সর্বসাধাৰণৰ আকাংক্ষা আৰু ইংৰাজী মাধ্যম
বিৰোধিতা বা সমর্থন সাধাৰণতে অর্থশূন্য, ই আমাৰ আৱেগ আৰু পূর্বনির্ধাৰিত ধাৰণাৰ প্রকাশ৷ কিন্তু পর্যবেক্ষণ আৰু যুক্তি–তথ্যসম্বলিত তর্ক–বিতর্ক আন নহ’লেও কিছু বৌদ্ধিক কচৰৎ, যাৰ হয়তো সামান্য সুফল থাকিবও পাৰে৷ কিন্তু বিৰোধিতা বা সমর্থন অমোঘ বাস্তৱ৷ আৰু ৰাজনীতি হৈছে বিৰোধিতা বা সমর্থনৰ পাক–চকৰী বা ক্রিয়া–প্রতিক্রিয়া৷ এটা গুৰুত্বপূর্ণ শিক্ষা বিষয়ক ৰাজনৈতিক সিদ্ধান্তই মনত কিছু চিন্তাৰ উদ্রেক কৰিলে৷ উপৰুৱাকৈয়ে অলপমান আলোচনাৰ প্রয়াস কৰিলোঁ, যিটো আচলতে মোৰ বিষয় নহয়৷ এইবোৰ শিক্ষাবিদৰ বিষয়৷
শিক্ষাৰ মাধ্যম যে মাতৃভাষা (বা প্রথম ভাষা) হোৱা উচিত বিশেষকৈ আদি অৱস্থাত এই বিষয়ে দ্বিমত নাই৷ তাতে অসমত ভাষা সম্পর্কীয় ইমান জাগ্রত চেতনা৷ মাতৃভাষাত শিক্ষা আহৰণৰ প্রতিষ্ঠিত মতৰ পাছতো এইটো অনস্বীকার্য যে গৰিষ্ঠসংখ্যক অভিভাৱকে সন্তানে ইংৰাজী মাধ্যমত শিক্ষা আহৰণ কৰা বিচাৰে৷ গৰিষ্ঠসংখ্যক বুলি মোৰ অলপতে এটা ধাৰণা হৈছিল৷ মই জাতীয় আদর্শ শিক্ষা সংসদ নামৰ এটা সংগঠনৰ জৰিয়তে প্রাথমিক শিক্ষাৰ ক্ষেত্রত উন্নত আৰু আধুনিক শিক্ষাৰ সমল (পাঠ্যপুথি) প্রস্তুত কৰা এটা প্রকল্পৰ সৈতে জডিত৷ অলপতে পাঠ্যপুথি প্রণয়ন সম্পর্কীয় এখন মিটিঙত এজন শিক্ষা–উদ্যক্তাই নথৈ টানি ধৰিলে যে অসমীয়–ইংৰাজী দ্বিভাষিক নহ’লেও অন্ততঃ অংক আৰু বিজ্ঞানৰ পুথিসমূহত যাতে সংজ্ঞাসমূহৰ অসমীয়া–ইংৰাজীৰ দুয়োটা প্রতিশব্দ থাকে৷ কাৰণ অভিভাৱকসকল অতি উদ্বিগ্ণ যে পুত্র–কন্যা প্রতিযোতিাত পিছপৰি ৰ’ব৷ নক’লেও হ’ব এইসকল অসমীয়াই আর্থিক বা আন যি কাৰণতেই নহওক ব্যক্তিগত ইংৰাজী মাধ্যমৰ স্কুললৈ পুত্র–কন্যা পঠিয়াব নোৱাৰে বা নোখোজে, হয়তো ওচৰত তেনে এখন স্কুলো নাই৷ এয়াAspireational Society অর্থাৎ ‘আমিও আগবাঢ়িব খোজোঁ’ ইয়াৰ লক্ষণ৷ এই নিম্ন–মধ্যবিত্ত আৰু আর্থিকভাৱে দুর্বল শ্রেণীটোক ‘মাতৃভাষাত শিক্ষা প্রয়োজনীয়’ এই শিক্ষা দিয়াৰ কাম চৰকাৰৰ নহয়৷ এই কাম অসম