নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লুকাই থকা মহাসাগৰ

পৃথিৱীৰ বুকুত এতিয়াও এনে ৰহস্য ঘনীভূত হৈ আছে, যিবোৰ আৱিষ্কাৰ কৰিব পৰা নাই বিজ্ঞানীসকলে৷ এই পৃথিৱী গ্রহৰ ভৱিষ্যতক লৈ যেতিয়াই প্রশ্ণ উত্থাপন হৈছে তেতিয়াই পৃথিৱী সন্দর্ভত বিভিন্ন তথ্য পর্যালোচনা কৰিছে বিজ্ঞানীসকলে৷ শেহতীয়াকৈ এক তথ্য পোহৰলৈ অহাৰ লগে লগে বিশ্বজুৰি সৃষ্টি হৈছে কৌতূহল৷ পৃথিৱীৰ গভীৰত লুকাই আছে এক সুবিশাল মহাসমুদ্র৷ পৃথিৱী পৃষ্ঠত থকা মহাসাগৰসমূহতকৈ তিনিগুণ বিশাল এই জল ভাণ্ডাৰ৷ শুনিবলৈ আচৰিত লাগিলেও বিজ্ঞানীসকলৰ এই নতুন দাবীক লৈ আৰম্ভ হৈছে চর্চা৷ কেইবাগৰাকীও গৱেষকে দাবী কৰিছে যে ভূপৃষ্ঠৰ তলত এই বিশাল জল ভাণ্ডাৰ আছে৷ অকল সেয়াই নহয়, নীলাভ পাথৰৰ ভিতৰত লুকাই আছে এই বিশাল মহাসাগৰ৷ বর্তমান পৃথিৱীত অন্যতম বৃহৎ সমস্যা হৈছে পানীৰ সংকট৷ বহুতেই দাবী কৰি আহিছে যে যদি তৃতীয় বিশ্বযুদ্ধ হয় তেন্তে সেয়া পানীৰ বাবেই হ’ব৷ বিশ্বৰ মুঠ জনসংখ্যাৰ প্রায় দুই তৃতীয়াংশ মানুহে প্রতিবছৰ কমপক্ষেও এমাহ প্রবল জলসংকটৰ সন্মুখীন হ’বলগীয়া হয়৷ এনে পৰিস্থিতিত ভূগর্ভৰ তলত বিশাল সমুদ্রৰ সন্ধান পোৱাৰ দাবীয়ে নিঃসন্দেহে কৌতূহল সৃষ্টি কৰিছে বিভিন্ন মহলৰ মাজত৷ এই সমুদ্রৰ পানী কিমান ব্যৱহাৰযোগ্য তাক লৈও আৰম্ভ হৈছে আলোচনা৷ আমেৰিকাৰ ইভানছনৰ নর্থ ৱেষ্টার্ন বিশ্ববিদ্যালয়ৰ এদল গৱেষকে বিগত কেইবাবছৰ ধৰি এই বিশাল জল ভাণ্ডাৰৰ সন্ধান কৰিছিল৷ অৱশেষত তেওঁলোকে সাফল্য লাভ কৰা বুলি দাবী কৰিছে৷ গৱেষকসকলৰ দাবী অনুসৰি ভূপৃষ্ঠৰ প্রায় ৭০০ কিলোমিটাৰ তলত আছে এই সুবিশাল মহাসাগৰ৷ এই মহাসাগৰৰ আকাৰ–আয়তনক লৈও কৌতূহল সৃষ্টি হৈছে৷ গৱেষকসকলে দাবী কৰা অনুসৰি বিশ্বৰ সকলো মহাসাগৰৰ আয়তন যোগ কৰিলে যিমান হ’ব তাতকৈও তিনিগুণ আয়তন বেছি এই নতুন মহাসাগৰৰ৷ ৰিংউটাইট নামৰ এক নীলাভ পাথৰৰ ভিতৰত সোমাই আছে এই বিশাল মহাসাগৰ৷ নর্থ ৱেষ্টার্ন বিশ্ববিদ্যালয়ৰ এই গৱেষণাৰ নেতৃত্বত থকা বিজ্ঞানী ইভেন জেকবছেনে দাবী কৰা অনুসৰি পৃথিৱীৰ অধিক জলভাগ আহে ভূপৃষ্ঠৰ তলৰ পৰাই৷ বিজ্ঞানীগৰাকীয়ে দাবী কৰা অনুসৰি ৰিংউটাইট পাথৰটো স্পঞ্জৰ দৰে৷ এই পাথৰৰ জল ধাৰণ কৰাৰ ক্ষমতা যথেষ্ট বেছি৷
