এৰাগছ বৰগছ
🔹 ড০ পার্থসাৰথি মহন্ত
এৰাগছ৷ এজোপা কোমল আৰু সৰু জোপোহা গছ৷ বৰ বেছি ওখ নহয়৷ অতি বেছি আঠ–দহ ফুটমান৷ এৰাগছৰ ৰস বিভিন্ন কামত আহে৷ কিন্তু অপৰিশোধিত ৰূপত অপকাৰো কৰে৷
বটগছ বা বৰগছ৷ এবিধ বৃহৎ আকাৰৰ বৃক্ষ৷ এক আদিমতম বৃক্ষ৷ বিশাল আয়তনৰ এই গছে ছাঁ আৰু আশ্রয় প্রদান কৰে৷ বটগছৰ ছাঁত হাট বহে, বজাৰ বহে, মেলা হয়, সভা হয়৷ মন্দিৰ হয়, পূজা হয়৷ হিন্দু, বৌদ্ধ, জৈন, শিখ এই সকলো ধর্মতে বটগছ পৱিত্র৷
এৰাগছ বৰগছ হ’ব নোৱাৰে৷ সেই গুণ, সেই মান এৰাগছৰ নায়েই৷ তথাপি এৰাগছৰ বটগছ হ’বলৈ মন যায়৷ কিছুমান এৰাগছেও বটগছৰ মান–মর্যাদা–প্রতিষ্ঠা বিচাৰে৷ উপায় কি?
আকবৰে বীৰবলক এডাল আঁচ টানি আঁচডাল নোমোহোৰাকৈ চুটি কৰিবলৈ দিছিল৷ বীৰবলে কি কৰিলে আমি সকলোৱে জানো৷ সেই আঁচডালৰ কাষত এডাল দীঘল আঁচ টানি দিলে৷ বিষয় এটা মোকাবিলা কৰাৰ কি এক ভীষণ ইতিবাচক পন্থা৷ প্রতিযোগিতাত অৱতীর্ণ হোৱাৰ কি এক সকাৰাত্মক মানসিকতা৷
কিন্তু বটগছ হ’বলৈ ওলোৱা কিছুমান এৰাগছে কি কৰে! ডাঙৰ হ’ব নোৱাৰি সৰুক কাষ চপাই লয়, যাতে নিজক ডাঙৰ লাগে৷ মানে বীৰবলৰ ওলোটা৷
এক অদ্ভুত মানসিকতা৷ এক অদ্ভুত প্রপঞ্চ৷ এনেকুৱা লোক আছে যি জানি–শুনি নিজতকৈ কম বিদ্যা–বুদ্ধিৰ মানুহৰ লগত থাকে৷ তেনে মানুহক সংগী কৰি লয়৷ তেনে মানুহেৰেই পৰিৱেষ্টিত হৈয়ে থাকে৷ আমি সাধাৰণতে গুণী–মানী–বিদ্বান–মেধাৱী লোকৰ সান্নিধ্য বিচাৰোঁ৷ এয়া সাধাৰণ মানুহৰ স্বভাৱজাত প্রবৃত্তি৷ ‘এৰাগছ মানুহ’খিনিৰ মানসিকতা সুকীয়া৷ তেওঁলোকে বৌদ্ধিকভাৱে নিজতকৈ উচ্চ খাপৰ লোকক হয় আঁতৰাই ৰাখে, নহয় নিজে আঁতৰি থাকে৷ কিয়?
শ্রেষ্ঠত্বৰ আকাংক্ষা৷ প্রায় প্রতিজন মানুহৰ মনত অন্তর্নিহিত হৈ থাকে৷ প্রত্যেকেই শ্রেষ্ঠ হ’ব বিচাৰে৷ মানুহৰ এক সহজাত ইচ্ছা৷ লগতে বৈধতা বিচাৰে৷ শ্রেষ্ঠত্বৰ বৈধতা৷ আনে মানিব লাগিব তেৱেঁই শ্রেষ্ঠ৷ বটগছেতো নামানিব৷ মনা গছ বিচাৰিব লাগিব৷ ঘাঁহ–বন বা নহ’লে কিবা জোপোহা–চোপোহা৷ এই কম বুদ্ধিমত্তাৰ মানুহখিনিৰ স’তেহে যিহেতু পাব পাৰি শ্রেষ্ঠত্বৰ অনুভূতি, সেয়ে হওক৷ তেনেকৈয়ে বৃদ্ধি হওক আত্মসন্মান৷ কাৰণ নিজে আঁকি লোৱা সেই সামাজিক বৃত্তত নিজতকৈ ওখ গছ নাই৷ এৰাগছেই বটগছ৷
এৰাগছে প্রতিযোগিতালৈ ভয় কৰে৷ সেই কাৰণে প্রতিযোগিতা নিবিচাৰে৷ প্রতিযোগিতা এৰাই চলে৷ সামাজিক গতি বিজ্ঞানত প্রতিযোগিতা মুক্ত, প্রতিখন ক্ষেত্রত৷ সমাজৰ চকুত প্রত্যেকেই প্রতিযোগী৷ এৰাগছো, বৰগছো৷ এৰাগছে জানে প্রতিযোগিতাত জিকিবলৈ হ’লে প্রতিযোগিতাৰ ক্ষেত্রখন বৰগছৰ পৰা নিলগাই ৰাখিব লাগিব৷ নতুবা বৰগছক ক্ষেত্রখনৰ পৰা নিলগাই থ’ব লাগিব৷ এওঁলোকে এনে এক বলয় সৃষ্টি কৰে, য’ত তেওঁলোকৰ কোনো প্রতিদ্বন্দ্বী নাই৷ স্বাভাৱিকতে প্রতিযোগিতাও নাই৷ বটগছবিহীন এক স্বস্তিৰ বলয়৷
