নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গ্রীষ্ম কালত হোৱা ছালৰ খজুৱতি

আপুনি বাৰু সঘনাই চর্দি–জ্বৰ, পানী–লগা, অলপ ধোঁৱা–ধূলিৰ সংস্পর্শত আহিলেই উশাহৰ কষ্ট অনুভৱ কৰা, সঘনাই ছাল ৰঙা পৰি খজুৱতি উঠা, চকু ৰঙা পৰা আদি সমস্যাত ভুগি আছে নেকি? যদি তেনে হৈছে, তেন্তে আপুনি বাৰু কেতিয়াবা আপোনৰ IgE-ৰ পৰীক্ষা কৰি চাইছেনে? হয়, এই ধৰণৰ সমস্যাৰ প্রধান কাৰণ হ’ পাৰে আপোনাৰ এলার্জী –আমাৰ ৰোগ প্রতিৰোধ ক্ষমতাৰ এক বিকৃত স্বৰূপ৷
ঈশ্বৰৰ অনন্য উপহাৰ স্বৰূপ আমাৰ এই শৰীৰটো সূচাৰুৰূপে চলি থাক্বিলৈ আমাৰ শৰীৰত অহৰহ কিছুমান প্রক্রিয়া চলি থাকে৷ তেনে এক প্রক্রিয়া হ’ল আমাৰ ৰোগ প্রতিৰোধ ক্ষমতা৷ শৰীৰৰ াহিৰৰ পৰা অহা অলাগতিয়াল পদার্থই যাতে আমাৰ শৰীৰৰ ক্ষতি সাধন কৰিব নোৱাৰে, তাৰ াবে আমাৰ শৰীৰত আমাক ৰক্ষা কৰিবলৈ কিছুমান সৈনিক থাকে, যাক এণ্ট্বিডী লি জনা যায়৷ বিপৰীতে, বাহিৰৰ পৰা অহা অলাগতিয়াল পদার্থবোৰক এণ্টিজেন লি কোৱা হয়৷ এণ্টিজেন শৰীৰত প্রৱেশ কৰিলে এণ্ট্বিডীবোৰে আক্রমণ কৰে৷ ই ৰোগ প্রতিৰোধ কৰাৰ বাবে শৰীৰৰ নিজৰ প্রথম প্রয়াস আৰু ই অতি প্রয়োজনীয়৷ কিন্তু এষাৰ কথা আছে যে কোনো স্তুৰে অতিমাত্রা ভাল নহয়৷ ঠিক তেনেদৰেই আমাৰ শৰীৰৰ প্রতিৰোধ ক্ষমতাৰ বিকৃতিৰ ফলত আমাৰ শৰীৰৰ  বাবে নির্মিত প্রতিৰোধ ক্ষমতাই অত্যধিক মাত্রাত এণ্ট্বিডী–এণ্টিজেন বিক্রিয়া কৰি ওলোটাই শৰীৰৰ ওপৰত পার্শ্ব ক্রিয়া কৰে৷ ৰোগ প্রতিৰোধ ক্ষমতাৰ এই অলাগতিয়াল উত্তেজনাক চিকিৎসা বিজ্ঞানৰ ভাষাত ‘হাইপাৰ ছেনছিটিভ ৰিয়েকচন’ বা অতিসংবেদনশীলতা লি কোৱা হয়৷ আধুনিক চিকিৎসাত এই ৰিয়েকচন নাশ কৰিবলৈ এণ্টি–এলার্জিক অর্থাৎ এণ্টি–হিষ্টামিনিক ঔষধ সেৱন কৰি সাময়িকভাৱে এলার্জীৰ সমস্যাক সাময়িকভাৱে কমাই ৰাখ্বি পাৰি যদিও ইয়াৰ জৰিয়তে সম্পূর্ণৰূপে চিৰস্থায়ীভাৱে আৰোগ্য লাভ নহয়৷ বহু দিনলৈ এই ঔষধৰ সেৱনে শৰীৰৰ ৰোগ প্রতিৰোধ ক্ষমতা সমূলে নাশ কৰিবও পাৰে৷ সেয়েহে হু দিনলৈ ইয়াৰ ৱহাৰ গ্রহণযোগ্য নহয়৷ তাৰ বিপৰীতে আয়ুর্বেদিক বিজ্ঞানৰ কিছুমান ঔষধি দ্রব্যৰ ৱহাৰৰ দ্বাৰা ৰোগ প্রতিৰোধ ক্ষমতা নাশ নকৰি ইয়াৰ প্রকৃত অৱস্থালৈ ঘূৰাই আনি এই এলার্জীৰ সমস্যাৰ চিৰস্থায়ী সমাধান পাব পাৰি৷ এলার্জীৰ বাবে মুখ্য উত্তেজক এলার্জেন allergen)সমূহ হ’ল–
ধূলি, বালি,