সাহিত্য সভাৰ হ’ব পাৰে৷ মোৰ দৰে ‘হিতাহিত জ্ঞান থকা’ আৰু ভাষা জননীৰ সেৱকসকলৰ হ’ব পাৰে৷ তদুপৰি মৌখিক নীতিশিক্ষা দিলেই নহ’ব৷ নীতি–প্রবচন সর্বসাধাৰণৰ আকাংক্ষাৰ সৈতে সামঞ্জস্যপূর্ণ হ’ব লাগিব৷ চাক্ষুস বিকল্প আদর্শও মানুহে দেখিব লাগিব৷ তেহে মানুহে থমকি ৰ’ব৷ হিতাহিত চিন্তিব৷
এইক্ষেত্রত অলপতে চৰকাৰে তৃতীয় শ্রেণীৰ পৰা অংক আৰু বিজ্ঞানৰ পাঠ্যপুথি ইংৰাজী মাধ্যমত কৰিবলৈ সিদ্ধান্ত লৈছে৷ লগতে সপ্তমৰ পৰাদ্বাদশ শ্রেণীলৈ শিক্ষাৰ মাধ্যম দ্বিভাষিক কৰিবলৈ পৰীক্ষামূলকভাবে কেইখনমান স্কুলক লোৱাৰ সিদ্ধান্ত ঘোষণা কৰিছে৷ মই প্রায় নিশ্চিত যে এই নীতি সর্বসাধাৰণৰ আকাংক্ষাৰ সৈতে সামঞ্জস্যপূর্ণ৷ চৰকাৰ এখন সাধাৰণতে ৰাইজৰ মতামতৰ প্রতি সংবেদনশীল৷ অভিভাৱকে যদি ইংৰাজী মাধ্যম বিচাৰে, চৰকাৰে সঁহাৰি দিব পাৰে৷ ৰাইজৰ মতামত আৰু ফেচবুকত দেখা মতামত একে নহ’বও পাৰে৷ গণতান্ত্রিক চৰকাৰ এখনৰ এই কার্যৰ আন ব্যাখ্যা নাই৷ মই কোনো কোনো মহলৰ এই নীতি পর্যায়ক্রমে চৰকাৰী স্কুলৰ ব্যক্তিগতকৰণৰ পথত প্রথম খোজ ইত্যাদি ব্যাখ্যা শুনিছোঁ৷ বা জাতিদ্রোহী আদি বিৰোধ প্রকট কৰা মহলটোৰ প্রতিবাদো দেখিছোঁ৷ বিপৰীতে এটা মহল আন্তৰিকভাৱেই চিন্তিত যে এইটো কাম দৰাচলতে ভাল হ’লনে?
এটা দশকৰ বেছি হ’ল৷ মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ ‘শিক্ষা’ বিভাগত এবাৰ ভুমুকি মাৰিছিলোঁ৷ কৈছিলোঁ, সমীপত থকা ‘আদর্শ’ উচ্চ বিদ্যালয়খনত শিক্ষা বিষয়ক সম্পৰীক্ষা আৰু অধ্যয়ন কৰিব পাৰে দেখোন৷ আমি চৰকাৰী নীতি নির্ধাৰণক প্রভাৱিত কৰিব পৰাকৈ উচ্চমানৰ স্থানীয় গৱেষণা নকৰোঁ৷ চৰকাৰী আমোলা–বিষয়াৰ উর্বৰ মস্তিষ্ক উদ্ভূত কার্যসূচীয়েই আমাৰ ভৰসা৷ এইবেলি চৰকাৰে প্রথমে সপ্তমৰ পৰা দ্বাদশ শ্রেণীলৈ কেইখনমান স্কুলত দ্বৈত মাধ্যম কৰি ফলাফল চাব খুজিছে৷ এইটো বৈজ্ঞানিক হৈছে৷ ফলাফলৰ ওপৰত ভিত্তি কৰি এই নীতিটো সম্প্রসাৰণ কৰা হ’ব নে নহয় সিদ্ধান্ত ল’ব৷ এইটো সমূলি আপত্তি কৰিব পৰা বিষয় নহয়৷ কিন্তু কিমান বৈজ্ঞানিকভাৱে এই পৰীক্ষা সম্পাদন কৰিব পাৰে, সেইটো আন এটা বিষয়৷