স্বস্তিৰে থাকিবলৈ এওঁলোকে যি কৰিব লাগে তাকেই কৰিব৷ শক্তি–সামর্থ্য, দক্ষতা–নৈপুণ্যত নিজতকৈ নিম্নখাপৰ মানুহেৰে পৰিৱেষ্টিত হৈ থাকিবলৈ আৰু উচ্চখাপৰ মানুহখিনিক আঁতৰাই ৰাখিবলৈ যি ছল–চাতুৰী, কাৰচাজি কৰিব লাগে, তেওঁলোকে কৰিব৷ এনে ছল–কৌশল কৰাৰ তেওঁলোকৰ এটা সাংঘাতিক প্রৱণতা থাকে৷ তেওঁলোকে আনৰ দুর্বলতা বিচাৰি ফুৰে৷ নিজে নিৰাপত্তাহীনতাত ভোগে, কিন্তু আনৰ দুর্বলতাৰ সুযোগ ল’ব খোজে৷ অনবৰতে নিজৰ লগত থকা মানুহখিনিৰ দুর্বলতাক লৈয়ে তেওঁলোকে খেলে৷ কাৰণ এৰাগছ হৈয়েই তেওঁ বটগছৰ কর্তৃত্ব বিচাৰে৷
বটগছজোপা বহু দূৰৈৰ পৰাই চকুত পৰে৷ বহুযোজনৰ কেন্দ্রবিন্দু বটগছ৷ এৰাগছৰো চকুত পৰিবলৈ মন যায়৷ আকর্ষণৰ কেন্দ্র হ’বলৈ মন যায়৷ মনোযোগ পাবলৈ মন যায়৷ বটগছৰ উপস্থিতিত সেয়া সম্ভৱ নহয়৷ সেই আকর্ষণীয় ব্যক্তিত্ব এৰাগছৰ নাই৷ সেই সৌম্য ব্যক্তিত্ব নাই৷ সেই গাম্ভীর্যতা নাই৷ চকুত পৰিবলৈ হ’লে নিজতকৈ নিম্নমানৰ লগত থকাৰ বাহিৰে এৰাগছৰ একো গত্যন্তৰ নাই৷ স্বীকৃতি যদি লাগে সেয়াই স্বীকৃতি পোৱাৰ উপায়৷
এৰাগছ আৰু ‘এৰাগছ মানুহৰ’ এটা পার্থক্য আছে৷ মানসিকতাত৷ ভয়ংকৰ পার্থক্য৷ তেওঁলোকে জ্ঞান–বিদ্যাত নিজতকৈ উচ্চখাপৰ লোকসকলক ক্ষতি কৰিবলৈ চেষ্টা কৰি থাকে৷ কেতিয়াবা তলে তলে, কেতিয়াবা খোলাখুলিকৈ৷ অৱমূল্যায়ন কৰি তেওঁলোকে বিদ্বান লোকৰ আত্মসন্মান, আত্মপ্রত্যয় ধ্বংস কৰি দিব খোজে৷ তেওঁলোকক তুচ্ছ–তাচ্ছিল্য কৰি, তেওঁলোকক অৱজ্ঞা কৰি ‘এৰাগছ মানৱে’ পাব খোজে শ্রেষ্ঠত্বৰ অনুভূতি৷
আৰু যদি সেয়া সম্ভৱ নহয় এৰাগছ মানৱে নিজতকৈ গুণী–জ্ঞানীসকলক যেনেতেনে ছল–চাতুৰী কৰি সামাজিক কাম–কাজৰ পৰা আঁতৰাই ৰাখে৷ সামাজিক আলোচনা–বিলোচনাত এওঁলোক থকা মানেই এৰাগছ ম্লান পৰা৷ তেনে লোকৰ উপস্থিতিয়ে এওঁলোকক নিষ্প্রভ কৰি পেলাব৷ যি সামাজিক প্রতিষ্ঠা এৰাগছে পাইছোঁ বুলি ভাবিছে বা পাব খুজিছে সেয়া ধ্বংস হৈ যাব৷ ৰোধ কৰাৰ উপায়– বিদ্বান লোকক সমাজৰ পৰা বিচ্ছিন্ন কৰি দিয়া৷
এনেধৰণৰ কাৰচাজিৰে এৰাগছ মানৱে ধ্বংস কৰি দিয়ে গুণী–জ্ঞানীৰ আত্মবিশ্বাস৷ তেওঁলোকৰ নিজৰ ওপৰতে সন্দেহ ওপজে, হতাশা হয়৷ বিমর্ষ হয়৷ আৰু এটা সময়ত নিজেই আঁতৰি যায় এৰাগছ সমাজৰ পৰা৷
ছাঁ, আশ্রয়, জ্ঞান, শান্তি বিচাৰি আমি পিছে বটগছৰ তললৈহে যাওঁ৷ দুর্যোগত এৰাগছৰ নিজৰেই থৰকাছুটি হেৰায়৷ আনক কি চাব!
ফোন : ৯৪৩৫০–৪৮৪৮০