নির্মাণৰ দৰে কার্যও সম্ভৱপৰ হৈছে৷ বিজ্ঞানী আৰু বিশেষজ্ঞসকলে প্লাষ্টিকৰ আৱর্জনাৰ যথোপযুক্ত নিষ্কাশনৰ ওপৰত কৰি থকা চিন্তা–চর্চাৰ ওপৰতো আমাৰ আস্থা আছে৷
অসমৰ নতুন মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ কর্মদক্ষতা সন্দেহৰ ঊর্র্ধ্বত৷ ড্রাগ্ছ আৰু অবৈধ বনাঞ্চল মুক্তিৰ বাবে যিদৰে তেখেতে কার্যপন্থা হাতত লৈছে, তেনেদৰে প্লাষ্টিকমুক্ত অসম এখনৰ বাবেও তেখেতৰ কৰণীয় আছে৷ অন্ততঃ চহৰাঞ্চলসমূহক কৃত্রিম বানৰ সমস্যা, জনসাধাৰণক সু–স্বাস্থ্য (প্লাষ্টিক বেগৰ বিষাক্ত ৰাসায়নিকে খাদ্যদ্রব্যত মিহলি হৈ সৃষ্টি কৰা স্বাস্থ্যজনিত সমস্যাৰ বিপৰীতে) আৰু বনাঞ্চলত থকা জীৱকুলক মৃত্যুৰ পৰা ৰক্ষা কৰাৰ স্বার্থতেই মুখ্যমন্ত্রী ড০ শর্মাৰ বলিষ্ঠ আৰু দীর্ঘম্যাদী কঠোৰ পদক্ষেপৰ বাবে অসমবাসী ৰৈ আছে৷ অসমখনক ভাৰতবর্ষৰ শ্রেষ্ঠ ৰাজ্যসমূহৰ অন্যতম এখন কৰাৰ স্বার্থত ইয়াতেই অনন্যভাৱে নিহিত হৈ থকাৰ প্রয়োজন৷
বিভিন্ন ৰাজ্যই ইতিমধ্যে প্লাষ্টিক বেগ নিষিদ্ধ কৰাৰ বাবে আইন প্রণয়ন কৰিছে৷ অসম বিধানসভাত গ্রহণ কৰা গুৱাহাটী অজৈৱ আৱর্জনা নিয়ন্ত্রণ আৰু প্রতিৰোধ আইন ২০০৬খন তেনেই আওপুৰণি৷ আনকি ২০১৮ চনত প্রস্তুত কৰা অসম আর্বান কঠিন বর্জ্য ব্যৱস্থাপনাৰ খচৰা নীতিমালাতো একক ব্যৱহাৰযোগ্য প্লাষ্টিক বেগৰ ওপৰত এটাও শব্দ উল্লেখ কৰা হোৱা নাই৷ নতুন চৰকাৰৰ নতুন বিধানসভাত প্লাষ্টিকবর্জিত অসমৰ বাবে চিন্তা–চর্চাই গুৰুত্ব লাভ কৰি অসম প্লাষ্টিক বেগ (উৎপাদন, ব্যৱহাৰ আৰু নিয়ন্ত্রণ) বা তদ্রূপ এখন আইন অনতিপলমে প্রস্তুত আৰু গ্রহণ কৰি পর্যায়ক্রমে অসমক প্রদূষণমুক্ত কৰাৰ ক্ষেত্রত চিন্তিত সমাজ আশাৰে বাট চাই আছে৷

-লেখক চামতাৰ কামৰূপ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক, ফোনঃ ৭০০২৯–৪১৪৯০

You might also like