আনহাতে তৃতীয় শ্রেণীৰ পৰা বিজ্ঞান আৰু গণিত ইংৰাজীত পঢ়াব খুজিছে৷ এইটো ৰাষ্ট্রীয় শিক্ষা নীতিত থকা মাতৃভাষা সম্পর্কীয় পাঠদানৰ নীতিৰ বিৰোধিতা হৈছে৷ সেইদৰে ৰাষ্ট্রীয় চৰকাৰে সময়ে সময়ে প্রকাশ কৰা কাৰিকৰী আৰু চিকিৎসা বিজ্ঞান অধ্যয়নৰ বাবেও ভাৰতীয় ভাষাসমূহ ব্যৱহূত হওক, এই আকাংক্ষাৰো আপাতবিৰোধী হৈছে৷
মই দ্বিভাষিক আর্হিটো বাস্তৱিক বুলি ভাবোঁ৷ কিন্তু তৃতীয় শ্রেণীৰ পৰা অংক আৰু বিজ্ঞানৰ পাঠদান একমাত্র ইংৰাজীত কৰিব বিচৰা নীতিটো চৰকাৰী উপদেষ্টাসকলে উপযুক্ত ব্যাখ্যা কৰিব পৰা নাই বুলি ভাবোঁ৷ এইক্ষেত্রত মোৰ ব্যৱহাৰিক দিশৰ পৰা সংশয় আছে৷ কিন্তু এই ৰাজনৈতিক সিদ্ধান্তটোত সর্বসাধাৰণৰ আকাংক্ষাৰ প্রতিফলন হৈছে, এই ধাৰণা মোৰ হৈছে৷ এইক্ষেত্রত চৰকাৰৰ কল্যাণকামী মনোভাব আছে, কিন্তু হিতাহিতৰ মাজত সামঞ্জস্য ৰক্ষা হৈছে বুলি মই ক’ব পৰা নাই৷ মই এজন পর্যবেক্ষণকাৰী৷ সেয়াই মোৰ একমাত্র ভূমিকা৷
এয়া হৈছে নীতি সম্পর্কীয Conundrum বা দোমোজা৷ ইয়াৰ দায়বদ্ধতা চৰকাৰৰ সৈতে বিদ্বৎ সমাজৰো আছে৷ মোৰ নজৰত বিদ্বৎ সমাজৰ দায়বদ্ধতা অধিক৷ সর্বসাধাৰণৰ আকাংক্ষা আৰু সমাজৰ বৃহৎ হিতৰ মাজত যদি বিৰোধিতা আছে, তাৰ সমাধান আৰু দিক্দর্শনৰ দায়িত্ব আমাৰ বিদ্বৎ সমাজৰ৷ ষি কাম গৱেষণা আৰু পর্যবেক্ষণৰ পৰা সাধন হয়৷ জ্ঞানগর্ভ কথাৰ মূল্য কম৷ আমাৰ ৰাজ্যত গৱেষণা আৰু পর্যবেক্ষণ পর্বতত কাছ কণী বিচৰাসদৃশ৷ সমাজৰ বৃহৎ হিতৰ দায়িত্ব সবলসকলৰ হাততহে অধিক ন্যস্ত, এই কথা সাহিত্য সভাৰ দৰে অনুষ্ঠানে অনুধাৱন কৰা প্রয়োজনীয়৷
ল’ৰা–ছোৱালীয়ে মাতৃভাষাত চিন্তা কৰাটো স্বাভাৱিক৷ ইংৰাজীৰ ব্যৱহাৰিকতাৰ ওপৰত গুৰুত্ব দিব পৰা যায়৷ তথাপি মোৰ ধাৰণা মাধ্যমৰ ওপৰত একচেটিয়া গুৰুত্ব অপ্রয়োজনীয়৷ বিজ্ঞান আৰু অংক মূলতঃ ধাৰণা গঠন প্রক্রিয়া৷ ধাৰণা গঠনত ভাষাৰ প্রভাৱ একচেটিয়া নহয়৷
‘I Hear And I Forget. I See And I Remember. I Do And I Understand.’