বিজ্ঞানীসকলে এই দাবীও কৰিছে যে ৰিংউটাইট পাথৰৰ গঠন অন্য পাথৰৰ সৈতে নিমিলে৷ অদ্ভুত এই গঠন প্রক্রিয়াৰ বাবে এই পাথৰৰ আছে অসাধাৰণ জলধাৰণ ক্ষমতা৷ এই পাথৰৰ কেলাছাকাৰ গঠন হৈছে অদ্ভুত ধৰণে৷ কেলাছাকাৰ গঠন হৈছে পাথৰৰ পৰমাণুৰ বিন্নাস৷ এই বিন্নাসেই হাইড্রজেনক আকর্ষণ কৰে৷ যাৰ ফলত অতিৰিক্ত পানী ধৰি ৰাখিব পাৰে ৰিংউটাইট পাথৰে৷ গৱেষকসকলে এই জলৰাশিৰ সন্ধান লাভৰ বাবে বিভিন্ন পৰীক্ষা চলাইছিল৷ মুঠ ২০০০টা ছিছোম’গ্রাফ ব্যৱহাৰ কৰিছিল বিজ্ঞানীসকলে৷ সমগ্র আমেৰিকাজুৰি এই ছিছোম’গ্রাফবোৰ ব্যৱহাৰ কৰা হৈছে৷ ছিছোম’গ্রাফ যন্ত্রবোৰৰ জৰিয়তে ৫০০টা ভূমিকম্পৰ তৰংগক পুংখানুপুংখভাৱে বিশ্লেষণ কৰিছে বিজ্ঞানীসকলে৷ গৱেষকসকলে দাবী কৰা অনুসৰি তৰংগবোৰ পৃথিৱীৰ আভ্যন্তৰীণ স্তৰৰ মাজেৰে যোৱাৰ সময়ত কিছু স্থানত তাৰ গতি কমি যায়৷ কিয় এই গতি কমি যায় তাৰ অনুসন্ধান কৰে বিজ্ঞানীসকলে৷ সেই অনুসন্ধান কৰিবলৈ গৈয়েই পৃথিৱীৰ গভীৰত থকা এই বিশাল জলভাণ্ডাৰৰ সন্ধান পায় বিজ্ঞানীসকলে৷ বিশ্বত কেনেদৰে সমুদ্রৰ সৃষ্টি হ’ল তাক লৈ বহু তত্ত্ব আছে৷ তাৰ ভিতৰত আটাইতকৈ বেছি আলোচিত তত্ত্বটো হৈছে ‘মেলটেড কমেটছ্ থিয়ৰী’৷ এই তত্ত্বত উল্লেখ কৰা হৈছে যে ভূপৃষ্ঠত যিবোৰ ধূমকেতু আহি পৰিছে সেই ধূমকেতুৰ বৰফ গলিয়েই সৃষ্টি হৈছে সমুদ্রৰ৷ কিন্তু ৰিংউটাইট পাথৰৰ ভিতৰত লুকাই থকা মহাসাগৰৰ সন্ধান পোৱাৰ লগে লগে ‘মেলটেড কমেটছ্ থিয়ৰী’ক লৈ বিভিন্ন প্রশ্ণ উত্থাপন হৈছিল৷ গৱেষকসকলে দাবী কৰিছে যে পৃথিৱীৰ সকলো সমুদ্রৰ জলৰ উৎসই হৈছে এই লুকাই থকা বিশাল মহাসাগৰ৷ দাবী কৰা হৈছে যে পৃথিৱীয়ে নিজৰ গর্ভতেই জলধাৰণ কৰি ৰাখিছিল৷ সেই লুকাই থকা জলভাণ্ডাৰৰ সন্ধান পোৱা গৈছে এতিয়া৷ বিজ্ঞানীসকলে দাবী কৰা অনুসৰি যি নতুন সুবিশাল মহাসাগৰৰ সন্ধান পোৱা গৈছে সেয়া যদি কোনো কাৰণত ভূ–পৃষ্ঠৰ ওপৰলৈ উঠি আহে তেন্তে পৃথিৱী উটি যাব৷ এভাৰেষ্টসহ পৃথিৱীৰ কেইবাটাও অঞ্চল পানীৰ ওপৰত থাকিব যদিও কোনো এখন দেশৰ অস্তিত্ব নাথাকিব এই বিশাল মহাসাগৰৰ বাবে৷ এই নতুন আৱিষ্কাৰে এতিয়া বিশ্বজুৰি সৃষ্টি কৰিছে আলোড়ন৷

You might also like