  • এলান্ধু,
  • ঠাণ্ডা, গৰম
  • ঋতু পৰিৱর্তন,
  • খাদ্য্বস্তু, যেনে– বেঙেনা, কচু, উৰহী, শামুক, মাছ, সাগৰীয় খাদ্য, আইচক্রীম, ফাষ্টফুড, ক’ল্ড ডিংক,
  • ফুলৰ ৰেণু pollen),
  • কিছুমান গছৰ শুং,
  • কীট–পতংগৰ শুং া কামোৰণি যেনে– পৰুৱা–মহৰ কামোৰ মৌ বা ৰলৰ শুং,
  • পোহনীয়া জীৱ–জন্তুৰ নোম
  • ঔষধ (যেনে–ibuprofen, sulfa drug, penicillin) ইত্যাদিয়েই প্রধান৷

এইallergic reaction নির্ভৰ কৰে মানুহজনৰ শৰীৰৰ ৰোগ প্রতিৰোধী ক্ষমতাৰ ওপৰত আৰু বেছিভাগ ক্ষেত্রতে এইটো অনুমান কৰিব পৰা নাযায়৷
যেতিয়া আমাৰ তেজত থকা এণ্ট্বিডীয়ে কোনো এটা এণ্টিজেন বা এলার্জেন চিনাক্ত কৰে আৰু তাক আক্রমণ কৰে, সেই এণ্ট্বিডীবিলাকে কিছুমানchemical বা ৰাসায়নিক পদার্থ ক্ষৰণ কৰে যাকmediator লি কোৱা হয়৷ সাধাৰণতে allergic reaction-ৰ সময়ত আমাৰ শৰীৰৰmast cell বিলাক উত্তেজিত হয় আৰু এইmast cell বিলাকৰ পৰাই এণ্ট্বিডী নির্গত হয়৷ এইmast cell বিলাক সাধাৰণতে ছাল, খাদ্যনলী আৰু শ্বাস–প্রশ্বাস তন্ত্রত বেছিকৈ থাকে৷ সেয়েহে এলার্জীৰ লক্ষণসমূহ এই অংগসমূহত বেছিকৈ দেখা যায় ৷allergic reactionৰ সময়তmast cellত থকা এণ্ট্বিডীবিলাকে বিভিন্ন ৰাসায়নিক পদার্থ নির্গত কৰে৷ তাৰ ভিতৰত হিষ্টামিন প্রধান৷ অত্যধিক হিষ্টামিন নির্গত হোৱাৰ হোৱাৰ ফলত শৰীৰত এলার্জী উৎপন্ন হয় আৰু কেতিয়াবা অতি বেছি এলার্জী হৈ মানুহৰ শ্বাস–তন্ত্র আৰু হূদ–ক্রিয়া বন্ধ হৈ মৃত্যু পর্যন্ত হ’ পাৰে যাকanaphylaxis বুলি কোৱা হয়৷
এলার্জীৰ প্রভাৱ কম বা বেছি হোৱাটো নির্ভৰ কৰে মানুহজনৰ ৰোগ প্রতিৰোধ ক্ষমতাৰ ওপৰত আৰু বহু ক্ষেত্রত বংশগত হিচাপে ইয়াক দেখা যায়৷ আজিকালি আধুনিক খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ পৰিৱর্তনে এই ৰোগ দ্ধিত বিশেষভাৱে অৰিহণা যোগাইছে৷
এলার্জীৰ প্রধান লক্ষণসমূহ –
ছালত হোৱা লক্ষণঃ