‘মই শুনো আৰু পাহৰোঁ৷ মই দেখোঁ আৰু মনত থাকে৷ মই কৰোঁ আৰু বুজি উঠোঁ৷’ এয়া শিশু শিক্ষাৰেই নহয়, প্রাপ্তবয়স্কৰ শিক্ষাৰো সুপ্রতিষ্ঠিত প্রবাদবাক্য৷ ১৯৬৭ চনৰ ইউনেস্কোৰদ্বাৰা প্রকাশিত শিক্ষা প্রদান নীতিত প্রথম উল্লিখিত৷ শিক্ষাবিদ ডেভিদ ক (David Kolb) ১৯৮৪ চনত প্রস্তুত কৰি উলিওৱা ‘অভিজ্ঞতা–ধর্মী শিক্ষা আহৰণ তত্ত্ব’(Experiential Learning Theory –ELT)ৰ ই মূল নীতি৷ এই তাত্ত্বিক আর্হিটো আজি বিশ্বত সুপ্রতিষ্ঠিত এক শিক্ষা আহৰণৰ আর্হি৷
ভাষা আৰু চিন্তা দুটা সুকীয়া বুলি বিজ্ঞানীসকলৰ মাজত সন্মতি আছে৷ ভাষাটোৱে আমাৰ চিন্তা বা নতুন বিশ্ব–দর্শনৰ সৈতে পৰিচিত হোৱাত বাধা আৰোপ নকৰে৷ মগজুৰ চিন্তাৰ সৈতে জডিত একাধিক অংশক ভাষাই প্রভাৱিত নকৰে আৰু ভাষা অবিহনেও চিন্তা সম্ভৱ(dol: 10.1111/nyas.13046)৷ এনে একাধিক ভাষা আছে, য’ত দুটা ৰং (উদাহৰণ, সেউজীয়া আৰু নীলা) বুজাবলৈ এটাই শব্দ৷ তাৰ অর্থ এইটো নহয় যে সেই ভাষা–ভাষী লোকসকলে সেউজীয়া আৰু নীলাৰ পার্থক্য নুবুজে৷
কিন্তু ভাষাই আমাৰ সামগ্রিক বোধ আৰু অভিজ্ঞতাৰ কেতবোৰ বিশেষ দিশ সম্পর্কে অধিক মনোযোগ আকর্ষণ কৰে৷Sapir–Whorf hypothesis অনুসৰি ভাষাই চিন্তা কিছু পৰিমাণে হ’লেও প্রভাৱিত কৰিব পাৰে, কিন্তু এই তত্ত্ব সুপ্রতিষ্ঠিত নহয়৷ এইক্ষেত্রত ভাষাৰ সৈতে সমাজ–সংস্কৃতিৰ প্রভাৱো আছে, যি দুটা অবিচ্ছেদ্যভাৱে ইটোৰ সৈতে সিটো জডিত৷
আনহাতে অধিক একমত থকাThe language of thought hypothesis (LOTH) অনুসৰি সামাজিক ভাষা চিন্তাৰ বাবে প্রয়োজনীয় নহয়, কাৰণ ব্যক্তিগত চিন্তা একধৰণৰ মানসিক ভাষাৰ জৰিয়তেহে হয়৷ কিন্তু এই সম্ভাৱনা স্বীকাৰ কৰা হয় যে যেতিয়া চিন্তা ভাষাৰ সৈতে সংপৃক্ত হৈ পৰে, তেতিয়া পূর্বানুৰাগ, বিষয়বস্তুৰ গুৰুত্ব তথা সুৰ বা পিছলৈ মনত কি থাকে ইত্যাদিৰ ক্ষেত্রত মূল চিন্তা দ্বিধাবিভক্ত হ’ব পাৰে৷ ভাষা হৈছে এজনৰ পৰা আন এজনলৈ চিন্তা প্রবাহিত কৰাৰ মাধ্যম৷ আনহাতে ভাষাৰ মাধ্যমেৰে যি তথ্য মনলৈ প্রবাহিত হয়, সেয়াই মনত নতুন চিন্তাৰ উদ্রেক কৰে, যি হয়তো এটা নতুন দৃষ্টিকোণ দিয়ে আৰু আমাৰ ব্যৱহাৰত পৰিৱর্তন আনে৷
আকর্ষণীয় যে দ্বিভাষিকবা বহুভাষিক ব্যক্তিয়ে পৃথিৱীখন সুকীয়াকৈ দেখে৷ পৰিঘটনা এটা সম্পর্কে তেওঁলোকৰ একাধিক দৃষ্টিকোণ স্বাভাৱিকতে আহে৷ তেওঁলোকে বিপৰীত পক্ষৰ যুক্তি–তর্ক বা দৃষ্টিকোণ সমানে বুজি পায়৷ দ্বিভাষিক হ’ব পৰাটো এটা সুন্দৰ জীৱন অভিজ্ঞতা৷
উপৰুৱাকৈ আহৰণ কৰা চিন্তা, ধাৰণাৰ গঠন আৰু ভাষা সম্পর্কীয় সামান্য চর্চাৰ পৰা ইমানেই বুজিছোঁ যে শিক্ষা আহৰণত আনুষ্ঠানিক ভাষাটোৱেই একমাত্র বিবেচনা নহয়৷‘I Hear And I Forget. I See And I Remember. I Do And I Understand’ এই প্রবাদ বাক্যৰ সম্পূর্ণ প্রয়োগ শিক্ষা ব্যৱস্থাত হ’ব লাগিব৷ তেতিয়া মাধ্যম সম্পর্কীয় বিবাদ কিছু পৰিমাণে গৌণ হৈ পৰিব, কাৰ Experiential Learning Theory পূর্ণ প্রয়োগ হ’বলৈ হ’লে আমাৰ শিক্ষক, শিক্ষার্থী আৰু শিক্ষাবিদসকল অতি ব্যস্ত হৈ পৰিব লাগিব৷ মাধ্যমৰ ওপৰত অত্যধিক গুৰুত্ব ভাটৌ–বিদ্যাৰ নামান্তৰ হৈ পৰিব পাৰে৷
ভাষাৰ বিকাশ আৰু সৌষ্ঠৱ বৃদ্ধিৰ কাৰণে ভাষাটোৰ সৃষ্টিশীল প্রয়োগ হ’ব লাগিব৷ অংক আৰু বিজ্ঞান ধাৰণা আহৰণত ভাষা প্রাথমিক নহয়৷ অংক আৰু বিজ্ঞান পাঠ্যপুথি কি ভাষাত সেয়া জাতি এটাৰ বিকাশ আৰু সৌষ্ঠৱ বৃদ্ধিৰ নির্ণায়ক নহয়৷ সেয়ে হ’লেও এইক্ষেত্রত মই মোৰ সংশয় স্পষ্টভাৱে ব্যক্ত কৰিছোঁ৷ চৰকাৰী পৰামর্শদাতাৰ পৰা চৰকাৰে উপযুক্ত পৰামর্শ দাবী কৰিব লাগিব৷ মই বিতর্কটোৰ আলম লৈ কিছু চিন্তা প্রস্তুত কৰিলোঁ৷ চৰকাৰ এখনৰ সর্বসাধাৰণৰ আকাংক্ষাৰ প্রতি দায়বদ্ধতা আৰু ভাষা ৰক্ষাৰ দায়িত্ব কাৰ এই প্রশ্ণৰ পৰা চিন্তা আৰু ধ্যান–ধাৰণাৰ সৈতে ভাষাৰ সম্পর্ক, এইবোৰ ইমান গভীৰ দার্শনিক আৰু বৈজ্ঞানিক বিষয় যে মই কেৱল দৃষ্টি আকর্ষণহে কৰিব পাৰোঁ৷