  • ছাল বিজ–বিজোৱা বা খজুৱতি,
  • ৰঙা পৰা
  • ফুলি উঠা,
  • পানী–জোলা,
  • ছাল উখহি উঠা,মুখমণ্ডল, ডিঙি, চকুৰ পতা, ওঁঠ, জিভা ফুলি া উখহি উঠা, মূৰৰ বিষ ইত্যাদি৷

নাকত হোৱা লক্ষণঃ

  •  সঘনাই চর্দি লগা
  • নাকৰ ফুটা ন্ধ হৈ যোৱা,
  • নাকৰ পৰা পানী ওলোৱা Allergic rhinitis),
  • বাৰে–বাৰে হঁাচিওৱা,
  •  ডিঙিৰ খিচখিচনি
  •  নাক আৰু ডিঙিৰ পৰা ডাঠ বিজলুৱা পদার্থ ওলোৱা ইত্যাদি৷
    চকুত হোৱা লক্ষণ ঃ
  • চকু ৰঙা পৰা,
  • খজুৱতি,
  •  চকুৰ পতা ফুলি যোৱা ইত্যাদি৷

পাকস্থলীত হোৱা লক্ষণ ঃ

  • পেটৰ বিষ,
  • বমি ভাব বা মি,
  •  পাতল পায়খানা,
  • তেজযুক্ত পায়খানা ইত্যাদি৷

হাঁওফাঁওত হোৱা লক্ষণ ঃ

  •  হাঁওফাঁওৰ পৰা সোঁ সোঁ শব্দ হোৱা,
  • দীঘল দীঘলকৈ উশাহ লোৱা,
  • শ্বাস কষ্ট,
  • চিকিৎসাৰ অভাৱত মৃত্যু পর্যন্ত হ’ পাৰে৷
    অন্য লক্ষণ
  • ভাগৰুৱা া অৱশতা,
  • মূৰ ঘূৰোৱা,
  • অজ্ঞাত হৈ যোৱা,
  •  গোটেই শৰীৰত ৰঙা চকলা–চকল দাগৰ লগতে খজুৱতি urticaria) ইত্যাদি৷

এলার্জেনৰ প্রকাৰ আৰু মানুহজনৰ ৰোগ প্রতিৰোধী ক্ষমতা অনুযায়ী লক্ষণসমূহো ভিন ভিন হয়৷ উপৰিউক্ত লক্ষণসমূহৰ যিকোনো লক্ষণ দেখা দিলেই চিকিৎসকৰ ওচৰ চপা উচিত৷ কাৰণ Allergic reaction–এ খুব কম সময়ৰ ভিতৰতে ভয়ানক ৰূপ ল’ পাৰে৷
এলার্জীৰ বাবে পৰীক্ষাগাৰত কৰিবলগীয়া পৰীক্ষাঃ
তেজৰ সম্পূর্ণ কোষৰ সংখ্যা নির্ণয় Complete blood count)৷ এইটো পৰীক্ষাত তেজৰ ইওচিনোফিল নামৰ কোষৰ সংখ্যা বেছিকৈ ওলাব পাৰে৷
IgE বা ImmunoglobulinE এণ্ট্বিডীৰ পৰীক্ষাৰ সহায়ত মানুহজনৰ কি কি পদার্থৰ প্রতি এলার্জী আছে তাক পৰীক্ষা কৰা হয়৷
চিকিৎসাঃ আধুনিক চিকিৎসা ৱস্থাত এণ্টি–হিষ্টামিনিক, ষ্টেৰ’ইড ইত্যাদি ৱহাৰ কৰা হয় আৰু অতি ভয়াৱহAllergic reaction-ৰ ক্ষেত্রত এপিনেফ্রিন নামৰ ঔষধ injection) ৱহাৰ কৰা হয়৷ ইয়াৰ উপৰি এলার্জীৰ ফলত হোৱা বিভিন্ন লক্ষণ া জটিলতাৰ াবে সেই লক্ষণ া জটিলতা অনুযায়ী চিকিৎসা কৰা হয়৷
আয়ুর্বেদিক চিকিৎসা ঃ
(১) নিদান পৰিবর্জনঃ এলার্জেন বা  উত্তেজকৰ পৰা আঁতৰি থকা– যি কাৰকৰ পৰা এলার্জীৰ সৃষ্টি হয় সেই কাৰকৰ পৰা আঁতৰি থকাই একমাত্র প্রতিৰোধ আৰু আটাইতকৈ ফলপ্রসূ চিকিৎসা৷ ক্তি বিশেষে এই এলার্জেনসমূহ বেলেগ বেলেগ হ’ পাৰে৷
(২) শোধন ঃ এনে বেমাৰত বিশেষভাৱে বিৰেচন কর্মৰ দ্বাৰা কোষ্ঠ শোধন কৰি, শৰীৰৰ পৰা অলাগতিয়াল পদার্থসমূহ নির্গত কৰি পেলোৱাৰ কথা আয়ুর্বেদত পোন প্রথমে উল্লেখ আছে৷ আয়ুর্বেদ চিকিৎসাৰ প্রথম খোজেই হ’ল শৰীৰৰ শোধন৷
(৩) আয়ুর্বেদিক ঔষধি ঃ ৰোগ প্রতিৰোধ ক্ষমতা অনুকূল কৰিবলৈ বিভিন্ন ঔষধি ৱহাৰ হয়৷ ইয়াৰ প্রধান কিছুমান তলত উল্লেখ কৰা হ’ল– হালধি, গিলয়, তুলসী নিম আমলখি ডালচেনি মুলেথি,আদা, পিপ্পলি, বাসক তিতা, জালুক আদি৷
(৪) প্রাণায়াম ঃ এলার্জী বিশেষভাৱে শ্বাসতন্ত্রৰ লগত জডিত এটি ৰোগ, শ্বাস কষ্ট ইয়াৰ এটা প্রধান সমস্যা৷ তেনে ক্ষেত্রত নিতৌ প্রাণায়ামে এই সমস্যা দূৰ কৰাত আৰু ৰোগীক সুস্থ কৰাত হু সহায় কৰে৷
আয়ুর্বেদ চিকিৎসাত এই সমস্যাটোৰ প্রতিৰোধ তথা ইয়াৰ লক্ষণ আৰু জটিলতা অনুযায়ী বিভিন্ন চমকপ্রদ ঔষধিৰ ৱহাৰৰ উল্লেখ আছে৷ ইয়াৰ বিষয়ে আৰু জনিবলৈ অর্হতাসম্পন্ন আয়ুর্বেদিক চিকিৎসকৰ ওচৰ চাপক৷

এলার্জীৰ পৰা আঁতৰি থাক্বিলৈ কিছু ঘৰুৱা দিহা ঃ

  • খোৱাৰ াবে কুহুমীয়া গৰম পানীৰ ৱহাৰ
  • ৰাতিপুৱা ভাগত নিতৌ ৬–৭টা তুলসী পাত মোহাৰি সেৱন কৰিব৷
  •  নিতৌ হালধি মিশ্রিত গাখীৰৰ সেৱন, গাখীৰ পৰা এলার্জী থাকিলে কুহুমীয়া গৰম পানীৰেও সেৱন কৰি পাৰিব৷
  •  হালধি চূর্ণ+ ত্রিকতু চূর্ণ/পিপ্পলী চূর্ণ+ খাঁটি মৌ মিহলাই খালে এলার্জীৰ পৰা উপশম পোৱা যায়
  • গিলয়ৰ গা গছৰ এটা টুকুৰা অলপ পিহি আধা গিলাচ পানীত ৰাতি ডুবাই ৰাখি ৰাতিপুৱালৈ সেইখিনি মোহাৰি পানীখিনি চেকি লৈ সেৱন কৰিব লাগে৷ গিলয়ে আমাৰ ৰোগ প্রতিৰোধ ক্ষমতা সন্তুলিত কৰি ৰখাত সহায় কৰে৷

 

ডাঃ দুলুমণি কলিতা, আয়ুর্বেদিক মেডিচিন বিশেষজ্ঞ
ফোনঃ ৮৬৩৮৭–৪৯৪৯৪

You might also like